--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ যেন বলে নোৱৰা শিলক পৰি নমস্কাৰ কৰাৰ নীতি লৈছে নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰেই। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিবিৰ নেতা নৱাব মালিকে তেওঁ ইটোৰ পাছত সিটো গুৰুতৰ অভিযোগেৰে এতিয়া বিপৰ্যস্ত কৰি তুলিছে। নৱাব মালিকৰ নিৰন্তৰ আক্ৰমণৰ বাবেই তেওঁ আঁতৰিবলগীয়া হৈছে মুম্বাইৰ বহুচৰ্চিত কৰ্ডেলিয়া ড্ৰাগছ কাণ্ডৰ তদন্তৰ পৰাও। তেওঁৰ পাৰিবাৰিক জীৱনৰ পৰা আৰম্ভ কৰি সাম্প্ৰদায়িক পৰিচয় পৰ্যন্ত সকলো সাঙুৰি কৰা আক্ৰমণেৰে তেওঁক ব্যতিব্যস্ত কৰি তুলিছে নৱাব মালিকে। পিছে এইবাৰ মালিকক প্ৰত্যুত্তৰ দিয়াৰ বাবে নতুন কৌশল গ্ৰহণ কৰিছে সমীৰ ৱাংখেৰেই। এইবাৰ তেওঁ প্ৰত্যাক্ৰমণৰ বাবে লৈছে নতুন কৌশল।


‘ভাল কাম কৰিছে মৰমৰ বন্ধু…’ গুড ৱৰ্ক মাই ডিয়াৰ ফ্ৰেইণ্ড বুলি এইবাৰ কটাক্ষসূচকভাৱে আক্ৰমণ কৰাৰ কৌশল লৈছে সমীৰ ৱাংখেৰেই। ৱাংখেৰেই মালিকক উদ্দেশ্যি কয়, ‘এগৰাকী মহিলাৰ নাম অভিযোগেৰে সাঙুৰি ৰাজহুৱা কৰি ভাল কাম কৰিলে মৰমৰ বন্ধু। আমি যেতিয়া কোনো প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰোঁ তেতিয়াও আমি কোনো মহিলা অভিযুক্তৰ নাম তেওঁলোকৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ নকৰাকৈ থাকোঁ। দুটা শিশু সন্তান আৰু পৰিয়াল থকা এগৰাকী মহিলাৰ নাম এনেদৰে প্ৰকাশ কৰাটো সঠিক কথা হৈছেনে? এতিয়া নৱাব মালিকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছোঁ।’


উল্লেখ্য যে, সমীৰ ৱাংখেৰেৰ খুলশালীয়েক ড্ৰাগছৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ তুলিছিল নৱাব মালিকে। ২০০৮ চনৰ এটা গোচৰত হৰ্ষদা দীননাথ ৰেডকাৰৰ নাম ‘ৰেচপণ্ডেণ্ট আৰু অধিবক্তা’ হিচাপে পঞ্জীভূত হোৱাৰ কথা প্ৰমাণসহকাৰে দাঙি ধৰিছিল নৱাব মালিকে। ‘সমীৰ ডাউড ৱাংখেৰে, আপোনাৰ খুলশালী হৰ্ষদা দীননাথ ৰেডকাৰ ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল নেকি? আপুনি উত্তৰ দিবই লাগিব কাৰণ তেওঁৰ গোচৰ পুনেৰ এখন আদালতত চলি আছে।’ সমীৰ ৱাংখেৰেক উদ্দেশ্যি টুইট কৰি এনেদেৰ আক্ৰমণ কৰে নৱাব মাৱিকে। তাৰ উত্তৰত ৱাংখেৰেই কয় যে, ২০০৮চনত তেওঁ চাকৰিতেই নাছিল আৰু ক্ৰান্তি ৰেডকাৰক তেওঁ বিয়া পাতিছিল ২০১৭ চনতহে। ক্ৰান্তি ৰেডকাৰৰ ভগ্নী হৰ্ষদা ৰেডকাৰৰ বিৰুদ্ধেই ড্ৰাগছৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু হৈ থকাৰ কথা প্ৰকাশ কৰিছে নৱাব মালিকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক