--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত এক মিম বনাই ৰোষত পৰিবলগীয়া হৈছে ৰাজ্যখনৰ এগৰাকী ইউটিউবাৰ। এনে মিমৰ দ্বাৰা মুখ্যমন্ত্ৰীক অপমান কৰাৰ লগতে এনে আপত্তিজনক মিমে সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ অভিযোগত মঙলবাৰে ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে যুৱকগৰাকী। পশ্চিম বংগৰ নাদিয়া জিলাৰ পৰা তুহিন মণ্ডল নামৰ ২৯ বৰ্ষীয় ইউটিউবাৰ গৰাকীক গ্ৰেপ্তাৰ কৰে কলকাতা আৰক্ষীৰ চোৰাংচোৱা শাখাৰ এটা দলে। 

জিলাখনৰ তাহেৰপুৰ অঞ্চলৰ বাপুজিনগৰত থকা নিজা বাসগৃহৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।এসপ্তাহ পূৰ্বে দক্ষিণ কলকাতাৰ তাৰাতালা আৰক্ষী থানাত এগৰাকী যুৱকে ইউটিউবাৰ গৰাকীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।

কলকাতা আৰক্ষীৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত দিয়া ভাষ্য মতে মণ্ডলে মুখ্যমন্ত্ৰী বেনাৰ্জীৰ ভাষণৰ কিছু অংশ সম্পাদনা কৰি তেওঁৰ মান হানিৰ উদ্দেশ্যে অপমানজনক আৰু আপত্তিজনক মিম প্ৰস্তুত কৰিছিল বুলি অভিযোগ উঠিছিল।

অভিযোগকাৰী যুৱকগৰাকীয়ে ইউটিউবাৰ মণ্ডলৰৰ এনে ধৰণৰ কাৰ্যই সমাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু সামাজিক শান্তি ব্যাহত কৰিব পাৰে বুলি দাবী কৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।

অভিযোগটোত মণ্ডলৰ লগতে আন সাতগৰাকী ব্যক্তিৰ নামো অন্তৰ্ভুক্ত কথা হৈছিল। স্থানীয় আৰক্ষীয়ে অভিযুক্ত আনকেইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰৰ উদ্দেশ্যে অনুসন্ধান চলাই আছে বুলি জানিবলৈ দিছে। আইপিচিৰ প্ৰাসংগিক ধাৰাৰ অধীনত অভিযুক্ত সকলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

উল্লেখ্য যে মমতা বেনাৰ্জীৰ বিৰুদ্ধে কোনো ধৰণৰ কাৰ্যৰ বাবে কোনো ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ উদাহৰণ এয়াই প্ৰথম নহয়। যোৱা জুন মাহত কলকাতা আৰক্ষীয়ে ফেচবুক লাইভ চেছনত মুখ্যমন্ত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে ইউটিউবাৰ ৰোদ্দুৰ ৰয়ক গ্ৰেপ্তাৰ কৰিছিল।

তদুপৰি কলকাতা আৰক্ষীয়ে ২০১২ চনৰ এপ্ৰিলত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক অম্বিকেশ মহাপাত্ৰক মমতা বেনাৰ্জীৰ কাৰ্টুন থকা এটা ইমেইল ফৰৱাৰ্ড কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু