--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজয়েৰে বিশ্বকাপ কেৰিয়াৰ সামৰণি মাৰিলে লুকা মড্ৰিছে। ক্ৰ’ৱেছিয়াৰ এই তাৰকাগৰাকীয়ে শেষৰখন বিশ্বকাপৰ শেষ মেচখনত অৱতীৰ্ণ হৈ শেষ হাঁহি মাৰে।

কাটাৰ বিশ্বকাপৰ তৃতীয় স্থান দখলৰ বাবে আজি মৰক্কো আৰু ক্ৰ’ৱছিয়াৰ মাজত যুঁজ হয়। চেমিফাইনেইলত পৰাজীত দুয়োটা দলৰ মাজত হোৱা মেচখন অনুষ্ঠিত হয় খালিফা ইণ্টাৰনেচনেল ষ্টেডিয়ামত।

আন্তঃৰাষ্ট্ৰীয় ফুটবলত চমক সৃষ্টি কৰা দুয়োটা দলেই মেচখন নিজৰ হাতলৈ নিবলৈ আপ্ৰাণ চেষ্টা কৰে। মেচখনৰ আৰম্ভণিৰে পৰা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ৭ মিনিটত ক্ৰ’ৱেছিয়াৰ তাৰকা ডিফেণ্ডাৰ জ’স্ক’ গোভাৰডিঅ’লে এটা দূৰ্দান্ত হেডাৰেৰে মৰক্কোৰ গ’লকীপাৰ ব’ন’ক পৰাস্ত কৰে। ১-০ অগ্ৰগতি লাভ কৰে ক্ৰ’ৱেছিয়াই।

তাৰ দুই মিনিটৰ পাছতে মৰক্কোৰ হৈ আছ্ৰাফ ডাৰিয়ে গ’ল কৰে। ১-১ হৈ পৰে মেচখন।

কিন্তু প্ৰথমাৰ্ধৰ ৪২ মিনিটত ক্ৰ’ৱেশ্চিয়াৰ হৈ আনটো গ’ল কৰে মিছ্লাভ অ’ৰচিকে। অ’ৰচিকৰ এটা দূৰ্দান্ত গ’লেৰ ২-১ অগ্ৰগতি লাভ কৰে ক্ৰ’ৱেছিয়াই।

দ্বিতীয়াৰ্ধ গ’লশূণ্যভাৱে পাৰ হয়। মৰক্কোৱে কেইবাবাৰো সমতা স্থাপনৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। ফলস্বৰূপে ২-১ ব্যৱধানত জয়ী হয় ক্ৰ’ৱেশ্চিয়া।

মেচখনত সু্ন্দৰ প্ৰদৰ্শন আগবঢ়ায় ক্ৰ’ৱেশ্চিয়াৰ তাৰকা লুকা মড্ৰিছে। ২০১৮ চনৰ বিশ্বকাপত ৰাণাৰ্ছ আপ আৰু ২০২২ চনৰ বিশ্বকাপত তৃতীয়স্থান দখল- ক্ৰ’ৱেছিয়াৰ দৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলত বিশেষ নাম নথকা এখন দেশক এইদৰে নেতৃত্ব দিয়া মড্ৰিৰ নামত ফুটবলৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক