--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি কাটাৰত বিশ্বকাপ ফুটবলৰ চূড়ান্ত মহাৰণ। খেলপথাৰত অৱতীৰ্ণ হ’ব আৰ্জেণ্টিনা আৰু ফ্ৰান্স। লিঅনেল মেছিয়ে বিশ্বকাপৰ মঞ্চত 'লাষ্ট ডান্স'ৰ বাবে সাজু হৈছে । তেওঁ আৰ্জেণ্টিনাৰ জাৰ্চীত 'লাষ্ট ডান্স'ৰ বাবে সাজু বুলি লিখি লৈছে । 

তেওঁ কৈছে যে তেওঁ  ফুটবল জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলখনৰ বাবে প্ৰস্তুতি চলাই আছে। তেওঁ লিঅ’নেল মেছি। কাৰ কান্ধত এতিয়া সমস্যাৰ দ্বাৰা পীড়িত এখন দেশৰ প্ৰত্যাশা পূৰণ কৰাৰ গধুৰ দায়িত্ব আছে। তিনি দশকৰ অপেক্ষাৰ সমাপ্তিৰ বাবে সমগ্ৰ বিশ্বতে আৰ্জেণ্টিনাৰ অনুৰাগীসকলৰ বাবে অপেক্ষা কৰি থকা লিঅ'নেল  মেছিয়ে কয় যে তেওঁ সকলো প্ৰত্যাশা পূৰণ কৰিবলৈ সাজু।

ফিফা বিশ্বকাপ ফাইনেলত অংশগ্ৰহণ কৰা আৰ্জেণ্টিনাৰ অধিনায়কজনে চাৰিটা শব্দৰ ছ'চিয়েল মিডিয়া পোষ্ট এটা কৰিছে। সেই পোষ্টটোত কি লিখিছে তেওঁ ? মেছিয়ে তেওঁৰ ফেচবুক হেণ্ডেলত কৈছে, "মই ফাইনেলৰ বাবে সাজু"। আৰ্জেণ্টিনাৰ অধিনায়কজনে এইটো এটা কোম্পানীৰ বিজ্ঞাপনৰ বাবে   পোষ্ট কৰিছে। কিন্তু সমৰ্থকসকলে ক'বলৈ আৰম্ভ কৰিছে যে এইটো কেৱল এটা বিজ্ঞাপনৰ প্ৰচাৰেই নহয়। মেছিৰ মনৰ কথাও। তেওঁ বিপক্ষক সতৰ্ক কৰি দিয়াৰ বাবেই এনেদৰে লিখিছে। 

মেছিয়ে আগতে বহুবাৰ ৰাষ্ট্ৰীয় দলৰ জাৰ্চী পৰিধান কৰি বহু কেইখন বৃহৎ টুৰ্ণামেণ্টত খেলিছে।  কিন্তু লিঅ'ক কেতিয়াও ইমান আত্মবিশ্বাসী যেন লগা নাছিল । তেওঁৰ ফেচবুক পোষ্টটোৱে ফাইনেললৈ যোৱাৰ আগতে সেই বিশ্বাস প্ৰতিফলিত কৰিছে। মেছিয়ে বুজাই দিছে  যে তেওঁ  ফুটবল প্ৰিয়  লোকসকলৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সাজু,যিসকলে তেওঁৰ খেলত নতুন কলাৰ সন্ধান কৰে।   

ফলাফল যিয়েই নহওঁক, ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলত মেছিয়ে তেওঁৰ ১০০ শতাংশ  প্ৰতিভা উজাৰি দিব বুলি ধাৰণা কৰা হৈছে। সেইবাবেই হয়তো মেছিয়ে নিজেই ফেচবুক পোষ্টৰ জৰিয়তে কৈছেযে তেওঁ ফ্ৰান্স বিৰুদ্ধে যুঁজ দিবলৈ পুৰামাত্ৰাই   সাজু।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু