--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে তৃণমূল কংগ্ৰেছত যোগ দিবলৈ মন মেলিছে৷ বছৰৰ আৰম্ভণিতে ওলোৱা এই খবৰটোক লৈ এতিয়া অসমৰ ৰাজনীতিত চলিছে সৰৱ চৰ্চা৷ অসম বিধানসভাৰ নিৰ্বাচনৰ পাছতো প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰি বিজেপি গমন কৰিব পাৰিব বুলি খবৰ ওলাইছিল৷ পৰৱৰ্তী সময়ত সেই কথাক নস্যাৎ কৰিছিল বৰদলৈয়ে৷ এতিয়া বিভিন্ন সামাজিক মাধ্যম আৰু ৰাজনৈতিক মহলত চৰ্চা চলিছে কংগ্ৰেছ সাংসদগৰাকীয়ে তৃণমূল কংগ্ৰেছত যোগ দিবলৈ মন মেলিছে৷ কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছৰ অসমৰ দায়িত্ব ল’বলৈও তেওঁ প্ৰস্তুত বুলি খবৰ ওলাইছে৷

উল্লেখযোগ্য যে, যোৱা ২১ ডিচেম্বৰত মমতা বেনাৰ্জীয়ে অসম ভ্ৰমণ কৰিছিল৷ ইতিমধ্যে, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ দলীয় দায়িত্ব এৰি দলত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিছিল বৰাকৰ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে৷ পাছলৈ মমতা বেনাৰ্জীয়ে সুস্মিতা দেৱক পশ্চিম বংগৰ পৰা তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰাৰ উপৰি ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰো সামগ্ৰিক দায়িত্ব অৰ্পণ কৰিছিল৷ পৰৱৰ্তী সময়ত আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত মমতা বেনাৰ্জীৰ কিছু মোহভংগ ঘটিছে সুস্মিতা দেৱৰ প্ৰতি৷ আকৌ, বৰাকৰ নেত্ৰী সুস্মিতা দেৱৰ ব্ৰহ্মপুত্ৰ উপত্যকাত নাই সামগ্ৰিক গ্ৰহণযোগ্যতা৷ আনহাতে, অসমত হোৱা ‘কা’ আন্দোলনৰ সময়ছোৱাতো সুস্মিতা দেৱৰ মন্তব্যই শলঠেকত পেলাইছিল প্ৰদেশ কংগ্ৰেছক৷ প্ৰদেশ কংগ্ৰেছে ‘কা’ বিৰোধিতা কৰাৰ সময়তে সুস্মিতা দেৱে হিন্দু বঙালী ভোটৰ স্বাৰ্থত ‘কা’ৰ সমৰ্থনত বক্তব্য ৰাখিছিল৷ তৃণমূল কংগ্ৰেছৰ নেত্ৰী হিচাপে অসমত সুস্মিতা দেৱক প্ৰক্ষেপ কৰিব পৰা নাই মমতা বেনাৰ্জীয়ে৷

সেয়ে এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এখন জনপ্ৰিয় মুখৰ সন্ধান কৰিছে তৃণমূল কংগ্ৰেছে৷ আৰু, তৃণমূল কংগ্ৰেছৰ সন্ধানী সেই মুখখনেই প্ৰদ্যুৎ বৰদলৈৰ বুলি সম্প্ৰতি ব্যাপক চৰ্চা চলিছে৷ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক তৃণমূল কংগ্ৰেছত যোগদান কৰোৱাই মমতা বেনাৰ্জীয়ে অসমত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক সম্প্ৰসাৰণ কৰিবলৈ বিচাৰিছে৷ আনহাতে, বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে, সাংসদ বৰদলৈয়ে পৰৱৰ্তী লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা জয়ী হৈ অহাৰ সম্ভাৱনা ক্ষীণ৷ কিয়নো, নগাঁওৰে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সৈতে হোৱা সংঘাত আৰু মনোমালিন্যই বৰদলৈৰ সংসদ যাত্ৰাৰ পথ মসৃণ কৰি নাৰাখিব বুলি সূত্ৰত প্ৰকাশ৷ সেয়ে, আগতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰি প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিব বিচাৰিছে বুলি চৰ্চা চলিছে৷

আৰু যদি চৰ্চা চলাৰ দৰেই সাংসদগৰাকীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে, সেয়াও কংগ্ৰেছ দলটোৰ প্ৰতি হ’ব আন এক মোক্ষম আঘাত৷ বিজেপি গমনৰ খবৰ ওলোৱাৰ পাছত সেই খবৰক পোনছাতেই নাকচ কৰা জ্যেষ্ঠ নেতাগৰাকীয়ে এতিয়াও স্পষ্টীকৰণ দিব নে মৌনতাৰে বতাহত বিয়পা খবৰক ন্যায্যতা দিব, সেয়াহে লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু