--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলি থাকোতেই মূৰত বল লাগি মৃত্যু বৰণ কৰা ভাৰতীয় ক্ৰিকেটাৰ ৰমন লাম্বাৰ কথা হয়তো কোনেও পাহৰা নাই। একেদৰে খেলি থাকোতে মৃত্যুক সাৱটি লোৱা  ফিলিপ হিউজৰ কথাও বহুতে মনত ৰাখিছে। এইবাৰ খেল পথাৰতে মৃত্যুক সাৱটিলে  ধনেশ ভাজপপ্পীলাথ মাধৱনে।  

ওমানৰ মাস্কটত অনুষ্ঠিত এখন এমেচাৰ লীগ খেলত এই কৰুণ ঘটনাটো সংঘটিত হৈছে। মৃত ধনেশ ভাৰতীয় মূলৰ আছিল। তেওঁ তেওঁৰ পত্নী আৰু তিনি বছৰীয়া পুত্ৰক এৰি থৈ গৈছে।

দলৰ অধিনায়ক শ্ৰীজেশে কয় , "ধনেশ শাৰীৰিকভাৱে সুস্থ আছিল। আমাৰ দলৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ আছিল তেওঁ। যোৱা দুবছৰ ধৰি তেওঁ দলত খেলিছিল। আমি সাধাৰণতে টেনিছ বলেৰে ১৬ অভাৰৰ মেচ খেলোঁ। তেওঁ বেট আৰু বল দুয়োটাই কৰিছিল। খেলপথাৰত থকা সময়তে তেওঁ  হঠাতে জ্ঞান হেৰুৱাই পৰি যায়। মই ভাবিছিলো   তেওঁৰ  মূৰ ঘূৰোৱা বুলি। তেওঁক ততাতৈয়াকৈ মিছফাৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। যিহেতু সেই খন বন্ধ আছিল, মই তেওঁক আন এখন চিকিৎসালয়লৈ লৈ গৈছিলো। কিন্তু চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। "

ওমানৰ অপেছাদাৰী লীগত এয়া নতুন ঘটনা নহয়। ইয়াৰ পূৰ্বে মহম্মদ জাফৰ নামৰ এজন ক্ৰিকেটাৰৰ একে ধৰণে মৃত্যু হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু