--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানত চৰম বিপৰ্যয়ৰ সন্মুখীন হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছ৷ দলীয় বিদ্ৰোহ-বিসম্বাদে জুৰুলা কৰা ৰাজস্থান কংগ্ৰেছে যেন নিজেই চপাই ল’লে পৰাজয়ৰ গ্লানি৷ ৰাজস্থানৰ নিৰ্বাচনত কংগ্ৰেছৰ ১৭জন কেবিনেট মন্ত্ৰীৰ ভিতৰত মাত্ৰ চাৰিজনহে জয়ী হৈছিল, যাৰ ভিতৰত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটো। 

গেহলটে এই ফলাফলক আচৰিত বুলি অভিহিত কৰি কয় যে তেওঁ আশা কৰিছিল যে দলটোৱে তেওঁৰ চৰকাৰৰ আঁচনিৰ আধাৰত জিকিব আৰু ৰাইজে বিজেপিক গণতন্ত্ৰ হত্যাৰ বাবে এটা শিকনি দিব৷ গেহলটে কয়, আমি ঐতিহাসিক আইন প্ৰস্তুত কৰিছিলোঁ আৰু এইবোৰ সমগ্ৰ দেশতে আলোচনা কৰা হৈছিল। আমাৰ এনে ধৰণৰ আশ্চৰ্যকৰ আঁচনি আছিল আৰু আশা কৰি আছিলোঁ যে এই আঁচনিসমূহৰ আধাৰত ভৱিষ্যতৰ বাবে আমাৰ প্ৰতিশ্ৰুতি আৰু আইনৰ আধাৰত আমি চৰকাৰ গঠন কৰিম। কিন্তু সেয়া নহ’ল। ইয়াৰ কাৰণবোৰ কি আছিল আমি চাম৷

ৰাজস্থানত কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছত চৰ্চালৈ আহিছে গৌৰৱ গগৈৰ প্ৰসংগ৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক ৰাজস্থানৰ নিৰ্বাচনত প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছিল৷ ৰাজস্থানৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সাংগঠনিক কাম-কাজ পৰ্যবেক্ষণ কৰিছিল গৌৰৱ গগৈয়ে৷ কিন্তু গৌৰৱ গগৈৰ ৰণনীতি যেন ক’ৰবাত বিফল হ’ল৷ দেওবাৰৰ ফলাফলে কাৰ্যতঃ সেয়াই প্ৰমাণ কৰিলে৷

আনহাতে, অশোক গেহলটৰ মতে মধ্য প্ৰদেশ আৰু ছত্তীশগড়তো দলটোৰ নিৰ্বাচনী পৰাজয়ৰ আঁৰত মেৰুকৰণ থাকিব পাৰে, কিয়নো কংগ্ৰেছে এই ৰাজ্যবোৰত একপক্ষীয় জয়ৰ দিশে আগবাঢ়িছিল কিন্তু পৰাজিত হৈছিল। ৰাজস্থানত তেওঁৰ উপৰি জয়ী হোৱা কেবিনেটৰ মাত্ৰ তিনিজন মন্ত্ৰী আছিল শান্তি ধাৰিৱাল, মহেন্দ্ৰজিৎ সিং মালৱীয় আৰু তিকাৰাম জুলি; পৰাজিত হোৱা হেভিৱেইটসকলৰ ভিতৰত আছিল মন্ত্ৰী বি ডি কাল্লা, ৰামলাল জাট, বিশ্বেন্দ্ৰ সিং, প্ৰতাপ সিং খাচাৰিয়াৱাছ, মমতা ভূপেশ, লগতে বিধানসভাৰ অধ্যক্ষ চি পি যোশী আৰু ওচিয়ান বিধায়ক দিব্যা মাদেৰনা। ইয়াৰ বিপৰীতে, পাঁচজন বৰ্তমানৰ ৰাজ্যিক মন্ত্ৰী জয়ী হৈছিল, আনহাতে চাৰিজন পৰাজিত হৈছিল।

ৰাজস্থানৰ নিৰ্বাচনত অগ্ৰাধিকাৰ নাপালে নতুন মুখৰ প্ৰাৰ্থীয়ে৷ আৰু নতুন মুখৰ অভাৱকো ৰাজ্যখনত কংগ্ৰেছৰ বিপৰ্যয়ৰ কাৰণ বুলি অভিহিত কৰিছে দেশৰ ৰাজনৈতিক বিশ্লেষকসকলে৷
কিন্তু এই দাবীক অস্বীকাৰ কৰিছে গেহলটে৷ গেহলচৰ মতে এনে দাবী মধ্য প্ৰদেশ বা ছত্তীশগড়ত নাছিল কিন্তু আমি তাতো নিৰ্বাচনত পৰাজিত হৈছোঁ। গতিকে এইটো কোৱাটো ভুল যে আমি নতুন মুখৰ সৈতেহে জিকিলোঁহেঁতেন।

আন এটা বিষয়, যিটোৱে কংগ্ৰেছক বিপৰ্যস্ত কৰা যেন লাগিছে সেয়া হ‘ল শচীন পাইলটক একাষৰীয়া কৰা৷ বিজেপিয়ে তেওঁৰ দুৰ্গ পূব ৰাজস্থানত প্ৰৱেশ কৰিছে। শচীন পাইলটক অৱজ্ঞা কৰিও ফল ভুগিলে কংগ্ৰেছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক