--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্তৰচৰকাৰী  ভ্ৰমণ সমাপ্ত কৰাৰ পিছত যোৱা নিশা দিল্লীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত কৰে  কেবিনেট বৈঠক। মণিপুৰৰ পৰিস্থিতিক লৈয়েই প্ৰধানমন্ত্ৰীয়ে আজিৰ বৈঠক খন অনুষ্ঠিত কৰে। বৈঠকত কেন্দ্ৰীয় গৃহ  মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, হৰদীপ সিং পুৰীৰ লগতে জ্যেষ্ঠ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। 

ইয়াৰ পূৰ্বে আজি শ্বাহে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি  মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে শ্বাহক ৰাজ্যখনৰ " পৰিস্থিতি" সম্পৰ্কে অৱগত কৰিছিল আৰু কৈছিল যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে "যথেষ্ট পৰিমাণে" হিংসা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতিকলৈ    এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল।


শ্বাহে মণিপুৰৰ বিদ্যমান পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে। শ্বাহে আহ্বান কৰা সৰ্বদলীয় বৈঠকত  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু চিপিআই(এম)ৰ সাংসদ জন ব্ৰিটাছৰ লগতে অন্যান্য নেতাসকল উপস্থিত আছিল। ইফালে, প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ছদিনধ ৰি চলি থকা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্ত ভ্ৰমণৰ পিছতে কেবিনেট বৈঠক অনুষ্ঠিত কৰি মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। 

টুইটাৰত মোদীয়ে তেওঁৰ ভ্ৰমণৰ বিষয়ে এনেদৰে লিখিছে "মোৰ ইজিপ্ত ভ্ৰমণ এক ঐতিহাসিক ভ্ৰমণ আছিল। ই ভাৰত-ইজিপ্ত সম্পৰ্কত নতুন উদ্যম যোগ কৰিব আৰু আমাৰ ৰাষ্ট্ৰ দুখনৰ জনসাধাৰণক উপকৃত কৰিব। মই ইজিপ্তৰ ৰাষ্ট্ৰপতি , চৰকাৰ আৰু ইজিপ্তৰ জনসাধাৰণক তেওঁলোকৰ মৰমৰ বাবে ধন্যবাদ জনাইছো।" প্ৰধানমন্ত্ৰী মোডী ২১-২৪ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ পিছত  ২৪-২৫ জুনলৈ ইজিপ্ত ভ্ৰমণ কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ