--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'হোমৱৰ্ক' নকৰাৰ বাবেই শিক্ষকৰ  নিৰ্মম প্ৰহাৰত মৃত্যুক সাৱটিলে  ৭ বছৰীয়া শিশু এটিয়ে৷ জানিব পৰা মতে বিদ্যালয়ৰ শিক্ষকে শিশুটিক  'হোমৱৰ্ক' নকৰাৰ বাবে প্ৰহাৰ কৰিছিল। ফলস্বৰূপে শিশুটো গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ অসুস্থ হৈ পৰে আৰু শেষত মৃত্যুবৰণ কৰে। ঘটনাটো বিহাৰৰ চহৰচা জিলাৰ এখন আৱাসিক বিদ্যালয়ত সংঘটিত হৈছে।

 অভিযুক্ত শিক্ষকজন ঘটনাটোৰ পিছৰে পৰা পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁক বিচাৰি আছে যদিও তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

শিশুটিৰ পিতৃয়ে অভিযোগ কৰা আনুসৰি বিদ্যালয়খনৰ অধ্যক্ষই শিশুটিক ' হোমৱৰ্ক' কৰিবলৈ  দিছিল। কিন্তু পুত্ৰই সেই 'হোমৱৰ্ক' ল'ব নোৱাৰিলে। শিক্ষকজনে হোমৱৰ্ক নকৰাৰ  বাবে তেওঁক 'শাস্তি' দিছিল। ফলত  তেওঁৰ পুত্ৰৰ মৃত্যু হয় ।  তেওঁ লগতে কয় ’’যেতিয়া মই স্কুললৈ আহিছিলো, মই শিশুটিক  অচেতন অৱস্থাত পৰি থকা দেখিছিলো। মই তেওঁক চিকিৎসালয়লৈ লৈ গৈছিলো। কিন্তু চিকিৎসকসকলে কৈছিল যে তেওঁ বহু সময়ৰ আগতে মৃত্যুবৰণ কৰিছে। "

শিশুটিৰ পিতৃয়ে  শিক্ষকজনৰ বিৰুদ্ধে তেওঁৰ পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে। ঘটনাটোৱে চাহাৰচাৰ আৱাসিক বিদ্যালয়ত আতংকৰ সৃষ্টি কৰিছে। আৰক্ষী বিষয়া ব্ৰজেশ চৌহানে কয় যে অভিযুক্ত শিক্ষকজনক ধৰিবলৈ   অভিযান চলি আছে। অভিভাৱকৰ এটা অংশই বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাকলৈ ক্ষোভ প্ৰকাশ কৰিছে। ক্ষোভিত হৈ পৰা অভিভাৱকসকলে  অধ্যক্ষৰ কঠোৰ শাস্তিও দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু