--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেকেআৰৰ অধিনায়ক হিচাপে পুনৰ নিযুক্তি শ্ৰেয়স আয়াৰক৷ বৃহস্পতিবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ চিইঅ’ ভেংকি মহীশূৰে ঘোষণা কৰে যে শ্ৰেয়স আয়াৰে কেকেআৰৰ অধিনায়ক আৰু নীতিশ ৰাণা আইপিএল-২০২৪ৰ বাবে উপ-অধিনায়ক হিচাপে থাকিব।

আঘাতৰ বাবে আই পি এল ২০২৩ৰ পৰা শ্ৰেয়স আয়াৰক দলৰ পৰা বাদ দিয়া হৈছিল আৰু গোটেই ছিজনটোত নীতিশ ৰাণাই অধিনায়ক হিচাপে খোজ দিছিল।তাৰ পাছত ২০২৩ চনৰ এছিয়া কাপত ছেপ্টেম্বৰ-অক্টোবৰ মাহত ক্ৰিকেট একচনলৈ ঘূৰি আহিছিল আয়াৰ, আৰু যোৱা মাহত ভাৰতক ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰিছিল।

উল্লেখ্য যোৱা মাহত গৌতম গম্ভীৰক মুখ্য প্ৰশিক্ষক হিচাপে ফ্ৰেঞ্চাইজিলৈ ঘূৰি অহাটোও নিশ্চিত কৰিছিল নাইট ৰাইডাৰ্ছে। ২০১২ আৰু ২০১৪ চনত কেকেআৰক দুটাকৈ আইপিএল খিতাপ দখল কৰাৰ পাছত গম্ভীৰে ২০১৮ চনৰ ছিজনৰ পূৰ্বে দলটোৱে ৰিলিজ কৰি দিছিল।গম্ভীৰে দুবছৰ অৰ্থাৎ ২০২২ আৰু ২০২৩ চনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক