--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিছত উভতি অহাৰ পথতে এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ একেটা পৰিয়ালৰ সাতজনৰ মৃত্যু ঘটিছে। মৃতসকলৰ ভিতৰত দুটি শিশু আৰু তিনিগৰাকী মহিলাও  আছে। ঘটনাটো   ৰাজস্থানৰ চিকাৰ জিলাত সংঘটিত হৈছে। মৃতসকল  উত্তৰ প্ৰদেশৰ মিৰাটৰ বাসিন্দা আছিল। তেওঁলোকে ৰাজস্থানৰ ছালাচাৰৰ বালাজী মন্দিৰত প্ৰাৰ্থনা কৰি ঘৰলৈ উভতি আহিছিল।

 আৰক্ষীয়ে জনোৱা অনুসৰি, গাড়ীখন ৰাজপথত দ্ৰুত গতিত গৈ আছিল। বাটত এখন ট্ৰাকক অভাৰটেক কৰোঁতে, চালকজনে বিপৰীত দিশৰ পৰা অহা এখন গাড়ী এৰাই চলিবলৈ চেষ্টা কৰিছিল। কিন্তু গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়  আৰু আন এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। গাড়ীখনত লগে লগে জুই লাগে। ফলস্বৰূপে, একেটা পৰিয়ালৰ সাতজন লোক জ্বলি নিঃশেষ হয়।

স্থানীয় লোকসকলৰ মতে, চকুৰ সন্মুখত শোকাৱহ দুৰ্ঘটনাটো দেখি বহু লোকে জুই নুমুৱাবলৈ আগবাঢ়ি আহিছিল। অৱশ্যে, জুইৰ তীব্ৰতা এনে আছিল যে গাড়ীখনৰ ওচৰলৈ কোনেও   অগ্ৰসৰ হ'ব  পৰা নাছিল। ইফালে, গাড়ীখনৰ দুৱাৰ  লাগি ধৰাৰ বাবে যাত্ৰীসকলে ভিতৰৰ পৰা দুৱাৰ খুলিব পৰা নাছিল । তেওঁলোকে গাড়ীৰ ভিতৰৰ পৰা সহায়ৰ বাবে চিঞৰি আছিল। স্থানীয় লোকে সহায় কৰিবলৈ চেষ্টা কৰিছিল কিন্তু কোনেও গাড়ীখনৰ ওচৰলৈ যাব পৰা নাছিল। অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতেই  গাড়ীখনৰ সকলো যাত্ৰী জ্বলি মৃত্যুমুখত পৰে।আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ পিছত ট্ৰাকৰ চালক আৰু সহায়ক জনে পলাই যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু