--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাইনাগুড়িত সংঘটিত ৰে'ল দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে। ভয়ংকৰ দুৰ্ঘটনাটোত বৃদ্ধি সংখ্যা ইতিমধ্যে ৯ জনলৈ বৃদ্ধি পাইছে। আহতৰ সংখ্যা হৈছে ৩৬ জনলৈ বৃদ্ধি পাইছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিএছএফ, ৰে'ল আৰক্ষীয়ে ৰাতিটোৰ ভিতৰতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। উল্লেখ্য যে, ঘন কুঁৱলীৰ বাবে উদ্ধাৰকাৰী দলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যদিও তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে সন্দেহ প্ৰকাশ কৰিছে যে, এতিয়াও দবাৰ কোঠাত কোনো যাত্ৰী আবদ্ধ হৈ থাকিব পাৰে। মৃত্যু হোৱা সকললৈ ৰেলৱে কৰ্তৃপক্ষৰ পৰা ৫ লাখ কৈ ক্ষতিপূৰণ দিছে।  কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণ্যই আজি পুৱাতে মাইনাগুড়িৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তেওঁ ঘটনাস্থলী পৰিদৰ্শন কৰে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও আজি আবেলি ভাগত ঘটনাস্থলীত পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। ইফালে, ডিএম, এছপি আৰু আইজিকে ধৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলে উদ্ধাৰ অভিযানৰ নিৰীক্ষণত আছে৷ উল্লেখ্য যে, মৃত্যু হোৱা সকললৈ ৰেলৱে কৰ্তৃপক্ষৰ পৰা ৫ লাখ কৈ ক্ষতিপূৰণ দিছে আৰু মৃতসকলৰ ভিতৰত এজন অসমৰ আছিল বুলি নিশ্চিত হৈছে৷ খবৰ অনুসৰি ৰে’ল খনৰ বাৰটা ডবা ওলোটি গৈছে আৰু ইয়াৰে এটা কোঠা পানীৰ তললৈ গৈছে। আলিপুৰদুৱাৰত ঘটনাটোস্থলীৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈছে। দুৰ্ঘটনাটোৰ সময়ত ৰে’লখনৰ গতি কিমান আছিল সেয়া এতিয়াও জনা হোৱা নাই। খবৰ অনুসৰি, ঘটনাটো নিউ মাইনাগুডি আৰু নিউ দোমোহনীৰ ওচৰত সংঘটিত হৈছিল আৰু ঘটনাস্থলীত এম্বুলেন্স আৰু ৰিলিফ ভেন ৰাতিয়েই উপস্থিত হৈছে। জলপাইগুৰি ষ্টেচনটো দোমোহনীৰ আটাইতকৈ ওচৰত বুলি জানিব পৰা গৈছে। ইয়াৰ পৰা আন এখন সাহায্য ৰেলৰ সৈতে এম্বুলেন্সও প্ৰেৰণ কৰা হৈছে। আৰক্ষী আৰু স্থানীয় লোকসকল বৰ্তমান উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। ৰে’ল দুৰ্ঘটনাত আহত সকলক মাইনাগুৰি চিকিৎসালয় আৰু জলপাইগুৰি জিলা চিকিৎসালয়লৈ নিশাই প্ৰেৰণ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র