--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানী আৰু অভিযন্তাসকলে অদূৰ ভৱিষ্যতে মংগল গ্ৰহলৈ মানুহ পঠোৱাৰ কথা চিন্তা কৰি আছে। তাৰমাজতে এই গ্ৰীষ্মকালতে চাৰিজন মানুহে মংগল গ্ৰহত বাস কৰিব। অৱশ্যে তেওঁলোকৰ মংগল গ্ৰহৰ ঘৰখন পৃথিৱীতে থাকিব।

এই চাৰিজন স্বেচ্ছাসেৱককেইজন মঙল গ্ৰহত জীয়াই থকাৰ পৰিৱেশৰ অন্বেষণৰ বাবে কৰা বছৰজোৰা অভিযানৰ অংশ। অদূৰ ভৱিষ্যতে মানুহে মঙল গ্ৰহত উপস্থিত হ’লে কেনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হ’ব, সেয়া তেওঁলোকে অনুভৱ কৰিব। তেওঁলোকৰ বাবে বাসস্থানো তৈয়াৰ কৰা হৈছে সেইদৰেই।

সেই অনুসৰি, মঙল গ্ৰহৰ পৰিৱেশৰ অনুৰূপ তেওঁলোকৰ 3D-প্ৰিণ্টেড বাসস্থানত ব্যক্তিগত ক্ৰু কোৱাৰ্টাৰ, এটা পাকঘৰ, আৰু চিকিৎসা, বিনোদন, ফিটনেছ, কাম, আৰু শস্য বৃদ্ধিৰ কাৰ্য্যকলাপৰ বাবে নিৰ্দিষ্ট স্থানৰ লগতে এটা কাৰিকৰী কৰ্মক্ষেত্ৰ আৰু দুটা বাথৰুম থাকিব। চলিত বৰ্ষৰ জুন মাহৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। তাৰ সমান্তৰালভাৱে চলি থাকে নাছাৰ মঙল গ্ৰহ অভিযান।

নাছাই এক বিবৃতিত কয় যে এই চিমুলেচনৰ সময়ত ক্ৰুৰ সদস্যসকলে চিমুলেচন স্পেচৱাক, ৰবটিক অপাৰেচন, বাসস্থান ৰক্ষণাবেক্ষণ, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, ব্যায়াম, আৰু শস্য বৃদ্ধিকে ধৰি বিভিন্ন ধৰণৰ কাৰ্য্যকলাপ চলাব। হেলিকপ্টাৰ সদৃশ ড্ৰোন আৰু এটা ঘূৰণীয়া ৰবট নিয়ন্ত্ৰণৰ দায়িত্বও তেওঁলোকৰ হাতত থাকিব।

আমেৰিকাৰ মহাকাশ সংস্থাটোৱে মংগল গ্ৰহৰ পৰিৱেশক ভালদৰে বুজিবলৈ এনে তিনিটা এনালগ অভিযানৰ পৰিকল্পনা কৰিছে। এই বছৰ এনালগ মিছন ৱান আৰম্ভ হোৱাৰ বিপৰীতে ২০২৫ চনত দ্বিতীয় মিছন আৰু ২০২৬ চনত তৃতীয় মিছন অনুসৰণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক