--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাইনাগুড়িত সংঘটিত ৰে'ল দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে। ভয়ংকৰ দুৰ্ঘটনাটোত বৃদ্ধি সংখ্যা ইতিমধ্যে ৯ জনলৈ বৃদ্ধি পাইছে। আহতৰ সংখ্যা হৈছে ৩৬ জনলৈ বৃদ্ধি পাইছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিএছএফ, ৰে'ল আৰক্ষীয়ে ৰাতিটোৰ ভিতৰতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। উল্লেখ্য যে, ঘন কুঁৱলীৰ বাবে উদ্ধাৰকাৰী দলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যদিও তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে সন্দেহ প্ৰকাশ কৰিছে যে, এতিয়াও দবাৰ কোঠাত কোনো যাত্ৰী আবদ্ধ হৈ থাকিব পাৰে। মৃত্যু হোৱা সকললৈ ৰেলৱে কৰ্তৃপক্ষৰ পৰা ৫ লাখ কৈ ক্ষতিপূৰণ দিছে।  কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণ্যই আজি পুৱাতে মাইনাগুড়িৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তেওঁ ঘটনাস্থলী পৰিদৰ্শন কৰে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও আজি আবেলি ভাগত ঘটনাস্থলীত পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। ইফালে, ডিএম, এছপি আৰু আইজিকে ধৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলে উদ্ধাৰ অভিযানৰ নিৰীক্ষণত আছে৷ উল্লেখ্য যে, মৃত্যু হোৱা সকললৈ ৰেলৱে কৰ্তৃপক্ষৰ পৰা ৫ লাখ কৈ ক্ষতিপূৰণ দিছে আৰু মৃতসকলৰ ভিতৰত এজন অসমৰ আছিল বুলি নিশ্চিত হৈছে৷ খবৰ অনুসৰি ৰে’ল খনৰ বাৰটা ডবা ওলোটি গৈছে আৰু ইয়াৰে এটা কোঠা পানীৰ তললৈ গৈছে। আলিপুৰদুৱাৰত ঘটনাটোস্থলীৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈছে। দুৰ্ঘটনাটোৰ সময়ত ৰে’লখনৰ গতি কিমান আছিল সেয়া এতিয়াও জনা হোৱা নাই। খবৰ অনুসৰি, ঘটনাটো নিউ মাইনাগুডি আৰু নিউ দোমোহনীৰ ওচৰত সংঘটিত হৈছিল আৰু ঘটনাস্থলীত এম্বুলেন্স আৰু ৰিলিফ ভেন ৰাতিয়েই উপস্থিত হৈছে। জলপাইগুৰি ষ্টেচনটো দোমোহনীৰ আটাইতকৈ ওচৰত বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা আন এখন সাহায্য ৰেলৰ সৈতে এম্বুলেন্সও প্ৰেৰণ কৰা হৈছে। আৰক্ষী আৰু স্থানীয় লোকসকল বৰ্তমান উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। ৰে’ল দুৰ্ঘটনাত আহত সকলক মাইনাগুৰি চিকিৎসালয় আৰু জলপাইগুৰি জিলা চিকিৎসালয়লৈ নিশাই প্ৰেৰণ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক