--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ বাবে আহিছে  মহা বিপদ! এইবাৰ বিশ্বব্রহ্মাণ্ডৰ প্ৰাণশক্তিৰ কেন্দ্ৰ সূৰ্যত ধৰা পৰিছে এক বিশাল গহ্বৰ৷ সূৰ্যৰ মাজত সৃষ্টি হোৱা এই বিশাল গাঁতে এতিয়া চিন্তিত কৰি তুলি বিশ্বৰ বিজ্ঞানীমহলক৷ হাইড্ৰ’জেন গেছৰ ভাণ্ডাৰ সূৰ্যত কিয় এনে গাঁতৰ সৃষ্টি হৈছে তাকেলৈ বিজ্ঞানীসকলে আৰম্ভ কৰি দিছে  গৱেষণা৷ শেহতীয়াকৈ মাৰ্কিন  মহাকাশ গৱেষণা  সংস্থা নাছাৰ বিজ্ঞানীসকলে সূৰ্যৰ মাজত অংশত এটা বিশাল ক'লা অঞ্চল দেখিছে৷ 

বিজ্ঞানীসকলৰ মতে গাঁত সদৃশ অঞ্চলটো আমাৰ পৃথিৱীতকৈ ২০  গুণ বেছি ডাঙৰ৷ নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে সূৰ্যত ধৰা পৰা এনে বিশাল গাঁতক  "কৰোনেল ছিদ্ৰ" বুলি কোৱা হয়৷।সূৰ্যত এনে  ছিদ্ৰৰ উপস্থিতি ধৰা পৰাৰ পিছতে   আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এজেঞ্চী এন.ও.এ.এ.-এ ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। নাছাৰ বিজ্ঞানীসকলৰ মতে সূৰ্যৰ  সেই বিশাল ছিদ্ৰটোৱে পৃথিৱীৰ ফালে ২.৯ নিযুত কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত সৌৰ ধুমুহা পৃথিৱীৰ ফালে ঠেলি দিছে৷ 

সেই ধুমুহাই  আমাৰ গ্ৰহটোত আঘাত কৰিব বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। এই সৌৰ ধুমুহাই  আমাৰ গ্ৰহটোত কি প্ৰভাৱ পেলাব তাৰ মূল্যাঙ্কন কৰিবলৈ বিভিন্ন  পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে৷  সূৰ্যৰ পৰা সৃষ্টি হোৱা এনে সৌৰ ধুমুহাই আমাৰ  পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনত প্ৰভাৱ পেলাব৷ ফলত কৃত্ৰিম  উপগ্ৰহ, মোবাইল ফোন আৰু জিপিএছ ব্যৱস্থা প্ৰভাৱান্বিত হ’ব বুলি বিজ্ঞানীসকলে কৈছে৷   ২৩ মাৰ্চত নাছাৰ সৌৰ গতিবিজ্ঞান পৰ্যৱেক্ষণালয়ে (এছডিঅ') সূৰ্যৰ দক্ষিণ মেৰুৰ ওচৰত কৰোনেল ছিদ্ৰটো আৱিষ্কাৰ কৰিছিল। এই ছিদ্ৰবোৰে সৌৰ ধুমুহা (বা ভূ-চুম্বকীয় ধুমুহা) মহাকাশলৈ অধিক সহজে বিয়পাই দিয়ে৷

নাছা গডৰ্ডৰ হেলিঅফিজিক্স চায়েন্স ডিভিজনৰ বিজ্ঞানী এলেক্স ইয়ঙে কয়" বৰ্তমানৰ কৰোনেল ছিদ্ৰটো  প্ৰায় ৩০০,০০০ ৰ পৰা ৪০০,০০০ কিলোমিটাৰ আকাৰৰ। সেয়া ২০-৩০ খন পৃথিৱীৰ সমান৷"  । নাছাৰ মতে, কৰোনেল ছিদ্ৰ অত্যাধিক অতিবেঙুনীয়া (ই.ইউ.ভি.) আৰু এক্স-ৰেই পৃথিৱীক নানান ধৰণে ক্ষতি কৰিব পাৰে৷  এনে সৌৰ ধুমুহাই পৃথিৱীত বাস কৰা লোকসকলৰ ছালৰ ৰোগ সৃষ্টি কৰাৰো আশংকা কৰা হৈছে৷ একেদৰে সাময়িকভাবে বিঘ্নিত হ’ব পাৰে মোবাইল ফোনৰো পৰিসেৱা৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক