--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজয়েৰে বিশ্বকাপ কেৰিয়াৰ সামৰণি মাৰিলে লুকা মড্ৰিছে। ক্ৰ’ৱেছিয়াৰ এই তাৰকাগৰাকীয়ে শেষৰখন বিশ্বকাপৰ শেষ মেচখনত অৱতীৰ্ণ হৈ শেষ হাঁহি মাৰে।

কাটাৰ বিশ্বকাপৰ তৃতীয় স্থান দখলৰ বাবে আজি মৰক্কো আৰু ক্ৰ’ৱছিয়াৰ মাজত যুঁজ হয়। চেমিফাইনেইলত পৰাজীত দুয়োটা দলৰ মাজত হোৱা মেচখন অনুষ্ঠিত হয় খালিফা ইণ্টাৰনেচনেল ষ্টেডিয়ামত।

আন্তঃৰাষ্ট্ৰীয় ফুটবলত চমক সৃষ্টি কৰা দুয়োটা দলেই মেচখন নিজৰ হাতলৈ নিবলৈ আপ্ৰাণ চেষ্টা কৰে। মেচখনৰ আৰম্ভণিৰে পৰা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ৭ মিনিটত ক্ৰ’ৱেছিয়াৰ তাৰকা ডিফেণ্ডাৰ জ’স্ক’ গোভাৰডিঅ’লে এটা দূৰ্দান্ত হেডাৰেৰে মৰক্কোৰ গ’লকীপাৰ ব’ন’ক পৰাস্ত কৰে। ১-০ অগ্ৰগতি লাভ কৰে ক্ৰ’ৱেছিয়াই।

তাৰ দুই মিনিটৰ পাছতে মৰক্কোৰ হৈ আছ্ৰাফ ডাৰিয়ে গ’ল কৰে। ১-১ হৈ পৰে মেচখন।

কিন্তু প্ৰথমাৰ্ধৰ ৪২ মিনিটত ক্ৰ’ৱেশ্চিয়াৰ হৈ আনটো গ’ল কৰে মিছ্লাভ অ’ৰচিকে। অ’ৰচিকৰ এটা দূৰ্দান্ত গ’লেৰ ২-১ অগ্ৰগতি লাভ কৰে ক্ৰ’ৱেছিয়াই।

দ্বিতীয়াৰ্ধ গ’লশূণ্যভাৱে পাৰ হয়। মৰক্কোৱে কেইবাবাৰো সমতা স্থাপনৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। ফলস্বৰূপে ২-১ ব্যৱধানত জয়ী হয় ক্ৰ’ৱেশ্চিয়া।

মেচখনত সু্ন্দৰ প্ৰদৰ্শন আগবঢ়ায় ক্ৰ’ৱেশ্চিয়াৰ তাৰকা লুকা মড্ৰিছে। ২০১৮ চনৰ বিশ্বকাপত ৰাণাৰ্ছ আপ আৰু ২০২২ চনৰ বিশ্বকাপত তৃতীয়স্থান দখল- ক্ৰ’ৱেছিয়াৰ দৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলত বিশেষ নাম নথকা এখন দেশক এইদৰে নেতৃত্ব দিয়া মড্ৰিৰ নামত ফুটবলৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু