--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃমৃত্যু কেতিয়া কিদৰে আহে সেয়া কোনেও ক’ব নোৱাৰে। এক মুহূৰ্তৰ অসাৱধানতায়ো দুৰ্ঘটনাৰ সৃষ্টি কৰিব পাৰে। এটা প্ৰবাসী ভাৰতীয় পৰিয়ালে ওমানৰ এটা এনে কঠিন সত্যৰ সন্মুখীন হৈছে। প্ৰবাসী ভাৰতীয়ৰ পৰিয়ালৰ সদস্যসকলে সাগৰৰ পাৰত প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আছিল। কিন্তু হঠাতে, সাগৰৰ পাৰত আচাৰ খাই পৰিল পানীৰ বিশাল ঢৌ। সেই ঢৌৱে মুহূৰ্তৰ ভিতৰতে প্ৰবাসী ভাৰতীয়ৰ পৰিয়ালটোৰ দুটি শিশুক উটুৱাই লৈ যায়। 

চকুৰ সন্মুখতে ঘটি যোৱা ঘটনাটোত বাকৰুদ্ধ হৈ পৰে সকলো । শিশু দুটিৰ পিতৃয়েও সন্তানক বচাবলৈ চেষ্টা কৰোঁতে মৃত্যুবৰণ কৰিছে। এই মৰ্মান্তিক ঘটনাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

javascript:nicTemp();

ঘটনাটো ঘটিছে ওমানৰ ছালহা অঞ্চলৰ মুঘচিয়াল সমুদ্ৰ তীৰত। শশীকান্ত মহামানে আৰু তেওঁৰ দুই সন্তান, ৯ বছৰীয়া শ্ৰুতি আৰু ৬ বছৰীয়া শ্ৰেয়াছৰ এই দুৰ্ঘটনাত মৃত্যু হয়। জানিব পৰা মতে মৰ্মান্তিক ঘটনাৰ বলি হোৱা পৰিয়ালটো মহাৰাষ্ট্ৰৰ বাসিন্দা, কিন্তু এতিয়া তেওঁলোক ডুবাইত থাকে। 

শশীকান্তই ডুবাইৰ এটা কোম্পানীত কাম কৰি আছিল। তেওঁলোকে এদিনৰ বন্ধ লৈ ডুবাইৰ পৰা ওমানৰ সমুদ্ৰতীৰলৈ আহিছিল।ভাইৰেল হোৱা ভিডিঅ'টোৱে সেই ভয়ংকৰ মুহূৰ্তটো ধৰি ৰাখিছে। 

দেখা গৈছে যে শ্ৰুতি আৰু শ্ৰেয়াছে আন পৰ্যটকৰ সৈতে সাগৰৰ পাৰৰ সৌন্দৰ্য উপভোগ কৰি আছিল। কিন্তু হঠাতে শ্ৰুতি আৰু শ্ৰেয়াছ সোঁতত পৰি চকুৰ সন্মুখত উটি যায়। লগে লগে শশীকান্তে তেওঁৰ দুই সন্তানক বচাবলৈ সাগৰত জঁপিয়াই দিয়ে। কিন্তু তেওঁ বেছি পৰ পানীৰ সৈতে যুঁজিব নোৱাৰিলে। স্থানীয় প্ৰশাসনে ডুবাৰুৰ সহায়ত শশীকান্ত আৰু শ্ৰেয়াছৰ মৃতদেহ উদ্ধাৰ কৰিছে। 

শ্ৰুতি এতিয়াও সন্ধানহীন হৈ আছে। স্থানীয় প্ৰশাসনে শ্ৰুতিৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।ইফালে, মহাৰাষ্ট্ৰ প্ৰশাসনৰ সূত্ই প্ৰকাশ কৰা মতে শশীকান্ত মহামানৰ ভাৰতত থকা আত্মীয়সকলে ওমানত সংঘটিত শোকাৱহ ঘটনাৰ বিষয়ে জানিব পাৰিছে আৰু তেওঁলোকে ইতিমধ্যে ওমানলৈ ৰাওনা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে