--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিছত উভতি অহাৰ পথতে এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ একেটা পৰিয়ালৰ সাতজনৰ মৃত্যু ঘটিছে। মৃতসকলৰ ভিতৰত দুটি শিশু আৰু তিনিগৰাকী মহিলাও  আছে। ঘটনাটো   ৰাজস্থানৰ চিকাৰ জিলাত সংঘটিত হৈছে। মৃতসকল  উত্তৰ প্ৰদেশৰ মিৰাটৰ বাসিন্দা আছিল। তেওঁলোকে ৰাজস্থানৰ ছালাচাৰৰ বালাজী মন্দিৰত প্ৰাৰ্থনা কৰি ঘৰলৈ উভতি আহিছিল।

 আৰক্ষীয়ে জনোৱা অনুসৰি, গাড়ীখন ৰাজপথত দ্ৰুত গতিত গৈ আছিল। বাটত এখন ট্ৰাকক অভাৰটেক কৰোঁতে, চালকজনে বিপৰীত দিশৰ পৰা অহা এখন গাড়ী এৰাই চলিবলৈ চেষ্টা কৰিছিল। কিন্তু গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়  আৰু আন এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। গাড়ীখনত লগে লগে জুই লাগে। ফলস্বৰূপে, একেটা পৰিয়ালৰ সাতজন লোক জ্বলি নিঃশেষ হয়।

স্থানীয় লোকসকলৰ মতে, চকুৰ সন্মুখত শোকাৱহ দুৰ্ঘটনাটো দেখি বহু লোকে জুই নুমুৱাবলৈ আগবাঢ়ি আহিছিল। অৱশ্যে, জুইৰ তীব্ৰতা এনে আছিল যে গাড়ীখনৰ ওচৰলৈ কোনেও   অগ্ৰসৰ হ'ব  পৰা নাছিল। ইফালে, গাড়ীখনৰ দুৱাৰ  লাগি ধৰাৰ বাবে যাত্ৰীসকলে ভিতৰৰ পৰা দুৱাৰ খুলিব পৰা নাছিল । তেওঁলোকে গাড়ীৰ ভিতৰৰ পৰা সহায়ৰ বাবে চিঞৰি আছিল। স্থানীয় লোকে সহায় কৰিবলৈ চেষ্টা কৰিছিল কিন্তু কোনেও গাড়ীখনৰ ওচৰলৈ যাব পৰা নাছিল। অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতেই  গাড়ীখনৰ সকলো যাত্ৰী জ্বলি মৃত্যুমুখত পৰে।আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ পিছত ট্ৰাকৰ চালক আৰু সহায়ক জনে পলাই যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ