--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানী আৰু অভিযন্তাসকলে অদূৰ ভৱিষ্যতে মংগল গ্ৰহলৈ মানুহ পঠোৱাৰ কথা চিন্তা কৰি আছে। তাৰমাজতে এই গ্ৰীষ্মকালতে চাৰিজন মানুহে মংগল গ্ৰহত বাস কৰিব। অৱশ্যে তেওঁলোকৰ মংগল গ্ৰহৰ ঘৰখন পৃথিৱীতে থাকিব।

এই চাৰিজন স্বেচ্ছাসেৱককেইজন মঙল গ্ৰহত জীয়াই থকাৰ পৰিৱেশৰ অন্বেষণৰ বাবে কৰা বছৰজোৰা অভিযানৰ অংশ। অদূৰ ভৱিষ্যতে মানুহে মঙল গ্ৰহত উপস্থিত হ’লে কেনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হ’ব, সেয়া তেওঁলোকে অনুভৱ কৰিব। তেওঁলোকৰ বাবে বাসস্থানো তৈয়াৰ কৰা হৈছে সেইদৰেই।

সেই অনুসৰি, মঙল গ্ৰহৰ পৰিৱেশৰ অনুৰূপ তেওঁলোকৰ 3D-প্ৰিণ্টেড বাসস্থানত ব্যক্তিগত ক্ৰু কোৱাৰ্টাৰ, এটা পাকঘৰ, আৰু চিকিৎসা, বিনোদন, ফিটনেছ, কাম, আৰু শস্য বৃদ্ধিৰ কাৰ্য্যকলাপৰ বাবে নিৰ্দিষ্ট স্থানৰ লগতে এটা কাৰিকৰী কৰ্মক্ষেত্ৰ আৰু দুটা বাথৰুম থাকিব। চলিত বৰ্ষৰ জুন মাহৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। তাৰ সমান্তৰালভাৱে চলি থাকে নাছাৰ মঙল গ্ৰহ অভিযান।

নাছাই এক বিবৃতিত কয় যে এই চিমুলেচনৰ সময়ত ক্ৰুৰ সদস্যসকলে চিমুলেচন স্পেচৱাক, ৰবটিক অপাৰেচন, বাসস্থান ৰক্ষণাবেক্ষণ, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, ব্যায়াম, আৰু শস্য বৃদ্ধিকে ধৰি বিভিন্ন ধৰণৰ কাৰ্য্যকলাপ চলাব। হেলিকপ্টাৰ সদৃশ ড্ৰোন আৰু এটা ঘূৰণীয়া ৰবট নিয়ন্ত্ৰণৰ দায়িত্বও তেওঁলোকৰ হাতত থাকিব।

আমেৰিকাৰ মহাকাশ সংস্থাটোৱে মংগল গ্ৰহৰ পৰিৱেশক ভালদৰে বুজিবলৈ এনে তিনিটা এনালগ অভিযানৰ পৰিকল্পনা কৰিছে। এই বছৰ এনালগ মিছন ৱান আৰম্ভ হোৱাৰ বিপৰীতে ২০২৫ চনত দ্বিতীয় মিছন আৰু ২০২৬ চনত তৃতীয় মিছন অনুসৰণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু