--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে মিজোৰামত চৰকাৰ গঠন কৰিলে জোৰাম পিপ’লছ মুভমেণ্টে৷ ছবছৰীয়া এই আঞ্চলিক শক্তিয়ে বিজয়ধ্বজা উৰুৱালে জনজাতীয় ৰাজ্যখনত৷ বিজেপি অথবা কংগ্ৰেছ— ৰাষ্ট্ৰীয় দলক নস্যাৎ কৰি পুনৰ এবাৰ আঞ্চলিক শক্তিক শাসনত বহুৱালে স্বাভিমানী মিজো জনতাই৷ 

স্ব-অধিকাৰ আৰু ন্যায্য প্ৰাপ্তিৰ বাবে যুঁজাৰু মানসিকতাৰ মিজো জনতাই দেশবাসীক দিলে পৃথক বাৰ্তা৷ দেশত বিজেপিৰ জয়জয়কাৰৰ সময়তো মিজোৰামত থমকিল বিজেপিৰ ৰথ৷ মাত্ৰ ২খন আসনতে সীমাবদ্ধ থাকিল ভাৰতীয় জনতা পাৰ্টী৷

বিজেপি-কংগ্ৰেছ আৰু ৰাজ্যখনৰ এটি আঞ্চলিক দল এম এন এফক ওফৰাই শাসনলৈ আহিল নৱগঠিত জেড পি এম৷ জেড পি এমৰ বিজয়ৰ নায়ক এগৰাকী বলিষ্ঠ নেতা৷ নাম তেওঁৰ লালডুহোমা৷


মিজোৰামৰ নিৰ্বাচনত এইবেলি দেশবাসীৰ দৃষ্টি নিবদ্ধ আছিল এইগৰাকী নেতাৰ ওপৰত৷ ৭৪ বছৰীয়া লালডুহোমা এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া৷ আৰু এইগৰাকী নেতাৰ দল জোৰাম পিপ’লছ মুভমেণ্টেই চৰকাৰ গঠন কৰিলে মিজোৰামত৷ 

লালডুহোমাই এতিয়া মিজোৰামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল’বলৈ আগবাঢ়িছে৷ কিছুদিন পূৰ্বে ইণ্ডিয়া টুডে এক্সিছ-মাই ইণ্ডিয়াৰ এগজীট পোলে মিজোৰামত জেডপিএমৰ দ্বাৰা ক্লিন চুইপৰ ভৱিষ্যদ্বাণী কৰিছিল আৰু ৪০জনীয়া ৰাজ্যিক বিধানসভাত ২৮-৩৫খন আসন জেডপিএমে লাভ কৰিব বুলি পূৰ্বানুমান কৰিছিল। কাৰ্যতঃ সেয়াই বাস্তৱায়িত হ’ল৷ ইণ্ডিয়া টুডেই লগতে ভৱিষ্যদ্বাণী কৰিছিল যে মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মিজো নেচনেল ফ্ৰণ্টে মাত্ৰ ৩ৰ পৰা ৭ খন আসন লাভ কৰিব, আনহাতে কংগ্ৰেছে ২ৰ পৰা ৪ আৰু বিজেপিয়ে সৰ্বাধিক ২খন আসন লাভ কৰিব।


আইপিএছৰ পৰা মুখ্যমন্ত্ৰীলৈ... লালডুহোমাৰ বৰ্ণিল পৰিক্ৰমা

জোৰাম পিপ’লছ মুভমেণ্টৰ ৭৪ বছৰীয়া পিতৃপুৰুষ লালডুহোমাই ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু উপকূলীয় ৰাজ্য গোৱাত তেওঁ সেৱা আগবঢ়াইছিল। তাৰ পাছত তেওঁক ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীলৈ বদলি কৰা হয় আৰু তেতিয়াই তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সান্নিধ্যলৈ আহে লালডুহোমা৷ নতুন দিল্লীত লালডুহোমাই তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চিকিউৰিটী ইনচাৰ্জ হিচাপে দায়িত্ব পালন কৰে৷ চাকৰিৰ পৰা ওলাই অহাৰ পাছত তেওঁ গঠন কৰে জোৰাম পিপ’লছ মুভমেণ্ট আৰু ১৯৮৪ চনত লোকসভাত প্ৰৱেশ কৰি সৃষ্টি কৰে নতুন ইতিহাস৷

অৱশ্যে, তেওঁৰ ৰাজনৈতিক গতিপথে সুঁতি সলাইছিল, যেতিয়া তেওঁ দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্যতাৰ সন্মুখীন হোৱা প্ৰথমগৰাকী সাংসদ হিচাপে পৰিগণিত হৈছিল৷ বিফলতা সত্ত্বেও, লালডুহোমাই উত্তৰ-পূবৰ ৰাজ্যখনত কাম কৰি গৈছিল আৰু তেওঁৰ উপস্থিতিৰ প্ৰমাণ দিছিল তেওঁৰ বলিষ্ঠ আৰু স্বাভিমানী কৰ্মৰাজিৰে৷

২০১৮ৰ বিধানসভা নিৰ্বাচনত, তেওঁক জেডএনপি নেতৃত্বাধীন জোৰাম পিপলছ মুভমেণ্ট মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰা হৈছিল।
দলত্যাগ বিৰোধী আইন ভংগ কৰাৰ বাবে তেওঁক ২০২০ত বিধানসভাৰ সদস্য হিচাপেও অযোগ্য ঘোষণা কৰা হৈছিল, কিন্তু তেওঁ ২০২১ত চেৰ্ছিপ আসনৰ উপ-নিৰ্বাচনত জয়ী হৈছিল।

লালডুহোমাৰ ৰাজনীতিলৈ যাত্ৰা আছিল অসাধাৰণ। জেডপিএম গঠন কৰাৰ পাছৰে পৰা মিজোৰামৰ ৰাজনৈতিক দৃশ্যপটত  এৰাব নোৱৰা অংগ হৈ পৰিল লালডুহোমা৷

মিজো বিচ্ছিন্নতাবাদী আৰু এমএনএফৰ প্ৰতিষ্ঠাপক লালডেংগাৰ নেতৃত্বত মিজো নেচনেল ফ্ৰণ্টৰ বিদ্ৰোহ সমাধানৰ বাবে ইন্দিৰা গান্ধীয়ে লালডুহোমাক দায়িত্ব অৰ্পণ কৰিছিল। তেওঁ লগ পাইছিল লণ্ডনত স্বনিৰ্বাসিত হৈ থকা লালডেংগাক৷ কোৱা হয় যে তেওঁ সেই বছৰৰ বিধানসভা নিৰ্বাচনত মিজো জনসাধাৰণৰ বাবে শান্তি ঘূৰাই অনা আৰু কংগ্ৰেছক বিজয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

সেইবছৰৰ শেষৰফালে, লালডুহোমা মিজোৰামৰ পৰা কংগ্ৰেছৰ সাংসদ হিচাপে নিৰ্বাচিত হয়, কিন্তু ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত দলৰ ভিতৰতেই একাষৰীয়া হৈ পৰে তেওঁ৷ তেওঁ কংগ্ৰেছৰ সদস্যপদ প্ৰত্যাহাৰ কৰে আৰু ১৯৮৮ত দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষণা কৰা প্ৰথম সাংসদ হিচাপে চিহ্নিত হয়। ১৯৯৭ত লালডুহোমাই জোৰাম নেচনেলিষ্ট পাৰ্টি প্ৰতিষ্ঠা কৰে আৰু ২০০৩ত তেওঁ ৰাতু বিধানসভাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। দলটোৱে সেইসময়ত মিজো লোকসকলৰ বাবে শান্তিৰ প্ৰতিশ্ৰুতি দি কিছুমান ভোটাৰৰ মাজত গুৰুত্ব লাভ কৰিছিল, কিন্তু ই পৰ্যাপ্ত নাছিল।

আৰু তেনেকৈয়ে উত্থান-পতনৰ মাজেৰে আগবাঢ়িছিল লালডুহোমাৰ ৰাজনৈতিক জীৱন৷ আৰু এইবেলি এইগৰাকী লালডুহোমাৰ নেতৃত্বতে জোৰাম পিপ’লছ মুভমেণ্টে নতুন ইতিহাস ৰচিলে মিজোৰামত৷ গঠন কৰিলে চৰকাৰ৷ আৰু এতিয়া মিজোৰামৰ মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে এসময়ৰ আইপিএছ বিষয়া লালডুহোমা৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?