--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মে’ মাহৰ আৰম্ভণিৰে পৰা মণিপুৰত সংঘটিত গোষ্ঠীগত হিংসাত প্ৰায় ২০০ জন লোক নিহত হৈছে, শ শ লোক আহত  হৈছে । হাজাৰ হাজাৰ লোক গৃহহাৰা  হৈছে। যুঁজাৰু মেইটেই আৰু কুকি জনজাতিয়ে ইজনে সিজনৰ ওপৰত জঁপিয়াই পৰিছে।ৰাজ্যখনত কেইবা মাহ ধৰি ৰক্তপাত হৈ আছে।

 ৰাজ্য বা কেন্দ্ৰই সমস্যা জৰ্জৰ  উত্তৰ-পূবৰ ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই। কিন্তু এনে গোষ্ঠীগত বিবাদৰ মাজতে মণিপুৰৰ  দুজন কিশোৰে কান্ধত কান্ধ মিলাই  মণিপুৰ আৰু দেশৰ বাবে একেলগে খেলি গৈছে। ভাৰত লাইৰেঞ্জাম, এজন মেইটেই কিশোৰ আৰু লেভিছ জাংমিনলুন, এজন কুকি কিশোৰ।  তেওঁলোকে জাতিগত শত্ৰুতা পাহৰি  দেশৰ বাবে একেলগে খেলি গৈছে। মণিপুৰৰ দুই মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কিশোৰে  দক্ষিণ এছিয়া ফুটবলত ভাৰতক এক ঐতিহাসিক বিজয়ৰ নেতৃত্ব দিছে। ভূটানৰ থিম্ফুত আয়োজিত ফেডাৰেচন চেম্পিয়নশ্বিপত  ভাৰত আৰু লেভিছে বিজয়ী গ'ল 



অৰ্জন কৰাৰ লগতে ভাৰতে বাংলাদেশক ২-০ গ'লত পৰাস্ত কৰে। লগে লগে  ভাৰতে  পঞ্চমবাৰৰ বাবে এছএএফএফ অনুৰ্ধ-১৬ খিতাপ দখল কৰে। দৰাচলতে, ভাৰতে ইয়াৰ সফলতাৰ বাবে সংঘৰ্ষজৰ্জৰ  মণিপুৰৰ ওচৰত ঋণী, কিয়নো খেলি থকা ২৩  জন খেলুৱৈৰ ভিতৰত ১৬  জনএই উত্তৰ-পূবৰ ৰাজ্য খনৰ। ১৬ জনৰ ভিতৰত ১১ জন মেইটেই সম্প্ৰদায়ৰ আৰু চাৰিজন কুকি সম্প্ৰদায়ৰ ।

 বিজয়ত উৎফুল্লিত ভাৰতে কয়  যে তেওঁ এটা গ'ল কৰি আনন্দিত হৈছিল (তেওঁ মাত্ৰ ন মিনিটৰ পিছত গ’লৰ আৰম্ভণি কৰিছিল) আৰু ইয়াক তেওঁৰ "চেম্পিয়নশ্বিপৰ গ'ল" বুলি অভিহিত কৰিছিল। তেওঁ সাংবাদিকৰ আগত কয়, "যদিও দলৰ খেলুৱৈসকল  বিভিন্ন সম্প্ৰদায়ৰ, আমি দলীয় মনোভাৱেৰে সুখেৰে একেলগে মিলি জুলি আছো ।"  মণিপুৰৰ সংকট সন্দৰ্ভত ভাৰতে কয় যে তেওঁ নিজৰ ৰাজ্য খনলৈ  স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ  প্ৰাৰ্থনা কৰিছে... । তেওঁ লগতে কয় যে ফুটবলে  আবেগ হিচাপে কাম কৰে... ই একত্ৰিত কৰে আৰু আমাক বিভেদ বোৰ আঁতৰাই ৰাখিবলৈ সহায় কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু