--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে তৃণমূল কংগ্ৰেছত যোগ দিবলৈ মন মেলিছে৷ বছৰৰ আৰম্ভণিতে ওলোৱা এই খবৰটোক লৈ এতিয়া অসমৰ ৰাজনীতিত চলিছে সৰৱ চৰ্চা৷ অসম বিধানসভাৰ নিৰ্বাচনৰ পাছতো প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰি বিজেপি গমন কৰিব পাৰিব বুলি খবৰ ওলাইছিল৷ পৰৱৰ্তী সময়ত সেই কথাক নস্যাৎ কৰিছিল বৰদলৈয়ে৷ এতিয়া বিভিন্ন সামাজিক মাধ্যম আৰু ৰাজনৈতিক মহলত চৰ্চা চলিছে কংগ্ৰেছ সাংসদগৰাকীয়ে তৃণমূল কংগ্ৰেছত যোগ দিবলৈ মন মেলিছে৷ কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছৰ অসমৰ দায়িত্ব ল’বলৈও তেওঁ প্ৰস্তুত বুলি খবৰ ওলাইছে৷

উল্লেখযোগ্য যে, যোৱা ২১ ডিচেম্বৰত মমতা বেনাৰ্জীয়ে অসম ভ্ৰমণ কৰিছিল৷ ইতিমধ্যে, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ দলীয় দায়িত্ব এৰি দলত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিছিল বৰাকৰ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে৷ পাছলৈ মমতা বেনাৰ্জীয়ে সুস্মিতা দেৱক পশ্চিম বংগৰ পৰা তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰাৰ উপৰি ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰো সামগ্ৰিক দায়িত্ব অৰ্পণ কৰিছিল৷ পৰৱৰ্তী সময়ত আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত মমতা বেনাৰ্জীৰ কিছু মোহভংগ ঘটিছে সুস্মিতা দেৱৰ প্ৰতি৷ আকৌ, বৰাকৰ নেত্ৰী সুস্মিতা দেৱৰ ব্ৰহ্মপুত্ৰ উপত্যকাত নাই সামগ্ৰিক গ্ৰহণযোগ্যতা৷ আনহাতে, অসমত হোৱা ‘কা’ আন্দোলনৰ সময়ছোৱাতো সুস্মিতা দেৱৰ মন্তব্যই শলঠেকত পেলাইছিল প্ৰদেশ কংগ্ৰেছক৷ প্ৰদেশ কংগ্ৰেছে ‘কা’ বিৰোধিতা কৰাৰ সময়তে সুস্মিতা দেৱে হিন্দু বঙালী ভোটৰ স্বাৰ্থত ‘কা’ৰ সমৰ্থনত বক্তব্য ৰাখিছিল৷ তৃণমূল কংগ্ৰেছৰ নেত্ৰী হিচাপে অসমত সুস্মিতা দেৱক প্ৰক্ষেপ কৰিব পৰা নাই মমতা বেনাৰ্জীয়ে৷

সেয়ে এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এখন জনপ্ৰিয় মুখৰ সন্ধান কৰিছে তৃণমূল কংগ্ৰেছে৷ আৰু, তৃণমূল কংগ্ৰেছৰ সন্ধানী সেই মুখখনেই প্ৰদ্যুৎ বৰদলৈৰ বুলি সম্প্ৰতি ব্যাপক চৰ্চা চলিছে৷ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক তৃণমূল কংগ্ৰেছত যোগদান কৰোৱাই মমতা বেনাৰ্জীয়ে অসমত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক সম্প্ৰসাৰণ কৰিবলৈ বিচাৰিছে৷ আনহাতে, বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে, সাংসদ বৰদলৈয়ে পৰৱৰ্তী লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা জয়ী হৈ অহাৰ সম্ভাৱনা ক্ষীণ৷ কিয়নো, নগাঁওৰে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সৈতে হোৱা সংঘাত আৰু মনোমালিন্যই বৰদলৈৰ সংসদ যাত্ৰাৰ পথ মসৃণ কৰি নাৰাখিব বুলি সূত্ৰত প্ৰকাশ৷ সেয়ে, আগতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰি প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিব বিচাৰিছে বুলি চৰ্চা চলিছে৷

আৰু যদি চৰ্চা চলাৰ দৰেই সাংসদগৰাকীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে, সেয়াও কংগ্ৰেছ দলটোৰ প্ৰতি হ’ব আন এক মোক্ষম আঘাত৷ বিজেপি গমনৰ খবৰ ওলোৱাৰ পাছত সেই খবৰক পোনছাতেই নাকচ কৰা জ্যেষ্ঠ নেতাগৰাকীয়ে এতিয়াও স্পষ্টীকৰণ দিব নে মৌনতাৰে বতাহত বিয়পা খবৰক ন্যায্যতা দিব, সেয়াহে লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ