--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নৃত্যক লৈ শেহতীয়াকৈ মন্তব্য কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে। ইয়াৰ পাছতে তেওঁ বিতৰ্কত সোমাই পৰে। ঘটনা অনুসৰি কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (KIFF)ৰ ২৯ সংখ্যক সংস্কৰণৰ সময়ত তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নৃত্য কৰিছিল।

মমতা বেনাৰ্জীক কৰা মন্তব্যৰ সন্দৰ্ভত উভতি ধৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই।

এক সাক্ষাৎকাৰত গিৰিৰাজ সিঙে কয় যে মমতা জী আজিকালি বেলেগ এখন জগতত চলি থাকে ইফালে সমগ্ৰ বংগ দুৰ্নীতিত ডুব গৈছে। দুখীয়াৰ অধিকাৰ কাঢ়ি লৈ ​​দুৰ্নীতি সংঘটিত হৈছে। দুৰ্ভাগ্যজনক যে মুখ্যমন্ত্ৰী মমতাই ছলমান খানৰ সৈতে ফিল্মফেয়াৰত নাচি আছে। গিৰিৰাজ সিঙৰ এই বক্তব্যক লৈ তীব্ৰ মন্তব্য কৰিছে টিএমচিৰ সাংসদ মহুৱা মইত্ৰই।

গিৰিৰাজ সিঙৰ এই বক্তব্যত প্ৰত্যুত্তৰ দিলে মহুৱা মৈত্ৰই। তেওঁ কয়, আপোনাৰ মন্ত্ৰালয়ে এমএনৰেগা কৰ্মীৰ পৰা ৭ হাজাৰ কোটি টকা চুৰি কৰিছে। যিসকল এমএনৰেগা কৰ্মীয়ে শ্ৰম কৰিছে, তেওঁলোকৰ টকা আপুনি ৰাখি থৈছে।

মহুৱা মৈত্ৰই লগতে কয় যে গিৰিৰাজ সিং মিছলীয়া। তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সন্দৰ্ভত ‘থুমকে লগানা’ৰ দৰে শব্দ ব্যৱহাৰ কৰিছিল আৰু এতিয়া তেওঁ কৈছে যে তেওঁ তেনেকৈ কোৱা নাছিল।

বিজেপিৰ সমস্যাটো হ’ল যেতিয়াই তেওঁলোকৰ নেতাই কথা কয় তেতিয়াই মিছা কথা কয়। আমি আনন্দ উদযাপন কৰিছো কাৰণ টিএমচিয়ে আপোনালোকক (বংগৰ পৰা) আঁতৰাই ৰখাত সফল হৈছে। তেওঁ বিজেপিক আক্ৰমণ কৰি কয় যে, "আপুনি (বিজেপি) মহিলা সবলীকৰণ ভাল নাপায়, আপুনি নাৰীক ক্ষমতালৈ আনিব নিবিচাৰে।"

মহুৱা মৈত্ৰৰ এই মন্তব্যৰ সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক