--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰদায়িক সংঘৰ্ষৰ ক’লা ছায়া মণিপুৰত৷ গোষ্ঠী সংঘৰ্ষই মণিপুৰৰ শিশুসকলৰ মনত সিঁচি দিলে আতংকৰ বীজ৷ হেৰুৱালে ঘৰ, হেৰুৱালে আপোনজনক৷ আৰু হেৰুৱালে আপোন বিদ্যালয়খন৷ মণিপুৰত সংঘটিত গোষ্ঠীগত সংঘৰ্ষৰ ফলত ১৪,০০০তকৈও অধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী স্থানচ্যুত হৈছে বুলি বুধবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে সদৰী কৰে৷

কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে ৰাজ্যসভাত এক লিখিত উত্তৰত কয় যে মণিপুৰৰ ৯৩ শতাংশতকৈও অধিক শিশুক নিকটতম বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

ৰাজ্যসভাত দেৱীয়ে কয়, মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে মুঠ ১৪,৭৬৩গৰাকী স্কুলীয়া শিশু স্থানচ্যুত হৈছে। এইসকল শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়াৰ সুবিধাৰ বাবে প্ৰতিটো সাহায্য শিবিৰৰ বাবে এজন নোডেল বিষয়া নিয়োগ কৰা হৈছে৷ মন্ত্ৰীগৰাকীয়ে কয়, প্ৰায় ৯৩.৫ শতাংশ স্থানচ্যুত শিক্ষাৰ্থীক বিনামূলীয়াকৈ নিকটতম বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

মণিপুৰত মেইটিইৰ জনসংখ্যা ৫০ শতাংশতকৈও অধিক, আনহাতে প্ৰায় ৪৩ শতাংশ জনসংখ্যা যুটীয়াভাৱে কুকি, নগা আৰু অন্যান্য জনজাতিৰ।
এই বছৰৰ মে’ মাহত আৰম্ভ হোৱা হিংসাত্মক ঘটনাত ১৫০জনৰো অধিক লোক নিহত আৰু কেইবাজনো আহত হৈছে। মণিপুৰ চৰকাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে ৬০,০০০ৰো অধিক লোকক তেওঁলোকৰ ঘৰৰ পৰা স্থানান্তৰিত কৰা হৈছে। যেতিয়া মণিপুৰৰ কুকিসকলে মেইটেইসকলক চৰকাৰী জনজাতীয় মৰ্যাদা দিয়াৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াই উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে কুকি মহিলাৰ ওপৰত হোৱা আক্ৰমণে ভাৰতক লজ্জিত কৰিছে।

মণিপুৰত সংঘটিত হিংসা ৰোধ কৰিবলৈ চৰকাৰে ৰাজ্যখনত ৪০,০০০ নিৰাপত্তাকৰ্মী মোতায়েন কৰিছে। 
মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত ৰাজ্যখনৰ বিজেপি চৰকাৰে কুকি বিদ্ৰোহী গোটবোৰক সম্প্ৰদায়টোক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা