--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ গান্দেৰবাল জিলাৰ এজনী সৰু ছোৱালী ছালিমাই চাৰি মাহত পবিত্ৰ কোৰাণ হাতেৰে লিখি উলিয়াই সকলোকে পিছত আচৰিত কৰি তুলিছে৷ ছোৱালীজনীয়ে  ইমান ধুনীয়া হাতৰ আখৰেৰে  পবিত্ৰ কোৰাণ লিখি উলিয়াইছে যে সেয়া  কম্পিউটাৰৰ লিখা যেন হৈছে। সৰু ছোৱালীজনীয়ে প্ৰথমে কোৰাণখন মুখস্থ  কৰিছিল  আৰু তাৰ পিছত ইয়াক দৈনিক লিখিবলৈ আৰম্ভ কৰিছিল। 

সম্পূণ কোৰাণ খন লিখি উলিয়াবলৈ  চাৰি মাহ লাগিছিল ।চেলিমাই কৈছে  যে তেওঁৰ  ককা-আইতাই  পৰিয়ালৰ সকলো ল'ৰা-ছোৱালীয়ে পবিত্ৰ কোৰাণ অধ্যয়ন কৰিব লাগে বুলি কৈছিল আৰু ইয়াক ভালদৰে পঢ়িবলৈ আৰু লিখিবলৈ শিকিব লাগে বুলিও কৈছিল।তেওঁ কয় "ঘৰৰ ধৰ্মীয় পৰিৱেশৰ বাবে, মই পবিত্ৰ কোৰাণৰ সৈতে এক বিশেষ সম্পৰ্ক গঢ়ি তুলিছিলো আৰু কোৰাণ লিখাৰ প্ৰতিও এক আগ্ৰহ গঢ়ি উঠিছিল। মই ২০২২ চনৰ ৫ নৱেম্বৰত পবিত্ৰ কোৰাণ লিখিবলৈ আৰম্ভ কৰিছিলো, আৰু আজি মই ইয়াক সম্পূৰ্ণ কৰিছো৷ মই ভাবো মই  এটা ভাল কাম কৰিছো। " ৷ 

তেওঁ লগতে কয় যে  প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া পবিত্ৰ কোৰাণ লিখিছিল। এই সময়ছোৱাত তেওঁৰ মাক-দেউতাক আৰু পৰিয়ালৰ সকলো সদস্যই যথেষ্ট সহায় কৰিছিল।"পবিত্ৰ কোৰাণ লিখাৰ সময়ত মোক যি প্ৰয়োজন আছিল, সকলো প্ৰয়োজনীয় বস্তু যোগান কৰা হৈছিল। মোক প্ৰথমে অঞ্চলটোৰ বহু মৌলৱীয়ে  পবিত্ৰ কোৰাণ পঢ়িবলৈ শিকাইছিল আৰু পবিত্ৰ কোৰাণৰ বিষয়ে সকলো ধৰণৰ জ্ঞান প্ৰদান কৰিছিল।" তেওঁ কয়।

চেলিমাই কয়, "প্ৰথমে মই কোৰাণ মনত ৰাখিছিলো আৰু তাৰ পিছত মই হাতেৰে কোৰাণ লিখিবলৈ আৰম্ভ কৰিছিলো আৰু অৱশেষত মই প্ৰায় চাৰি মাহৰ কম সময়ৰ ভিতৰতে এই কামটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক