--°C
Loading...
Listen to Article
2 min read
80%


১৯/ ১২/ ২০২৩ মঙলবাৰ

মেষ ৰাশি: শুভ দিন।  একাগ্ৰতাৰে আজি আপুনি সকলো কামতে সফল হ’ব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে পাৰ্থক্য থাকিব। আহি থকা লাভৰ বাবে যাতে নিজৰ কোনো ধৰণৰ লোকচান নহয়, সেইটো মনত ৰাখিব।  ভাগ্যই সংগ দিব।

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ হ’ব। ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক দিন হ’ব পাৰে। পাৰিবাৰিক জীৱনত সুখ আৰু সন্তুষ্টি থাকিব। বন্ধুবৰ্গক লগ পাই মন আনন্দ হ’ব।

মিথুন ৰাশি: আজি দিনটো আপোনাৰ বাবে প্ৰতিকূলতাৰে ভৰি থাকিব পাৰে। কাম কৰাৰ উৎসাহ হ্ৰাস হ’ব। ব্যৱসায়িক স্থানত বিষয়া আৰু সহকৰ্মীসকলৰ আচৰণো নেতিবাচক হ’ব। ধন ব্যয় হোৱাৰ সম্ভাৱনা। বিৰোধীসকলৰ প্ৰতি সাৱধান হ’ব লাগিব

সিংহ ৰাশি: আজি ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। অৰ্থনৈতিক লাভৰ সম্ভাৱানা আছে। আপুনি বিৰোধীৰ বিৰুদ্ধে জয় লাভ কৰিব পাৰিব। অসুস্থ লোকসকলৰ স্বাস্থ্য উন্নত হ’ব।


কন্যা ৰাশি: বিবাহিত জীৱনত বিবাদ হ’ব পাৰে। সাংসাৰিক আৰু অন্যান্য বিষয়ৰ বাবে আপোনাৰ মন উদাসীন হৈ থাকিব। সামাজিক ক্ষেত্ৰত বিফলতা পাব পাৰে।

তুলা ৰাশি: আপোনাৰ কথা-বতৰাই আনক প্ৰভাৱিত কৰিব পাৰিব আৰু ফলত তেওঁলোকৰ সৈতে সম্পৰ্ক গভীৰ কৰিব। কঠোৰ পৰিশ্ৰম অনুসৰি সন্তোষজনক ফল নাপাব পাৰে। আপুনি যিকোনো কামত সাৱধানতাৰে আগবাঢ়িব।


বৃশ্চিক ৰাশি: প্ৰিয়জনৰ সৈতে সম্পৰ্কত সাৱধান হ’ব লাগিব। মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। ধন আৰু খ্যাতি হেৰুওৱা আশংকা আছে। আজি পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ’ব।

ধনু ৰাশি: আজি নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল হ’ব। আপুনি প্ৰিয়জনৰ সৈতে সুখেৰে সময় অতিবাহিত কৰিব পাৰিব। বন্ধু তথা প্ৰিয়জনক লগ পাই মন সুখী হ’ব।

মকৰ ৰাশি: আজি আপোনাৰ বাবে এটা মিশ্ৰিত দিন হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিভেদৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় ব্যয় পাব পাৰে। আধ্যাত্মিকতাই জীৱনত স্থিৰতা আনিব।


কুম্ভ ৰাশি: আজিৰ দিনটো আৰ্থিক দিশৰ পৰা লাভদায়ক হ’ব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। আপুনি বন্ধু তথা পৰিয়ালৰ সৈতে সুখেৰে সময় অতিবাহিত কৰিব পাৰিব। আধ্যাত্মিকতাৰ সহায়ত আদৰ্শগত নেতিবাচকতা মনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব।

মীন ৰাশি: আজি দিনটো আপুনি সামাজিক কামত ব্যস্ত থাকিব। ধন ব্যয় হ’ব যদিও হঠাতে ধনলাভ হ’ব পাৰে। দূৰৈত বা বিদেশত থকা সন্তানৰ বিষয়ে ভাল খবৰ পাব পাৰে। আপুনি ভ্ৰমণ কৰিব পাৰে। আলহী আহিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement