--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তথাকথিত সভ্য সমাজৰ একাংশ লোকৰ কাণ্ডত লজ্জিত দেশবাসী৷সমাজত এজন কৃষকৰ সন্মান আটাইতকৈ বেছি৷নিজৰ শৰীৰৰ ঘাম মাটিত মিহলি কৰি আনৰ পেট ভৰাই তোলা অন্নদাতা আজি অপমানিত৷ভাৰতৰ এখন আগশাৰীৰ মহানগৰীত অপমানিত হ’ব লগা হ’ল এজন কৃষক৷

বেংগালুৰুত এজন কৃষকক নম্মা মেট্ৰ’ ব্যৱহাৰ কৰিবলৈ দিয়াৰ পৰা বঞ্চিত কৰা হয়৷মেট্ৰ’ৰ নিৰাপত্তাৰক্ষীয়ে কৃষকজনৰ কাপোৰ ভ্ৰমণৰ বাবে অনুপযুক্ত বুলি মেট্ৰ’ ষ্টেচনত প্ৰবেশত বাধা দিয়ে। এই ঘটনাই ছ’চিয়েল মিডিয়াত উত্তাল কৰি তোলাৰ পাছতে এজন নিৰাপত্তাৰক্ষীৰ তত্বাৱধায়কক বৰ্খাস্ত কৰা হৈছে।

বগা চাৰ্ট পিন্ধি মূৰত কাপোৰৰ বাণ্ডিল লৈ অহা কৃষকজনক ৰাজজিনগৰ মেট্ৰ’ ষ্টেচনৰ নিৰাপত্তাৰক্ষী চেকপইণ্টত ৰখাই দিয়ে যদিও কৃষকজনৰ হাতত বৈধ টিকট আছিল।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত হিন্দীভাষী কৃষকগৰাকীক নিৰাপত্তাৰক্ষীৰ চেকপইণ্টৰ লাগেজ স্ক্যানাৰৰ ওচৰত থিয় হৈ থকা দেখা গৈছে। কাৰ্তিক চি আইৰানী নামৰ এজন লোকে কৃষকজনক মেট্ৰ’ ব্যৱহাৰ কৰাত বাধা দিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে কৰ্মচাৰীসকলৰ সৈতে সোধা-পোছা কৰা দেখা গৈছে।

ইৰাণী আৰু আন এজন ব্যক্তিয়ে নিৰাপত্তাৰক্ষীক জনোৱা মতে, কৃষকজনে কোনো নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাই।ব্যক্তিদুজনে কয় যে তেওঁ কেৱল কাপোৰ কঢ়িয়াই লৈ ফুৰিছিল, যিটো বেংগালুৰু মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যন লিমিটেড (বিএমআৰচিএল)ৰ নিয়ম উলংঘা নহয়।

ইয়াৰ পাছতে কৃষকজনক পৰৱৰ্তী সময়ত মেট্ৰ’ত উঠিবলৈ দিয়া হয়। ঘটনাৰ পৰিপ্ৰেক্ষিতত এজন নিৰাপত্তাৰক্ষীৰ তত্বাৱধায়কক বৰ্খাস্ত কৰা হৈছে।ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে বিএমআৰচিএলে কৃষকজনৰ অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰি নামমা মেট্ৰ’ এক সৰ্বাংগীন পৰিবহণ ব্যৱস্থা বুলি কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
বৰক্ষেত্ৰীৰ আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত লক্ষাধিক টকাৰ চুৰিকাণ্ড
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement