--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ গান্দেৰবাল জিলাৰ এজনী সৰু ছোৱালী ছালিমাই চাৰি মাহত পবিত্ৰ কোৰাণ হাতেৰে লিখি উলিয়াই সকলোকে পিছত আচৰিত কৰি তুলিছে৷ ছোৱালীজনীয়ে  ইমান ধুনীয়া হাতৰ আখৰেৰে  পবিত্ৰ কোৰাণ লিখি উলিয়াইছে যে সেয়া  কম্পিউটাৰৰ লিখা যেন হৈছে। সৰু ছোৱালীজনীয়ে প্ৰথমে কোৰাণখন মুখস্থ  কৰিছিল  আৰু তাৰ পিছত ইয়াক দৈনিক লিখিবলৈ আৰম্ভ কৰিছিল। 

সম্পূণ কোৰাণ খন লিখি উলিয়াবলৈ  চাৰি মাহ লাগিছিল ।চেলিমাই কৈছে  যে তেওঁৰ  ককা-আইতাই  পৰিয়ালৰ সকলো ল'ৰা-ছোৱালীয়ে পবিত্ৰ কোৰাণ অধ্যয়ন কৰিব লাগে বুলি কৈছিল আৰু ইয়াক ভালদৰে পঢ়িবলৈ আৰু লিখিবলৈ শিকিব লাগে বুলিও কৈছিল।তেওঁ কয় "ঘৰৰ ধৰ্মীয় পৰিৱেশৰ বাবে, মই পবিত্ৰ কোৰাণৰ সৈতে এক বিশেষ সম্পৰ্ক গঢ়ি তুলিছিলো আৰু কোৰাণ লিখাৰ প্ৰতিও এক আগ্ৰহ গঢ়ি উঠিছিল। মই ২০২২ চনৰ ৫ নৱেম্বৰত পবিত্ৰ কোৰাণ লিখিবলৈ আৰম্ভ কৰিছিলো, আৰু আজি মই ইয়াক সম্পূৰ্ণ কৰিছো৷ মই ভাবো মই  এটা ভাল কাম কৰিছো। " ৷ 

তেওঁ লগতে কয় যে  প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া পবিত্ৰ কোৰাণ লিখিছিল। এই সময়ছোৱাত তেওঁৰ মাক-দেউতাক আৰু পৰিয়ালৰ সকলো সদস্যই যথেষ্ট সহায় কৰিছিল।"পবিত্ৰ কোৰাণ লিখাৰ সময়ত মোক যি প্ৰয়োজন আছিল, সকলো প্ৰয়োজনীয় বস্তু যোগান কৰা হৈছিল। মোক প্ৰথমে অঞ্চলটোৰ বহু মৌলৱীয়ে  পবিত্ৰ কোৰাণ পঢ়িবলৈ শিকাইছিল আৰু পবিত্ৰ কোৰাণৰ বিষয়ে সকলো ধৰণৰ জ্ঞান প্ৰদান কৰিছিল।" তেওঁ কয়।

চেলিমাই কয়, "প্ৰথমে মই কোৰাণ মনত ৰাখিছিলো আৰু তাৰ পিছত মই হাতেৰে কোৰাণ লিখিবলৈ আৰম্ভ কৰিছিলো আৰু অৱশেষত মই প্ৰায় চাৰি মাহৰ কম সময়ৰ ভিতৰতে এই কামটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু