--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে খেলপথাৰত হাৰ্ট এটেকত আক্ৰান্ত হয় লুটন টাউনৰ অধিনায়ক টম লকাৰ। ইংৰাজী প্ৰিমিয়াৰ লীগৰ এখন খেলত বোৰ্ণমাউথৰ বিৰুদ্ধে হঠাৎ অসুস্থ হৈ পৰে। চলিত বৰ্ষৰ আৰম্ভণিতে চেম্পিয়নশ্বিপ প্লে অফৰ ফাইনেলৰ সময়ত ২৯ বছৰীয়া অধিনায়কগৰাকীয়ে প্ৰথমবাৰৰ বাবে হাৰ্ট এটেকত আক্ৰান্ত হৈছিল।

লকাৰৰ খেলপথাৰত হঠাতে হাৰ্ট এটেক হোৱাৰ পিছত ভিটালিটি ষ্টেডিয়ামত উপস্থিত সকলোৱে ভয় খাইছিল। টম অসুস্থ হোৱাৰ পিছত টিম ডাক্তৰজনে তেওঁক চাবলৈ খেলপথাৰলৈ আহিছিল। তাৰ পিছত ক’লে যে টমৰ হাৰ্ট এটেক হৈছে। ইয়াৰ পিছত ক্লাবে নিশ্চিত কৰে।

এই ঘটনাৰ পিছতে ছ’চিয়েল মিডিয়াত লুটন টাউন ক্লাবে এক বিবৃতি প্ৰকাশ কৰে। ইয়াত লিখা আছিল, “আমাৰ দলৰ চিকিৎসা কৰ্মচাৰীয়ে নিশ্চিত কৰিছে যে লুটনৰ অধিনায়কগৰাকীয়ে খেলপথাৰত হাৰ্ট এটেকত আক্ৰান্ত হৈছিল। কিন্তু ষ্ট্ৰেচাৰত উঠি খেলপথাৰৰ পৰা উলিয়াই অনাৰ বাবে তেওঁ কোনো সঁহাৰি নিদিলে। ষ্টেডিয়ামৰ ভিতৰতে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। যাৰ বাবে আমি পুনৰবাৰ দুয়োপক্ষৰ চিকিৎসা দলক ধন্যবাদ জনাইছো। টমক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। বৰ্তমান তেওঁ সুস্থিৰ হৈ পৰিছে আৰু বৰ্তমান পৰিয়ালৰ সৈতে আছে। চিকিৎসালয়খনত তেওঁৰ কেইবাটাও শাৰীৰিক পৰীক্ষা চলি আছে। আমি সকলো সমৰ্থকক তেওঁলোকৰ প্ৰাৰ্থনা আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ জনাইছো।”

খেলৰ সময়ত লুটন আৰু বৰ্ণমাউথৰ মাজত ১-১ গ’লত সমতা স্থাপন হয়। এই ঘটনাৰ পিছতে খেলখন বাতিল কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক