--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই পদত্যাগ কৰাৰ পাছত অস্থিৰতাই ছানি ধৰিছিল শ্ৰীলংকা৷ সপ্তাহজোৰা অচলাৱস্থাৰ পাছত আজি দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী  ৰণিল বিক্ৰমসিংঘেই তদৰ্থ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰে৷ 

দেশখন দেউলীয়া কৰা অৰ্থনীতিৰ অপব্যৱহাৰৰ বাবে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে হোৱা ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈ নেতাজনে দেশৰ পৰা পলাই যোৱাৰ দুদিন পাছতে আজি তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হয় ৰণিল বিক্ৰমসিংঘেক৷ এক প্ৰেছ বিবৃতিত শ্ৰীলংকা সংসদৰ অধ্যক্ষগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেই সংসদৰ দ্বাৰা নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব।

গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ পাছত শুকুৰবাৰে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেই শ্ৰীলংকাৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। সংসদৰ দ্বাৰা নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱালৈকে বিক্ৰমসিংঘেই তত্ত্বাৱধায়ক ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব। শ্ৰীলংকাৰ অধ্যক্ষই কৈছে যে সংসদ আহ্বান কৰাৰ পিছত অহা সাত দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব।

গোটাবায়া ৰাজপাক্ষে এই সপ্তাহৰ আৰম্ভণিতে মালদ্বীপলৈ পলাই যোৱাৰ কেইঘণ্টামান পাছত বিক্ৰমসিংঘেক কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছিল। শ্ৰীলংকাৰ সংসদত বুধবাৰে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হ'ব বুলি এজন বিষয়াই কৈছিল৷ কিয়নো এই সপ্তাহৰ আৰম্ভণিতে নেতাজনে দেশৰ পৰা পলায়ন কৰাৰ পিছত অধ্যক্ষই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক