--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি পুৱা ৮ বজাৰ পৰা মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে৷ প্ৰাৰম্ভিক প্ৰৱণতাই মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু জোৰাম পিপলছ মুভমেণ্টৰ নেতৃত্বত শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰণ্টৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখুৱাইছে৷

অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া এইচ লিয়াঞ্জেলাই কৈছিল যে মিজোৰামৰ ১৩টা কেন্দ্ৰত গণনা অনুষ্ঠিত হৈ আছে। এই ১৩টা কেন্দ্ৰৰ ৪০খন বিধানসভা আসনৰ প্ৰতিটোৰ বাবে এটা গণনা গৃহ স্থাপন কৰা হৈছে বুলি তেওঁ কয়। 

মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানাৰ সৈতে দেওবাৰেই মিজোৰামৰো গণনা হোৱাৰ কথা আছিল। ৰাজনৈতিক দল, বেচৰকাৰী সংগঠন, গীৰ্জা আৰু ছাত্ৰ-ছাত্ৰীৰ সংস্থাৰ আবেদনৰ পাছত নিৰ্বাচন আয়োগে ইয়াক পিছুৱাই দিছিল৷ কিয়নো দেওবাৰে খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্য মিজোৰামৰ লোকসকলৰ বাবে এক বিশেষ গুৰুত্ব আছে।

মিজোৰামত মুঠ ৮.৫৭ লাখ ভোটাৰ আছে, যাৰ ভিতৰত ৮০.৬৬% ভোটাৰে ৭ নৱেম্বৰত ভোট দান কৰিছিল। ৰাজ্যখনৰ মুঠ ১০৫৮৫ জন ভোটাৰে ঘৰত ভোট দান কৰিছিল। মিজোৰামত শান্তিপূৰ্ণ ভোটদান হৈছিল, য’ত ৮০.৬৬% ভোটদান সম্পন্ন হৈছিল।

নিৰ্বাচনত চাৰি মুখ্য প্ৰতিদ্বন্দ্বীৰ মাজত হৈছে নিৰ্বাচনী ৰণ৷ শাসনাধিষ্ঠ মিজো নেচনেল ফ্ৰণ্ট, কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি আৰু জোৰাম পিপলছ মুভমেণ্টৰ মাজত হৈছে যুঁজ৷ কিন্তু বেছিভাগ এক্সিট পোল আৰু বিশেষজ্ঞই ভৱিষ্যদ্বাণী কৰিছে যে আঞ্চলিক দল এমএনএফ আৰু জেডপিএমৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব৷

২০১৮ত এম.এন.এফ.-এ ২৬খন আসন জিকি কংগ্ৰেছক ক্ষমতাৰ পৰা উৎখাত কৰিছিল। এবছৰ আগতে গঠন কৰা জেডপিএম নামৰ এটা নতুন আঞ্চলিক দলে ৮খন আসন লাভ কৰি আচৰিত ভাৱে দ্বিতীয় স্থান লাভ কৰিছিল, কংগ্ৰেছে ৫ খন আসন লাভ কৰি তৃতীয় স্থানলৈ অৱনমিত হৈছিল। বিজেপিয়ে খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যখনত একমাত্ৰ আসন জিকি আত্মপ্ৰকাশ কৰিছিল।

যদিও এমএনএফ, জেডপিএম আৰু কংগ্ৰেছে সকলো আসনতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তথাপি পাঁচ বছৰ পূৰ্বে ৩৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিয়ে ২৩জনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ