--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বহুতে  মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী  হ'ব পাৰিবনে নাই তাকেলৈ আলোচনা কৰিছে।  মঙলবাৰে উগাদি উৎসৱৰ পৱিত্ৰ দিনটোত  এগৰাকী জ্যোতিষীয়ে   ভৱিষ্যতবাণী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ ঘূৰি আহিব।

 ইলালাৰ  বাসিন্দা  জ্যোতিষী মল্লিকাৰ্জুন গোবিয়ে বাগালকোট জিলাৰ গুলেদগুড্ডা চহৰৰ মাৰৱাড়ী বাগীচা অঞ্চলত শ শ বছৰৰ  ভৱিষ্যতবাণী কৰি  আহিছে। তেওঁৰ কথাবোৰ মিলি থকা বুলিও বহুতে কৈছে। এইবাৰ তেওঁ লোকসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজয়ৰ ভৱিষ্যতবাণী কৰিছে। তেওঁ পূৰ্বে  বৰষুণ আৰু শস্য ধ্বংসৰ ভৱিষ্যতবাণী কৰিছিল , সেয়া আখৰে আখৰে মিলিছেও। 

তেওঁ ভৱিষ্যতবাণী কৰিছিল যে কৰ্ণাটকত বিজেপিয়ে ক্ষমতা হেৰুৱাব আৰু ভৱিষ্যতে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিব। সেয়াও এটা সময়ত ফলিয়াইছিল। তেওঁ নানা হিচাব নিকাচ কৰি এনেদৰে ভৱিষ্যতবাণী কৰি আহিছে। মোদী পুনৰ প্ৰধানমন্ত্ৰী  হ'ব বুলি তেওঁ নদি কৈছে।  উল্লেখ কৰিব পাৰি যে উগাদি উৎসৱৰ আগতে পূৰ্ণিমাত কিছুমান পুতলা স্থাপন কৰা হ'ব; পুতলাবোৰ স্থানীয় নদীৰ  পাৰত চাৰিটা দিশত স্থাপন কৰা হ'ব। পিছদিনা, ভৱিষ্যতবক্তাসকলে পুতলাবোৰ নিৰ্দিষ্ট দিশত বিশ্লেষণ কৰিব আৰু  বৰষুণ, শস্য, অন্যান্য বস্তুৰ বিষয়ে ভৱিষ্যতবাণী কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী