--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘দিল্লী চলো’ অভিযান স্থগিত ৰাখিলেও কৃষকসকলে অব্যাহত ৰাখিছে আন্দোলন। সোমবাৰৰ পৰা কৃষকসকলে আৰম্ভ কৰিলে ‘ট্ৰেক্টৰ মাৰ্চ’ কাৰ্যসূচী। উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাৰ কৃষকে ট্ৰেক্টৰ লৈ ৰাষ্ট্ৰীয় ঘাইপথত সমদল উলিয়াই। ইয়াৰ পাছত ইখনৰ পিছত সিখনকৈ ট্ৰেক্টৰ ৰখাই ৰাস্তাটো বন্ধ কৰি ৰাখে। যাৰ বাবে দিল্লী-নয়দা সীমান্তত যান-বাহন চলাচল ব্যাহত হৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি মীৰাট, মুজফ্ফৰনগৰ, চাহাৰনপুৰ, হাপুৰকে ধৰি বিভিন্ন জিলাৰ কৃষকসকলে ট্ৰেক্টৰ শোভাযাত্ৰা উলিয়ায়। উত্তৰ প্ৰদেশৰ কৃষকসকলে ভাৰতীয় কিষাণ ইউনিয়ন (টিকায়েট) (বি কে ইউ)ৰ নেতৃত্বত এই কাৰ্যসূচী গ্ৰহণ কৰিছে। বিকেইউৰ তথ্য অনুসৰি পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে এই শস্যৰ ন্যূনতম সহায়ক মূল্য (এমএছপি)কে ধৰি আন কেইবাটাও দাবীৰ বাবে আন্দোলন কৰিছে। কৃষকসকলৰ প্ৰতি সমৰ্থন দেখুৱাবলৈ আহ্বান জনোৱা হৈছে ট্ৰেক্টৰ মাৰ্চ কাৰ্যসূচী। 

এজন বিকেউ নেতাই জনাই যে, "আমি চণ্ডীগড়ত ইউনাইটেড ফ্ৰণ্টৰ বৈঠকত অংশ লৈছিলো। আমি ৬ জনীয়া কমিটি গঠন কৰিছোঁ। সেই সমিতিত বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হয়।এই সিদ্ধান্ত তাতেই লোৱা হয়। যদি কোনো কৃষক সংগঠনে সংযুক্ত ফ্ৰণ্টৰ লগত থাকিব বিচাৰে তেন্তে কমিটীৰ সৈতে আলোচনা কৰিব পাৰে।"

সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত এজন কৃষক নেতাই কয় যে আমি এতিয়ালৈকে চৰকাৰৰ পৰা কোনো বাৰ্তা পোৱা নাই। আলোচনাৰ পথ সদায় মুকলি থাকিব। আমি আলোচনা কৰিব বিচাৰো। সেয়েহে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।


উল্লেখ্য যে আজি ট্ৰেক্টৰৰ শোভাযাত্ৰাৰ বাবে যমুনা এক্সপ্ৰেছৱে বন্ধ হৈ পৰে। পাছত আৰক্ষীয়ে এই শোভাযাত্ৰা বন্ধ কৰি দিয়ে। এই কাৰ্যসূচীৰ আশে-পাশে যাতে কোনো ধৰণৰ অশান্তি বিয়পি নাযায় তাৰ বাবে আৰক্ষীয়ে আগতীয়াকৈ প্ৰস্তুতি চলাইছিল। এই শোভাযাত্ৰা ৰাজধানীত প্ৰৱেশত বাধা দিয়াৰ বাবে দিল্লী-নয়দা সীমান্তত বেৰিকেড স্থাপন কৰা হৈছে। 


স্মৰ্তব্য যে, ১৩ ফেব্ৰুৱাৰীৰ পৰা কৃষকসকলে একাধিক দাবীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। সোমবাৰে ত্ৰয়োদশ দিনত প্ৰৱেশ কৰে প্ৰতিবাদ। প্ৰতিবাদ আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰায় দুসপ্তাহ ধৰি দিল্লীত প্ৰৱেশ কৰা সিংহু আৰু টিকৰি সীমান্ত ক্ৰছিং বন্ধ হৈ আছিল। ডাঙৰ ডাঙৰ শিল, বালিৰ মোনা, জোঙা লো তাত পুতি থোৱ হৈছে। সেই দুখন সীমান্ত দেওবাৰে মুকলি কৰা হৈছিল। এই সিদ্ধান্ত ঘোষণা কৰাৰ লগে লগে ক্ৰেনেৰে গধুৰ শিল আঁতৰাই পেলোৱা হয়। ইয়াৰ সমান্তৰালকৈ হাৰিয়ানাৰ সাতখন জিলাত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ সংযোগ কৰা হৈছে। কৃষকৰ ‘দিল্লী চলো’ কাৰ্যসূচী অহা ২৯ ফেব্ৰুৱাৰীলৈ স্থগিত ৰখা হৈছে যদিও দাবী পূৰণ নোহোৱালৈকে দিল্লী সীমান্তত ধৰ্ণা কাৰ্যসূচী অব্যাহত থাকিব। কৃষক নেতা সৰৱান সিং পাণ্ডেয়ে কয় যে লোকসভা নিৰ্বাচন ঘোষণাৰ পিছত যদি আচৰণ বিধি প্ৰৱৰ্তন কৰা হয়, তথাপিও প্ৰতিবাদ অব্যাহত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক