--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি কাটাৰত বিশ্বকাপ ফুটবলৰ চূড়ান্ত মহাৰণ। খেলপথাৰত অৱতীৰ্ণ হ’ব আৰ্জেণ্টিনা আৰু ফ্ৰান্স। লিঅনেল মেছিয়ে বিশ্বকাপৰ মঞ্চত 'লাষ্ট ডান্স'ৰ বাবে সাজু হৈছে । তেওঁ আৰ্জেণ্টিনাৰ জাৰ্চীত 'লাষ্ট ডান্স'ৰ বাবে সাজু বুলি লিখি লৈছে । 

তেওঁ কৈছে যে তেওঁ  ফুটবল জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলখনৰ বাবে প্ৰস্তুতি চলাই আছে। তেওঁ লিঅ’নেল মেছি। কাৰ কান্ধত এতিয়া সমস্যাৰ দ্বাৰা পীড়িত এখন দেশৰ প্ৰত্যাশা পূৰণ কৰাৰ গধুৰ দায়িত্ব আছে। তিনি দশকৰ অপেক্ষাৰ সমাপ্তিৰ বাবে সমগ্ৰ বিশ্বতে আৰ্জেণ্টিনাৰ অনুৰাগীসকলৰ বাবে অপেক্ষা কৰি থকা লিঅ'নেল  মেছিয়ে কয় যে তেওঁ সকলো প্ৰত্যাশা পূৰণ কৰিবলৈ সাজু।

ফিফা বিশ্বকাপ ফাইনেলত অংশগ্ৰহণ কৰা আৰ্জেণ্টিনাৰ অধিনায়কজনে চাৰিটা শব্দৰ ছ'চিয়েল মিডিয়া পোষ্ট এটা কৰিছে। সেই পোষ্টটোত কি লিখিছে তেওঁ ? মেছিয়ে তেওঁৰ ফেচবুক হেণ্ডেলত কৈছে, "মই ফাইনেলৰ বাবে সাজু"। আৰ্জেণ্টিনাৰ অধিনায়কজনে এইটো এটা কোম্পানীৰ বিজ্ঞাপনৰ বাবে   পোষ্ট কৰিছে। কিন্তু সমৰ্থকসকলে ক'বলৈ আৰম্ভ কৰিছে যে এইটো কেৱল এটা বিজ্ঞাপনৰ প্ৰচাৰেই নহয়। মেছিৰ মনৰ কথাও। তেওঁ বিপক্ষক সতৰ্ক কৰি দিয়াৰ বাবেই এনেদৰে লিখিছে। 

মেছিয়ে আগতে বহুবাৰ ৰাষ্ট্ৰীয় দলৰ জাৰ্চী পৰিধান কৰি বহু কেইখন বৃহৎ টুৰ্ণামেণ্টত খেলিছে।  কিন্তু লিঅ'ক কেতিয়াও ইমান আত্মবিশ্বাসী যেন লগা নাছিল । তেওঁৰ ফেচবুক পোষ্টটোৱে ফাইনেললৈ যোৱাৰ আগতে সেই বিশ্বাস প্ৰতিফলিত কৰিছে। মেছিয়ে বুজাই দিছে  যে তেওঁ  ফুটবল প্ৰিয়  লোকসকলৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সাজু,যিসকলে তেওঁৰ খেলত নতুন কলাৰ সন্ধান কৰে।   

ফলাফল যিয়েই নহওঁক, ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলত মেছিয়ে তেওঁৰ ১০০ শতাংশ  প্ৰতিভা উজাৰি দিব বুলি ধাৰণা কৰা হৈছে। সেইবাবেই হয়তো মেছিয়ে নিজেই ফেচবুক পোষ্টৰ জৰিয়তে কৈছেযে তেওঁ ফ্ৰান্স বিৰুদ্ধে যুঁজ দিবলৈ পুৰামাত্ৰাই   সাজু।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক