--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃমৃত্যু কেতিয়া কিদৰে আহে সেয়া কোনেও ক’ব নোৱাৰে। এক মুহূৰ্তৰ অসাৱধানতায়ো দুৰ্ঘটনাৰ সৃষ্টি কৰিব পাৰে। এটা প্ৰবাসী ভাৰতীয় পৰিয়ালে ওমানৰ এটা এনে কঠিন সত্যৰ সন্মুখীন হৈছে। প্ৰবাসী ভাৰতীয়ৰ পৰিয়ালৰ সদস্যসকলে সাগৰৰ পাৰত প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আছিল। কিন্তু হঠাতে, সাগৰৰ পাৰত আচাৰ খাই পৰিল পানীৰ বিশাল ঢৌ। সেই ঢৌৱে মুহূৰ্তৰ ভিতৰতে প্ৰবাসী ভাৰতীয়ৰ পৰিয়ালটোৰ দুটি শিশুক উটুৱাই লৈ যায়। 

চকুৰ সন্মুখতে ঘটি যোৱা ঘটনাটোত বাকৰুদ্ধ হৈ পৰে সকলো । শিশু দুটিৰ পিতৃয়েও সন্তানক বচাবলৈ চেষ্টা কৰোঁতে মৃত্যুবৰণ কৰিছে। এই মৰ্মান্তিক ঘটনাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

javascript:nicTemp();

ঘটনাটো ঘটিছে ওমানৰ ছালহা অঞ্চলৰ মুঘচিয়াল সমুদ্ৰ তীৰত। শশীকান্ত মহামানে আৰু তেওঁৰ দুই সন্তান, ৯ বছৰীয়া শ্ৰুতি আৰু ৬ বছৰীয়া শ্ৰেয়াছৰ এই দুৰ্ঘটনাত মৃত্যু হয়। জানিব পৰা মতে মৰ্মান্তিক ঘটনাৰ বলি হোৱা পৰিয়ালটো মহাৰাষ্ট্ৰৰ বাসিন্দা, কিন্তু এতিয়া তেওঁলোক ডুবাইত থাকে। 

শশীকান্তই ডুবাইৰ এটা কোম্পানীত কাম কৰি আছিল। তেওঁলোকে এদিনৰ বন্ধ লৈ ডুবাইৰ পৰা ওমানৰ সমুদ্ৰতীৰলৈ আহিছিল।ভাইৰেল হোৱা ভিডিঅ'টোৱে সেই ভয়ংকৰ মুহূৰ্তটো ধৰি ৰাখিছে। 

দেখা গৈছে যে শ্ৰুতি আৰু শ্ৰেয়াছে আন পৰ্যটকৰ সৈতে সাগৰৰ পাৰৰ সৌন্দৰ্য উপভোগ কৰি আছিল। কিন্তু হঠাতে শ্ৰুতি আৰু শ্ৰেয়াছ সোঁতত পৰি চকুৰ সন্মুখত উটি যায়। লগে লগে শশীকান্তে তেওঁৰ দুই সন্তানক বচাবলৈ সাগৰত জঁপিয়াই দিয়ে। কিন্তু তেওঁ বেছি পৰ পানীৰ সৈতে যুঁজিব নোৱাৰিলে। স্থানীয় প্ৰশাসনে ডুবাৰুৰ সহায়ত শশীকান্ত আৰু শ্ৰেয়াছৰ মৃতদেহ উদ্ধাৰ কৰিছে। 

শ্ৰুতি এতিয়াও সন্ধানহীন হৈ আছে। স্থানীয় প্ৰশাসনে শ্ৰুতিৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।ইফালে, মহাৰাষ্ট্ৰ প্ৰশাসনৰ সূত্ই প্ৰকাশ কৰা মতে শশীকান্ত মহামানৰ ভাৰতত থকা আত্মীয়সকলে ওমানত সংঘটিত শোকাৱহ ঘটনাৰ বিষয়ে জানিব পাৰিছে আৰু তেওঁলোকে ইতিমধ্যে ওমানলৈ ৰাওনা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক