--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে খেলপথাৰত হাৰ্ট এটেকত আক্ৰান্ত হয় লুটন টাউনৰ অধিনায়ক টম লকাৰ। ইংৰাজী প্ৰিমিয়াৰ লীগৰ এখন খেলত বোৰ্ণমাউথৰ বিৰুদ্ধে হঠাৎ অসুস্থ হৈ পৰে। চলিত বৰ্ষৰ আৰম্ভণিতে চেম্পিয়নশ্বিপ প্লে অফৰ ফাইনেলৰ সময়ত ২৯ বছৰীয়া অধিনায়কগৰাকীয়ে প্ৰথমবাৰৰ বাবে হাৰ্ট এটেকত আক্ৰান্ত হৈছিল।

লকাৰৰ খেলপথাৰত হঠাতে হাৰ্ট এটেক হোৱাৰ পিছত ভিটালিটি ষ্টেডিয়ামত উপস্থিত সকলোৱে ভয় খাইছিল। টম অসুস্থ হোৱাৰ পিছত টিম ডাক্তৰজনে তেওঁক চাবলৈ খেলপথাৰলৈ আহিছিল। তাৰ পিছত ক’লে যে টমৰ হাৰ্ট এটেক হৈছে। ইয়াৰ পিছত ক্লাবে নিশ্চিত কৰে।

এই ঘটনাৰ পিছতে ছ’চিয়েল মিডিয়াত লুটন টাউন ক্লাবে এক বিবৃতি প্ৰকাশ কৰে। ইয়াত লিখা আছিল, “আমাৰ দলৰ চিকিৎসা কৰ্মচাৰীয়ে নিশ্চিত কৰিছে যে লুটনৰ অধিনায়কগৰাকীয়ে খেলপথাৰত হাৰ্ট এটেকত আক্ৰান্ত হৈছিল। কিন্তু ষ্ট্ৰেচাৰত উঠি খেলপথাৰৰ পৰা উলিয়াই অনাৰ বাবে তেওঁ কোনো সঁহাৰি নিদিলে। ষ্টেডিয়ামৰ ভিতৰতে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। যাৰ বাবে আমি পুনৰবাৰ দুয়োপক্ষৰ চিকিৎসা দলক ধন্যবাদ জনাইছো। টমক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। বৰ্তমান তেওঁ সুস্থিৰ হৈ পৰিছে আৰু বৰ্তমান পৰিয়ালৰ সৈতে আছে। চিকিৎসালয়খনত তেওঁৰ কেইবাটাও শাৰীৰিক পৰীক্ষা চলি আছে। আমি সকলো সমৰ্থকক তেওঁলোকৰ প্ৰাৰ্থনা আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ জনাইছো।”

খেলৰ সময়ত লুটন আৰু বৰ্ণমাউথৰ মাজত ১-১ গ’লত সমতা স্থাপন হয়। এই ঘটনাৰ পিছতে খেলখন বাতিল কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু