--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'হোমৱৰ্ক' নকৰাৰ বাবেই শিক্ষকৰ  নিৰ্মম প্ৰহাৰত মৃত্যুক সাৱটিলে  ৭ বছৰীয়া শিশু এটিয়ে৷ জানিব পৰা মতে বিদ্যালয়ৰ শিক্ষকে শিশুটিক  'হোমৱৰ্ক' নকৰাৰ বাবে প্ৰহাৰ কৰিছিল। ফলস্বৰূপে শিশুটো গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ অসুস্থ হৈ পৰে আৰু শেষত মৃত্যুবৰণ কৰে। ঘটনাটো বিহাৰৰ চহৰচা জিলাৰ এখন আৱাসিক বিদ্যালয়ত সংঘটিত হৈছে।

 অভিযুক্ত শিক্ষকজন ঘটনাটোৰ পিছৰে পৰা পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁক বিচাৰি আছে যদিও তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

শিশুটিৰ পিতৃয়ে অভিযোগ কৰা আনুসৰি বিদ্যালয়খনৰ অধ্যক্ষই শিশুটিক ' হোমৱৰ্ক' কৰিবলৈ  দিছিল। কিন্তু পুত্ৰই সেই 'হোমৱৰ্ক' ল'ব নোৱাৰিলে। শিক্ষকজনে হোমৱৰ্ক নকৰাৰ  বাবে তেওঁক 'শাস্তি' দিছিল। ফলত  তেওঁৰ পুত্ৰৰ মৃত্যু হয় ।  তেওঁ লগতে কয় ’’যেতিয়া মই স্কুললৈ আহিছিলো, মই শিশুটিক  অচেতন অৱস্থাত পৰি থকা দেখিছিলো। মই তেওঁক চিকিৎসালয়লৈ লৈ গৈছিলো। কিন্তু চিকিৎসকসকলে কৈছিল যে তেওঁ বহু সময়ৰ আগতে মৃত্যুবৰণ কৰিছে। "

শিশুটিৰ পিতৃয়ে  শিক্ষকজনৰ বিৰুদ্ধে তেওঁৰ পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে। ঘটনাটোৱে চাহাৰচাৰ আৱাসিক বিদ্যালয়ত আতংকৰ সৃষ্টি কৰিছে। আৰক্ষী বিষয়া ব্ৰজেশ চৌহানে কয় যে অভিযুক্ত শিক্ষকজনক ধৰিবলৈ   অভিযান চলি আছে। অভিভাৱকৰ এটা অংশই বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাকলৈ ক্ষোভ প্ৰকাশ কৰিছে। ক্ষোভিত হৈ পৰা অভিভাৱকসকলে  অধ্যক্ষৰ কঠোৰ শাস্তিও দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক