--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত হৈছে এক  ভয়ংকৰ দুৰ্ঘটনা। কলকাতা অভিমুখী  এখন যাত্ৰীবাহী বাছ এখন সেতুৰ পৰা বাগৰি পৰাৰ ফলত ৫ গৰাকী লোক নিহত হৈছে | সোমবাৰে নিশা সংঘটিত  দুৰ্ঘটনাটোত আহত বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ  তালিকা খন আৰু দীঘল হ'ব পাৰে বুলি আশংকা কৰা হৈছে। আন ৩০ জন লোক  গুৰুতৰভাৱে আহত হৈছে । এয়া  এতিয়াও স্পষ্ট  হোৱা নাই যে তেওঁলোক বংগ নে ওড়িশাৰ লোক । ধাৰণা কৰা অনুসৰি  চালকজনে নিয়ন্ত্ৰণ হেৰুৱাইপেলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছে।

সোমবাৰে নিশা প্ৰায় ৯ বজাত দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰাথমিক তথ্য অনুসৰি, ওড়িশাৰ  জয়পুৰ জিলাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাৱতী দলঙৰ পৰা বাছখন বাগৰি পৰে। বাছখনে কটকৰ পৰা কলকাতালৈ প্ৰায় ৫০ গৰাকী  যাত্ৰী কঢ়িয়াই নিছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলৰ চিকিৎসা  চলি আছে।বাছ চালকজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে 

ওড়িশাৰ  মুখ্যমন্ত্ৰী নবীন পাটনায়কে ঘটনাটোত  শোক প্ৰকাশ কৰিছে। ওড়িশা  চৰকাৰে মৃতকৰ পৰিয়ালক ৩ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী নবীন পাটনায়কে  আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু তেওঁলোকক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।  ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement