--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ যেন বলে নোৱৰা শিলক পৰি নমস্কাৰ কৰাৰ নীতি লৈছে নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰেই। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিবিৰ নেতা নৱাব মালিকে তেওঁ ইটোৰ পাছত সিটো গুৰুতৰ অভিযোগেৰে এতিয়া বিপৰ্যস্ত কৰি তুলিছে। নৱাব মালিকৰ নিৰন্তৰ আক্ৰমণৰ বাবেই তেওঁ আঁতৰিবলগীয়া হৈছে মুম্বাইৰ বহুচৰ্চিত কৰ্ডেলিয়া ড্ৰাগছ কাণ্ডৰ তদন্তৰ পৰাও। তেওঁৰ পাৰিবাৰিক জীৱনৰ পৰা আৰম্ভ কৰি সাম্প্ৰদায়িক পৰিচয় পৰ্যন্ত সকলো সাঙুৰি কৰা আক্ৰমণেৰে তেওঁক ব্যতিব্যস্ত কৰি তুলিছে নৱাব মালিকে। পিছে এইবাৰ মালিকক প্ৰত্যুত্তৰ দিয়াৰ বাবে নতুন কৌশল গ্ৰহণ কৰিছে সমীৰ ৱাংখেৰেই। এইবাৰ তেওঁ প্ৰত্যাক্ৰমণৰ বাবে লৈছে নতুন কৌশল।


‘ভাল কাম কৰিছে মৰমৰ বন্ধু…’ গুড ৱৰ্ক মাই ডিয়াৰ ফ্ৰেইণ্ড বুলি এইবাৰ কটাক্ষসূচকভাৱে আক্ৰমণ কৰাৰ কৌশল লৈছে সমীৰ ৱাংখেৰেই। ৱাংখেৰেই মালিকক উদ্দেশ্যি কয়, ‘এগৰাকী মহিলাৰ নাম অভিযোগেৰে সাঙুৰি ৰাজহুৱা কৰি ভাল কাম কৰিলে মৰমৰ বন্ধু। আমি যেতিয়া কোনো প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰোঁ তেতিয়াও আমি কোনো মহিলা অভিযুক্তৰ নাম তেওঁলোকৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ নকৰাকৈ থাকোঁ। দুটা শিশু সন্তান আৰু পৰিয়াল থকা এগৰাকী মহিলাৰ নাম এনেদৰে প্ৰকাশ কৰাটো সঠিক কথা হৈছেনে? এতিয়া নৱাব মালিকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছোঁ।’


উল্লেখ্য যে, সমীৰ ৱাংখেৰেৰ খুলশালীয়েক ড্ৰাগছৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ তুলিছিল নৱাব মালিকে। ২০০৮ চনৰ এটা গোচৰত হৰ্ষদা দীননাথ ৰেডকাৰৰ নাম ‘ৰেচপণ্ডেণ্ট আৰু অধিবক্তা’ হিচাপে পঞ্জীভূত হোৱাৰ কথা প্ৰমাণসহকাৰে দাঙি ধৰিছিল নৱাব মালিকে। ‘সমীৰ ডাউড ৱাংখেৰে, আপোনাৰ খুলশালী হৰ্ষদা দীননাথ ৰেডকাৰ ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল নেকি? আপুনি উত্তৰ দিবই লাগিব কাৰণ তেওঁৰ গোচৰ পুনেৰ এখন আদালতত চলি আছে।’ সমীৰ ৱাংখেৰেক উদ্দেশ্যি টুইট কৰি এনেদেৰ আক্ৰমণ কৰে নৱাব মাৱিকে। তাৰ উত্তৰত ৱাংখেৰেই কয় যে, ২০০৮চনত তেওঁ চাকৰিতেই নাছিল আৰু ক্ৰান্তি ৰেডকাৰক তেওঁ বিয়া পাতিছিল ২০১৭ চনতহে। ক্ৰান্তি ৰেডকাৰৰ ভগ্নী হৰ্ষদা ৰেডকাৰৰ বিৰুদ্ধেই ড্ৰাগছৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু হৈ থকাৰ কথা প্ৰকাশ কৰিছে নৱাব মালিকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক