--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলি থাকোতেই মূৰত বল লাগি মৃত্যু বৰণ কৰা ভাৰতীয় ক্ৰিকেটাৰ ৰমন লাম্বাৰ কথা হয়তো কোনেও পাহৰা নাই। একেদৰে খেলি থাকোতে মৃত্যুক সাৱটি লোৱা  ফিলিপ হিউজৰ কথাও বহুতে মনত ৰাখিছে। এইবাৰ খেল পথাৰতে মৃত্যুক সাৱটিলে  ধনেশ ভাজপপ্পীলাথ মাধৱনে।  

ওমানৰ মাস্কটত অনুষ্ঠিত এখন এমেচাৰ লীগ খেলত এই কৰুণ ঘটনাটো সংঘটিত হৈছে। মৃত ধনেশ ভাৰতীয় মূলৰ আছিল। তেওঁ তেওঁৰ পত্নী আৰু তিনি বছৰীয়া পুত্ৰক এৰি থৈ গৈছে।

দলৰ অধিনায়ক শ্ৰীজেশে কয় , "ধনেশ শাৰীৰিকভাৱে সুস্থ আছিল। আমাৰ দলৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ আছিল তেওঁ। যোৱা দুবছৰ ধৰি তেওঁ দলত খেলিছিল। আমি সাধাৰণতে টেনিছ বলেৰে ১৬ অভাৰৰ মেচ খেলোঁ। তেওঁ বেট আৰু বল দুয়োটাই কৰিছিল। খেলপথাৰত থকা সময়তে তেওঁ  হঠাতে জ্ঞান হেৰুৱাই পৰি যায়। মই ভাবিছিলো   তেওঁৰ  মূৰ ঘূৰোৱা বুলি। তেওঁক ততাতৈয়াকৈ মিছফাৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। যিহেতু সেই খন বন্ধ আছিল, মই তেওঁক আন এখন চিকিৎসালয়লৈ লৈ গৈছিলো। কিন্তু চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। "

ওমানৰ অপেছাদাৰী লীগত এয়া নতুন ঘটনা নহয়। ইয়াৰ পূৰ্বে মহম্মদ জাফৰ নামৰ এজন ক্ৰিকেটাৰৰ একে ধৰণে মৃত্যু হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক