--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰিও নিস্তাৰ  নাপালে  বাবা  ৰামদেৱে।  বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত মঙলবাৰে পতঞ্জলিয়ে  এখন  শপতনামা দাখিল কৰি কয়, "এই ভুলৰ পুনৰাবৃত্তি নহ'ব" বুলি ক্ষমা বিচাৰিছিল। ইয়াৰ পিছতে বুধবাৰে দাখিল কৰা এক  শপতনামাত কেন্দ্ৰই কয় যে লোক এজনে  কেনে ধৰণৰ চিকিৎসা গ্ৰহণ কৰে  সেয়া এলোপেথি হওঁক বা আয়ুষ হওঁক বা আয়ুৰ্বেদেই হওঁক, এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে। উচ্চতম  ন্যায়ালয়ে অৱশ্যে কেন্দ্ৰৰ বক্তব্যত  অসন্তুষ্টি প্ৰকাশ কৰে । ৰামদেৱ আৰু বালকৃষ্ণৰ শপতনামা নাকচ কৰি উচ্চতম ন্যায়ালয়ে কয়, "আমি অন্ধ নহয়। এনে ভুলৰ কোনো ক্ষমা নাই। "

যোৱা সপ্তাহত, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰকো  বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত  তীব্ৰ সমালোচনা কৰিছিল। আদালতে কৈছিল "আমি বুজি নাপাওঁ যে চৰকাৰে কিয় চকু বন্ধ কৰি আছিল।"    ইয়াৰ উত্তৰত কেন্দ্ৰই কৈছিল যে ৰাজ্যসমূহৰ " ঔষধ"ৰ বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষমতা আছে। কেন্দ্ৰই অৱশ্যে কৈছিল যে চৰকাৰে  আইন অনুসৰি সময়মতে কাম কৰিছিল। কৰোনিলৰ নামৰ পতঞ্জলিৰ কোভিড নিৰাময় কৰিব পৰা বুলি দাবী কৰা  ঔষধৰ  বিজ্ঞাপন কোম্পানীটোক  আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰমাণিত নোহোৱালৈকে  নিদিবলৈ কোৱা হৈছিল। পিছত, এক আন্তঃবিভাগীয় অনুসন্ধানৰ পিছত, কোৱা হৈছিল যে কৰোনিলক কেৱল কোভিড-১৯-ৰ বাবে  সাধাৰণ ঔষধ হিচাপে গণ্য কৰিব পাৰি। চৰকাৰে  ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কোভিড চিকিৎসা সম্পৰ্কীয় দাবীৰ বিজ্ঞাপন বন্ধ কৰিবলৈও কৈছিল। 

একে সময়তে, কেন্দ্ৰই স্পষ্ট কৰি দিছিল  যে লোক এজনে কেনে ধৰণৰ চিকিৎসা গ্ৰহণ  কৰিব সেয়া এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে, সেয়া আয়ুষ হওঁক বা এলোপেথি হওঁক। চৰকাৰে সামগ্ৰিকভাৱে নাগৰিকসকলক স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ দুই প্ৰকাৰৰ চিকিৎসা সুবিধাৰ সংমিশ্ৰণ বিচাৰে বুলিও কৈছিল। ন্যায়াধীশ হেমা কোহলী আৰু আমানুল্লাহৰ বিচাৰপীঠে কয়  যে আদালত কেন্দ্ৰৰ যুক্তিত সন্তুষ্ট নহয়। বিচাৰকসকলে কয় , "এই ক্ষমা প্ৰাৰ্থনা কাগজতহে সীমাবদ্ধ হৈ  আছে। আমি তেনে ক্ষমা  গ্ৰহণ কৰা নাই। আমি  ইয়াক (বিভ্ৰান্তিকৰ বিজ্ঞাপন) নিয়মৰ ইচ্ছাকৃত উলংঘন হিচাপে গ্ৰহণ কৰিছো। "  ন্যায়াধীশ কোহলীয়ে লগতে কয় যে ৰামদেৱ-বালকৃষ্ণৰ শপতনামা প্ৰথমে সংবাদ মাধ্যমক জনোৱা হৈছিল আৰু তাৰ পিছতহে  আদালতলৈ প্ৰেৰণ কৰা হৈছিল। 

পতঞ্জলিয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে। নৱেম্বৰত, উচ্চতম ন্যায়ালয়ে কৈছিল যে বিভ্ৰান্তিকৰ তথ্য থকা বিজ্ঞাপন প্ৰকাশ কৰিলে ১ কোটি টকালৈকে জৰিমনা ভৰিব লাগিব। যোৱা সপ্তাহত যোগ গুৰু ৰামদেৱ উচ্চতম ন্যায়ালয়ৰ সন্মুখত হাজিৰ হৈছিল আৰু এক চৰ্তহীন ক্ষমা বিচাৰিছিল। মঙলবাৰে এক  শপতনামা দাখিল কৰি  কৈছিল যে এই ভুলৰ পুনৰাবৃত্তি নহ'ব। পতঞ্জলিৰ পৰিচালনা সঞ্চালক আৰু ৰামদেৱৰ সহযোগী যোগ গুৰু আচাৰ্য বালকৃষ্ণয়ো   আদালতত এখন শপতনামা দাখিল কৰি  আৰু চৰ্তহীন ক্ষমা বিচাৰিছিল। কিন্তু আদালতে সেই ক্ষমা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি গোচৰ চলি থাকিব বুলিহে কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী