--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে যেতিয়া ‘মক চিকেন টিক্কা’ খোৱাৰ ছবি পোষ্ট কৰিলে, তেতিয়া প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে, এই খাদ্য কি? কুকুৰাৰ পৰা তৈয়াৰী নেকি? নে ইয়াত আন কোনো খাদ্য থাকে?

আচলতে বিৰাটে কুকুৰা খোৱা নাছিল। তেওঁ ‘মক চিকেন টিকা’ খাই আছিল। এই মক চিকেন কি? ২০১৮ চনৰ পৰা বিৰাটে মাংস খোৱা বন্ধ কৰি দিলে। ‘মক চিকেন’ হৈছে কুকুৰাৰ দৰে সোৱাদযুক্ত যদিও সৰিয়হৰ সৈতে তৈয়াৰ কৰা খাদ্য। বিৰাটে সেই ‘মক চিকেন’ৰ সৈতে বনোৱা টিক্কা খাইছিল। ইয়াক নিৰামিষ কুকুৰা বুলি ক’ব পাৰি। সাধাৰণতে নিৰামিষভোজীসকলে এই ধৰণৰ খাদ্য খায়।

শৰীৰত ইউৰিক এচিড জমা হোৱাৰ বাবে বিৰাটে মাংস খোৱা বন্ধ কৰি দিলে। ২০২০ চনত দিয়া এক সাক্ষাৎকাৰত বিৰাটে কয়, ‘২০১৮ চনত দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত মোৰ মূৰৰ বিষ হ’বলৈ আৰম্ভ কৰিছিল। মোৰ সোঁহাতৰ আঙঠিৰ আঙুলিটোৰ লগত সংযুক্ত হৈ থকা এটা শিৰাত হেঁচা পৰিল। সেই আঙুলিত মোৰ কোনো সাৰ পোৱা নাছিলোঁ। কঁকালৰ বিষৰ বাবে ৰাতি শুব পৰা নাছিলো।"

সেই সময়ৰ পৰাই বিৰাটে নিজৰ খাদ্যাভ্যাস সলনি কৰিলে। সেই সাক্ষাৎকাৰত তেওঁ কৈছিল- "চিকিৎসা পৰীক্ষা কৰোতে দেখোঁ দেখা যায় যে পেটত প্ৰচুৰ পৰিমাণে এচিড উৎপন্ন হৈ আছে। ইউৰিক এচিড বৃদ্ধি পালে। মই ঔষধ খাই আছিলো, কিন্তু ই মোক সম্পূৰ্ণ সহায় কৰা নাছিল। ইয়াৰ কাৰণে শৰীৰত কেলচিয়াম কমিবলৈ আৰম্ভ কৰে। সেইবাবেই মই মাংস খোৱা বাদ দিলোঁ। এতিয়া আগৰ তুলনাত বহুত ভাল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক