--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট লিখি গ্ৰেপ্তাৰ হৈছে এগৰাকী যুৱতী। যুৱতীগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বেনাৰ্জীক হত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উঠিছে। 

বিশেষ কথাটো হ’ল যে কলকাতাৰ আৰ জি কৰ হাস্পতালত চিকিৎসকগৰাকীৰ ওপৰত হোৱা নৃশংসতাৰ বিৰুদ্ধে পশ্চিম বংগকে ধৰি দেশৰ বহু ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়ত এই বিষয়টো পোহৰলৈ আহিছে।

অভিযুক্ত যুৱতীৰ নাম কীৰ্তি শৰ্মা। ইনষ্টাগ্ৰামত তেওঁ ‘kirtisocial’ হেণ্ডেল চলায়। প্রতিবেদন অনুসৰি তেওঁৰ বিৰুদ্ধে দেশৰ প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ দৰে মুখ্যমন্ত্রী মমতা বেনাৰ্জীক হত্যা কৰিবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ 

এই সন্দৰ্ভত কলকাতা আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ‘kirtisocial’ নামৰ ইনষ্টাগ্ৰাম আইডি থকা অভিযুক্তৰ সন্দৰ্ভত অভিযোগ পোৱা গৈছে। শেহতীয়াকৈ ইউজাৰজনে আৰ জি কৰ হাস্পতালৰ সৈতে জড়িত এই ঘটনা সন্দৰ্ভত তিনিটা ইনষ্টাগ্ৰাম ষ্ট’ৰী আপলোড কৰিছিল। পোষ্টটোত ভুক্তভোগীৰ ফটো আৰু পৰিচয় সন্নিবিষ্ট কৰা হৈছে, যিটো যথেষ্ট আপত্তিজনক।

আৰু কোৱা হৈছে যে, ‘ইয়াৰ লগতে অভিযুক্তই আৰু দুটা কাহিনী শ্বেয়াৰ কৰিছে, য’ত তেওঁ পশ্চিম বংগৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক লৈ আপত্তিজনক মন্তব্য কৰি হত্যাৰ ভাবুকি দিছে। এই মন্তব্যবোৰ হিংসা আৰু সামাজিক অশান্তিৰ সৃষ্টি কৰিব পাৰে আৰু সম্প্ৰদায়ৰ মাজত ঘৃণা বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই