--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নৃত্যক লৈ শেহতীয়াকৈ মন্তব্য কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে। ইয়াৰ পাছতে তেওঁ বিতৰ্কত সোমাই পৰে। ঘটনা অনুসৰি কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (KIFF)ৰ ২৯ সংখ্যক সংস্কৰণৰ সময়ত তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নৃত্য কৰিছিল।

মমতা বেনাৰ্জীক কৰা মন্তব্যৰ সন্দৰ্ভত উভতি ধৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই।

এক সাক্ষাৎকাৰত গিৰিৰাজ সিঙে কয় যে মমতা জী আজিকালি বেলেগ এখন জগতত চলি থাকে ইফালে সমগ্ৰ বংগ দুৰ্নীতিত ডুব গৈছে। দুখীয়াৰ অধিকাৰ কাঢ়ি লৈ ​​দুৰ্নীতি সংঘটিত হৈছে। দুৰ্ভাগ্যজনক যে মুখ্যমন্ত্ৰী মমতাই ছলমান খানৰ সৈতে ফিল্মফেয়াৰত নাচি আছে। গিৰিৰাজ সিঙৰ এই বক্তব্যক লৈ তীব্ৰ মন্তব্য কৰিছে টিএমচিৰ সাংসদ মহুৱা মইত্ৰই।

গিৰিৰাজ সিঙৰ এই বক্তব্যত প্ৰত্যুত্তৰ দিলে মহুৱা মৈত্ৰই। তেওঁ কয়, আপোনাৰ মন্ত্ৰালয়ে এমএনৰেগা কৰ্মীৰ পৰা ৭ হাজাৰ কোটি টকা চুৰি কৰিছে। যিসকল এমএনৰেগা কৰ্মীয়ে শ্ৰম কৰিছে, তেওঁলোকৰ টকা আপুনি ৰাখি থৈছে।

মহুৱা মৈত্ৰই লগতে কয় যে গিৰিৰাজ সিং মিছলীয়া। তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সন্দৰ্ভত ‘থুমকে লগানা’ৰ দৰে শব্দ ব্যৱহাৰ কৰিছিল আৰু এতিয়া তেওঁ কৈছে যে তেওঁ তেনেকৈ কোৱা নাছিল।

বিজেপিৰ সমস্যাটো হ’ল যেতিয়াই তেওঁলোকৰ নেতাই কথা কয় তেতিয়াই মিছা কথা কয়। আমি আনন্দ উদযাপন কৰিছো কাৰণ টিএমচিয়ে আপোনালোকক (বংগৰ পৰা) আঁতৰাই ৰখাত সফল হৈছে। তেওঁ বিজেপিক আক্ৰমণ কৰি কয় যে, "আপুনি (বিজেপি) মহিলা সবলীকৰণ ভাল নাপায়, আপুনি নাৰীক ক্ষমতালৈ আনিব নিবিচাৰে।"

মহুৱা মৈত্ৰৰ এই মন্তব্যৰ সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক