--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ উন্মাদনাৰ মাজতো জ্বলি আছে মণিপুৰ৷মণিপুৰ আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ উদ্ধৃতি দি ইণ্ডিয়ান এক্সপ্ৰেছত উল্লেখ কৰা হৈছে যে শনিবাৰে পশ্চিম ইম্ফল জিলাৰ কাদাংবেণ্ড অঞ্চলত এজন স্বেচ্ছাসেৱকৰ অজ্ঞাত বন্দুকধাৰীৰ সৈতে গুলীচালনাত মৃত্যু হৈছে।

একে সময়তে আন এটা কাণ্ডত আৰক্ষীয়ে স্থানীয় দৈনিক কাকত ‘কংলেইপাকি মীৰা’ৰ সম্পাদক ৱাংখেমচা শ্যামজাইক উচতনিমূলক বাতৰি প্ৰকাশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, শ্যামজাইৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ ভিতৰত আছে সংঘৰ্ষক উচটনি দিয়া আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ উদ্দেশ্য।

৩ মে’ত জনগোষ্ঠীয় হিংসাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অন্যতম ক্ষেত্ৰ আছিল কাদাংবেণ্ড, অঞ্চলটো কুকি-জো জনগোষ্ঠীৰ সীমান্তত অৱস্থিত কাংপ’কপি জিলাৰ সীমাত অৱস্থিত।সূত্ৰসমূহে জনোৱা মতে, শনিবাৰে পুৱা ৩৫ বছৰীয়া নিনংগ’ম্বম নামৰ এজন ব্যক্তিয়ে অঞ্চলটোক পহৰা দিয়া গ্ৰাম্য স্বেচ্ছাসেৱকৰ এটা গোটৰ অংশ আছিল। একে সময়তে সেই লোকসকলক অস্ত্ৰধাৰী লোকে আক্ৰমণ কৰিছিল।

মণিপুৰত এতিয়ালৈকে ২০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোকক ৰাজ্যখনত জাতিগত হিংসাৰ বাবে স্থানচ্যুত কৰা হৈছে। একে সময়তে, নিৰাপত্তা বাহিনীয়ে গুলীচালনাৰ বিষয়ে তথ্য লাভ কৰাৰ কেইঘণ্টামান পাছত ৪ ডিচেম্বৰত টেংগুপাল জিলাৰ এটা আভ্যন্তৰীণ অংশত ১৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক