--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেকেআৰৰ অধিনায়ক হিচাপে পুনৰ নিযুক্তি শ্ৰেয়স আয়াৰক৷ বৃহস্পতিবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ চিইঅ’ ভেংকি মহীশূৰে ঘোষণা কৰে যে শ্ৰেয়স আয়াৰে কেকেআৰৰ অধিনায়ক আৰু নীতিশ ৰাণা আইপিএল-২০২৪ৰ বাবে উপ-অধিনায়ক হিচাপে থাকিব।

আঘাতৰ বাবে আই পি এল ২০২৩ৰ পৰা শ্ৰেয়স আয়াৰক দলৰ পৰা বাদ দিয়া হৈছিল আৰু গোটেই ছিজনটোত নীতিশ ৰাণাই অধিনায়ক হিচাপে খোজ দিছিল।তাৰ পাছত ২০২৩ চনৰ এছিয়া কাপত ছেপ্টেম্বৰ-অক্টোবৰ মাহত ক্ৰিকেট একচনলৈ ঘূৰি আহিছিল আয়াৰ, আৰু যোৱা মাহত ভাৰতক ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰিছিল।

উল্লেখ্য যোৱা মাহত গৌতম গম্ভীৰক মুখ্য প্ৰশিক্ষক হিচাপে ফ্ৰেঞ্চাইজিলৈ ঘূৰি অহাটোও নিশ্চিত কৰিছিল নাইট ৰাইডাৰ্ছে। ২০১২ আৰু ২০১৪ চনত কেকেআৰক দুটাকৈ আইপিএল খিতাপ দখল কৰাৰ পাছত গম্ভীৰে ২০১৮ চনৰ ছিজনৰ পূৰ্বে দলটোৱে ৰিলিজ কৰি দিছিল।গম্ভীৰে দুবছৰ অৰ্থাৎ ২০২২ আৰু ২০২৩ চনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক