--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্তৰচৰকাৰী  ভ্ৰমণ সমাপ্ত কৰাৰ পিছত যোৱা নিশা দিল্লীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত কৰে  কেবিনেট বৈঠক। মণিপুৰৰ পৰিস্থিতিক লৈয়েই প্ৰধানমন্ত্ৰীয়ে আজিৰ বৈঠক খন অনুষ্ঠিত কৰে। বৈঠকত কেন্দ্ৰীয় গৃহ  মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, হৰদীপ সিং পুৰীৰ লগতে জ্যেষ্ঠ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। 

ইয়াৰ পূৰ্বে আজি শ্বাহে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি  মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে শ্বাহক ৰাজ্যখনৰ " পৰিস্থিতি" সম্পৰ্কে অৱগত কৰিছিল আৰু কৈছিল যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে "যথেষ্ট পৰিমাণে" হিংসা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতিকলৈ    এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল।


শ্বাহে মণিপুৰৰ বিদ্যমান পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে। শ্বাহে আহ্বান কৰা সৰ্বদলীয় বৈঠকত  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু চিপিআই(এম)ৰ সাংসদ জন ব্ৰিটাছৰ লগতে অন্যান্য নেতাসকল উপস্থিত আছিল। ইফালে, প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ছদিনধ ৰি চলি থকা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্ত ভ্ৰমণৰ পিছতে কেবিনেট বৈঠক অনুষ্ঠিত কৰি মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। 

টুইটাৰত মোদীয়ে তেওঁৰ ভ্ৰমণৰ বিষয়ে এনেদৰে লিখিছে "মোৰ ইজিপ্ত ভ্ৰমণ এক ঐতিহাসিক ভ্ৰমণ আছিল। ই ভাৰত-ইজিপ্ত সম্পৰ্কত নতুন উদ্যম যোগ কৰিব আৰু আমাৰ ৰাষ্ট্ৰ দুখনৰ জনসাধাৰণক উপকৃত কৰিব। মই ইজিপ্তৰ ৰাষ্ট্ৰপতি , চৰকাৰ আৰু ইজিপ্তৰ জনসাধাৰণক তেওঁলোকৰ মৰমৰ বাবে ধন্যবাদ জনাইছো।" প্ৰধানমন্ত্ৰী মোডী ২১-২৪ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ পিছত  ২৪-২৫ জুনলৈ ইজিপ্ত ভ্ৰমণ কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক