--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰিও নিস্তাৰ  নাপালে  বাবা  ৰামদেৱে।  বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত মঙলবাৰে পতঞ্জলিয়ে  এখন  শপতনামা দাখিল কৰি কয়, "এই ভুলৰ পুনৰাবৃত্তি নহ'ব" বুলি ক্ষমা বিচাৰিছিল। ইয়াৰ পিছতে বুধবাৰে দাখিল কৰা এক  শপতনামাত কেন্দ্ৰই কয় যে লোক এজনে  কেনে ধৰণৰ চিকিৎসা গ্ৰহণ কৰে  সেয়া এলোপেথি হওঁক বা আয়ুষ হওঁক বা আয়ুৰ্বেদেই হওঁক, এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে। উচ্চতম  ন্যায়ালয়ে অৱশ্যে কেন্দ্ৰৰ বক্তব্যত  অসন্তুষ্টি প্ৰকাশ কৰে । ৰামদেৱ আৰু বালকৃষ্ণৰ শপতনামা নাকচ কৰি উচ্চতম ন্যায়ালয়ে কয়, "আমি অন্ধ নহয়। এনে ভুলৰ কোনো ক্ষমা নাই। "

যোৱা সপ্তাহত, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰকো  বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত  তীব্ৰ সমালোচনা কৰিছিল। আদালতে কৈছিল "আমি বুজি নাপাওঁ যে চৰকাৰে কিয় চকু বন্ধ কৰি আছিল।"    ইয়াৰ উত্তৰত কেন্দ্ৰই কৈছিল যে ৰাজ্যসমূহৰ " ঔষধ"ৰ বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষমতা আছে। কেন্দ্ৰই অৱশ্যে কৈছিল যে চৰকাৰে  আইন অনুসৰি সময়মতে কাম কৰিছিল। কৰোনিলৰ নামৰ পতঞ্জলিৰ কোভিড নিৰাময় কৰিব পৰা বুলি দাবী কৰা  ঔষধৰ  বিজ্ঞাপন কোম্পানীটোক  আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰমাণিত নোহোৱালৈকে  নিদিবলৈ কোৱা হৈছিল। পিছত, এক আন্তঃবিভাগীয় অনুসন্ধানৰ পিছত, কোৱা হৈছিল যে কৰোনিলক কেৱল কোভিড-১৯-ৰ বাবে  সাধাৰণ ঔষধ হিচাপে গণ্য কৰিব পাৰি। চৰকাৰে  ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কোভিড চিকিৎসা সম্পৰ্কীয় দাবীৰ বিজ্ঞাপন বন্ধ কৰিবলৈও কৈছিল। 

একে সময়তে, কেন্দ্ৰই স্পষ্ট কৰি দিছিল  যে লোক এজনে কেনে ধৰণৰ চিকিৎসা গ্ৰহণ  কৰিব সেয়া এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে, সেয়া আয়ুষ হওঁক বা এলোপেথি হওঁক। চৰকাৰে সামগ্ৰিকভাৱে নাগৰিকসকলক স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ দুই প্ৰকাৰৰ চিকিৎসা সুবিধাৰ সংমিশ্ৰণ বিচাৰে বুলিও কৈছিল। ন্যায়াধীশ হেমা কোহলী আৰু আমানুল্লাহৰ বিচাৰপীঠে কয়  যে আদালত কেন্দ্ৰৰ যুক্তিত সন্তুষ্ট নহয়। বিচাৰকসকলে কয় , "এই ক্ষমা প্ৰাৰ্থনা কাগজতহে সীমাবদ্ধ হৈ  আছে। আমি তেনে ক্ষমা  গ্ৰহণ কৰা নাই। আমি  ইয়াক (বিভ্ৰান্তিকৰ বিজ্ঞাপন) নিয়মৰ ইচ্ছাকৃত উলংঘন হিচাপে গ্ৰহণ কৰিছো। "  ন্যায়াধীশ কোহলীয়ে লগতে কয় যে ৰামদেৱ-বালকৃষ্ণৰ শপতনামা প্ৰথমে সংবাদ মাধ্যমক জনোৱা হৈছিল আৰু তাৰ পিছতহে  আদালতলৈ প্ৰেৰণ কৰা হৈছিল। 

পতঞ্জলিয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে। নৱেম্বৰত, উচ্চতম ন্যায়ালয়ে কৈছিল যে বিভ্ৰান্তিকৰ তথ্য থকা বিজ্ঞাপন প্ৰকাশ কৰিলে ১ কোটি টকালৈকে জৰিমনা ভৰিব লাগিব। যোৱা সপ্তাহত যোগ গুৰু ৰামদেৱ উচ্চতম ন্যায়ালয়ৰ সন্মুখত হাজিৰ হৈছিল আৰু এক চৰ্তহীন ক্ষমা বিচাৰিছিল। মঙলবাৰে এক  শপতনামা দাখিল কৰি  কৈছিল যে এই ভুলৰ পুনৰাবৃত্তি নহ'ব। পতঞ্জলিৰ পৰিচালনা সঞ্চালক আৰু ৰামদেৱৰ সহযোগী যোগ গুৰু আচাৰ্য বালকৃষ্ণয়ো   আদালতত এখন শপতনামা দাখিল কৰি  আৰু চৰ্তহীন ক্ষমা বিচাৰিছিল। কিন্তু আদালতে সেই ক্ষমা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি গোচৰ চলি থাকিব বুলিহে কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু