--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ বাবে আহিছে  মহা বিপদ! এইবাৰ বিশ্বব্রহ্মাণ্ডৰ প্ৰাণশক্তিৰ কেন্দ্ৰ সূৰ্যত ধৰা পৰিছে এক বিশাল গহ্বৰ৷ সূৰ্যৰ মাজত সৃষ্টি হোৱা এই বিশাল গাঁতে এতিয়া চিন্তিত কৰি তুলি বিশ্বৰ বিজ্ঞানীমহলক৷ হাইড্ৰ’জেন গেছৰ ভাণ্ডাৰ সূৰ্যত কিয় এনে গাঁতৰ সৃষ্টি হৈছে তাকেলৈ বিজ্ঞানীসকলে আৰম্ভ কৰি দিছে  গৱেষণা৷ শেহতীয়াকৈ মাৰ্কিন  মহাকাশ গৱেষণা  সংস্থা নাছাৰ বিজ্ঞানীসকলে সূৰ্যৰ মাজত অংশত এটা বিশাল ক'লা অঞ্চল দেখিছে৷ 

বিজ্ঞানীসকলৰ মতে গাঁত সদৃশ অঞ্চলটো আমাৰ পৃথিৱীতকৈ ২০  গুণ বেছি ডাঙৰ৷ নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে সূৰ্যত ধৰা পৰা এনে বিশাল গাঁতক  "কৰোনেল ছিদ্ৰ" বুলি কোৱা হয়৷।সূৰ্যত এনে  ছিদ্ৰৰ উপস্থিতি ধৰা পৰাৰ পিছতে   আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এজেঞ্চী এন.ও.এ.এ.-এ ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। নাছাৰ বিজ্ঞানীসকলৰ মতে সূৰ্যৰ  সেই বিশাল ছিদ্ৰটোৱে পৃথিৱীৰ ফালে ২.৯ নিযুত কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত সৌৰ ধুমুহা পৃথিৱীৰ ফালে ঠেলি দিছে৷ 

সেই ধুমুহাই  আমাৰ গ্ৰহটোত আঘাত কৰিব বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। এই সৌৰ ধুমুহাই  আমাৰ গ্ৰহটোত কি প্ৰভাৱ পেলাব তাৰ মূল্যাঙ্কন কৰিবলৈ বিভিন্ন  পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে৷  সূৰ্যৰ পৰা সৃষ্টি হোৱা এনে সৌৰ ধুমুহাই আমাৰ  পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনত প্ৰভাৱ পেলাব৷ ফলত কৃত্ৰিম  উপগ্ৰহ, মোবাইল ফোন আৰু জিপিএছ ব্যৱস্থা প্ৰভাৱান্বিত হ’ব বুলি বিজ্ঞানীসকলে কৈছে৷   ২৩ মাৰ্চত নাছাৰ সৌৰ গতিবিজ্ঞান পৰ্যৱেক্ষণালয়ে (এছডিঅ') সূৰ্যৰ দক্ষিণ মেৰুৰ ওচৰত কৰোনেল ছিদ্ৰটো আৱিষ্কাৰ কৰিছিল। এই ছিদ্ৰবোৰে সৌৰ ধুমুহা (বা ভূ-চুম্বকীয় ধুমুহা) মহাকাশলৈ অধিক সহজে বিয়পাই দিয়ে৷

নাছা গডৰ্ডৰ হেলিঅফিজিক্স চায়েন্স ডিভিজনৰ বিজ্ঞানী এলেক্স ইয়ঙে কয়" বৰ্তমানৰ কৰোনেল ছিদ্ৰটো  প্ৰায় ৩০০,০০০ ৰ পৰা ৪০০,০০০ কিলোমিটাৰ আকাৰৰ। সেয়া ২০-৩০ খন পৃথিৱীৰ সমান৷"  । নাছাৰ মতে, কৰোনেল ছিদ্ৰ অত্যাধিক অতিবেঙুনীয়া (ই.ইউ.ভি.) আৰু এক্স-ৰেই পৃথিৱীক নানান ধৰণে ক্ষতি কৰিব পাৰে৷  এনে সৌৰ ধুমুহাই পৃথিৱীত বাস কৰা লোকসকলৰ ছালৰ ৰোগ সৃষ্টি কৰাৰো আশংকা কৰা হৈছে৷ একেদৰে সাময়িকভাবে বিঘ্নিত হ’ব পাৰে মোবাইল ফোনৰো পৰিসেৱা৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু