--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই পদত্যাগ কৰাৰ পাছত অস্থিৰতাই ছানি ধৰিছিল শ্ৰীলংকা৷ সপ্তাহজোৰা অচলাৱস্থাৰ পাছত আজি দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী  ৰণিল বিক্ৰমসিংঘেই তদৰ্থ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰে৷ 

দেশখন দেউলীয়া কৰা অৰ্থনীতিৰ অপব্যৱহাৰৰ বাবে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে হোৱা ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈ নেতাজনে দেশৰ পৰা পলাই যোৱাৰ দুদিন পাছতে আজি তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হয় ৰণিল বিক্ৰমসিংঘেক৷ এক প্ৰেছ বিবৃতিত শ্ৰীলংকা সংসদৰ অধ্যক্ষগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেই সংসদৰ দ্বাৰা নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব।

গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ পাছত শুকুৰবাৰে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেই শ্ৰীলংকাৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। সংসদৰ দ্বাৰা নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱালৈকে বিক্ৰমসিংঘেই তত্ত্বাৱধায়ক ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব। শ্ৰীলংকাৰ অধ্যক্ষই কৈছে যে সংসদ আহ্বান কৰাৰ পিছত অহা সাত দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব।

গোটাবায়া ৰাজপাক্ষে এই সপ্তাহৰ আৰম্ভণিতে মালদ্বীপলৈ পলাই যোৱাৰ কেইঘণ্টামান পাছত বিক্ৰমসিংঘেক কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছিল। শ্ৰীলংকাৰ সংসদত বুধবাৰে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হ'ব বুলি এজন বিষয়াই কৈছিল৷ কিয়নো এই সপ্তাহৰ আৰম্ভণিতে নেতাজনে দেশৰ পৰা পলায়ন কৰাৰ পিছত অধ্যক্ষই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা