--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বহুতে  মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী  হ'ব পাৰিবনে নাই তাকেলৈ আলোচনা কৰিছে।  মঙলবাৰে উগাদি উৎসৱৰ পৱিত্ৰ দিনটোত  এগৰাকী জ্যোতিষীয়ে   ভৱিষ্যতবাণী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ ঘূৰি আহিব।

 ইলালাৰ  বাসিন্দা  জ্যোতিষী মল্লিকাৰ্জুন গোবিয়ে বাগালকোট জিলাৰ গুলেদগুড্ডা চহৰৰ মাৰৱাড়ী বাগীচা অঞ্চলত শ শ বছৰৰ  ভৱিষ্যতবাণী কৰি  আহিছে। তেওঁৰ কথাবোৰ মিলি থকা বুলিও বহুতে কৈছে। এইবাৰ তেওঁ লোকসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজয়ৰ ভৱিষ্যতবাণী কৰিছে। তেওঁ পূৰ্বে  বৰষুণ আৰু শস্য ধ্বংসৰ ভৱিষ্যতবাণী কৰিছিল , সেয়া আখৰে আখৰে মিলিছেও। 

তেওঁ ভৱিষ্যতবাণী কৰিছিল যে কৰ্ণাটকত বিজেপিয়ে ক্ষমতা হেৰুৱাব আৰু ভৱিষ্যতে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিব। সেয়াও এটা সময়ত ফলিয়াইছিল। তেওঁ নানা হিচাব নিকাচ কৰি এনেদৰে ভৱিষ্যতবাণী কৰি আহিছে। মোদী পুনৰ প্ৰধানমন্ত্ৰী  হ'ব বুলি তেওঁ নদি কৈছে।  উল্লেখ কৰিব পাৰি যে উগাদি উৎসৱৰ আগতে পূৰ্ণিমাত কিছুমান পুতলা স্থাপন কৰা হ'ব; পুতলাবোৰ স্থানীয় নদীৰ  পাৰত চাৰিটা দিশত স্থাপন কৰা হ'ব। পিছদিনা, ভৱিষ্যতবক্তাসকলে পুতলাবোৰ নিৰ্দিষ্ট দিশত বিশ্লেষণ কৰিব আৰু  বৰষুণ, শস্য, অন্যান্য বস্তুৰ বিষয়ে ভৱিষ্যতবাণী কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু