--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট লিখি গ্ৰেপ্তাৰ হৈছে এগৰাকী যুৱতী। যুৱতীগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বেনাৰ্জীক হত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উঠিছে। 

বিশেষ কথাটো হ’ল যে কলকাতাৰ আৰ জি কৰ হাস্পতালত চিকিৎসকগৰাকীৰ ওপৰত হোৱা নৃশংসতাৰ বিৰুদ্ধে পশ্চিম বংগকে ধৰি দেশৰ বহু ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়ত এই বিষয়টো পোহৰলৈ আহিছে।

অভিযুক্ত যুৱতীৰ নাম কীৰ্তি শৰ্মা। ইনষ্টাগ্ৰামত তেওঁ ‘kirtisocial’ হেণ্ডেল চলায়। প্রতিবেদন অনুসৰি তেওঁৰ বিৰুদ্ধে দেশৰ প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ দৰে মুখ্যমন্ত্রী মমতা বেনাৰ্জীক হত্যা কৰিবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ 

এই সন্দৰ্ভত কলকাতা আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ‘kirtisocial’ নামৰ ইনষ্টাগ্ৰাম আইডি থকা অভিযুক্তৰ সন্দৰ্ভত অভিযোগ পোৱা গৈছে। শেহতীয়াকৈ ইউজাৰজনে আৰ জি কৰ হাস্পতালৰ সৈতে জড়িত এই ঘটনা সন্দৰ্ভত তিনিটা ইনষ্টাগ্ৰাম ষ্ট’ৰী আপলোড কৰিছিল। পোষ্টটোত ভুক্তভোগীৰ ফটো আৰু পৰিচয় সন্নিবিষ্ট কৰা হৈছে, যিটো যথেষ্ট আপত্তিজনক।

আৰু কোৱা হৈছে যে, ‘ইয়াৰ লগতে অভিযুক্তই আৰু দুটা কাহিনী শ্বেয়াৰ কৰিছে, য’ত তেওঁ পশ্চিম বংগৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক লৈ আপত্তিজনক মন্তব্য কৰি হত্যাৰ ভাবুকি দিছে। এই মন্তব্যবোৰ হিংসা আৰু সামাজিক অশান্তিৰ সৃষ্টি কৰিব পাৰে আৰু সম্প্ৰদায়ৰ মাজত ঘৃণা বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন