--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মে’ মাহৰ আৰম্ভণিৰে পৰা মণিপুৰত সংঘটিত গোষ্ঠীগত হিংসাত প্ৰায় ২০০ জন লোক নিহত হৈছে, শ শ লোক আহত  হৈছে । হাজাৰ হাজাৰ লোক গৃহহাৰা  হৈছে। যুঁজাৰু মেইটেই আৰু কুকি জনজাতিয়ে ইজনে সিজনৰ ওপৰত জঁপিয়াই পৰিছে।ৰাজ্যখনত কেইবা মাহ ধৰি ৰক্তপাত হৈ আছে।

 ৰাজ্য বা কেন্দ্ৰই সমস্যা জৰ্জৰ  উত্তৰ-পূবৰ ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই। কিন্তু এনে গোষ্ঠীগত বিবাদৰ মাজতে মণিপুৰৰ  দুজন কিশোৰে কান্ধত কান্ধ মিলাই  মণিপুৰ আৰু দেশৰ বাবে একেলগে খেলি গৈছে। ভাৰত লাইৰেঞ্জাম, এজন মেইটেই কিশোৰ আৰু লেভিছ জাংমিনলুন, এজন কুকি কিশোৰ।  তেওঁলোকে জাতিগত শত্ৰুতা পাহৰি  দেশৰ বাবে একেলগে খেলি গৈছে। মণিপুৰৰ দুই মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কিশোৰে  দক্ষিণ এছিয়া ফুটবলত ভাৰতক এক ঐতিহাসিক বিজয়ৰ নেতৃত্ব দিছে। ভূটানৰ থিম্ফুত আয়োজিত ফেডাৰেচন চেম্পিয়নশ্বিপত  ভাৰত আৰু লেভিছে বিজয়ী গ'ল 



অৰ্জন কৰাৰ লগতে ভাৰতে বাংলাদেশক ২-০ গ'লত পৰাস্ত কৰে। লগে লগে  ভাৰতে  পঞ্চমবাৰৰ বাবে এছএএফএফ অনুৰ্ধ-১৬ খিতাপ দখল কৰে। দৰাচলতে, ভাৰতে ইয়াৰ সফলতাৰ বাবে সংঘৰ্ষজৰ্জৰ  মণিপুৰৰ ওচৰত ঋণী, কিয়নো খেলি থকা ২৩  জন খেলুৱৈৰ ভিতৰত ১৬  জনএই উত্তৰ-পূবৰ ৰাজ্য খনৰ। ১৬ জনৰ ভিতৰত ১১ জন মেইটেই সম্প্ৰদায়ৰ আৰু চাৰিজন কুকি সম্প্ৰদায়ৰ ।

 বিজয়ত উৎফুল্লিত ভাৰতে কয়  যে তেওঁ এটা গ'ল কৰি আনন্দিত হৈছিল (তেওঁ মাত্ৰ ন মিনিটৰ পিছত গ’লৰ আৰম্ভণি কৰিছিল) আৰু ইয়াক তেওঁৰ "চেম্পিয়নশ্বিপৰ গ'ল" বুলি অভিহিত কৰিছিল। তেওঁ সাংবাদিকৰ আগত কয়, "যদিও দলৰ খেলুৱৈসকল  বিভিন্ন সম্প্ৰদায়ৰ, আমি দলীয় মনোভাৱেৰে সুখেৰে একেলগে মিলি জুলি আছো ।"  মণিপুৰৰ সংকট সন্দৰ্ভত ভাৰতে কয় যে তেওঁ নিজৰ ৰাজ্য খনলৈ  স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ  প্ৰাৰ্থনা কৰিছে... । তেওঁ লগতে কয় যে ফুটবলে  আবেগ হিচাপে কাম কৰে... ই একত্ৰিত কৰে আৰু আমাক বিভেদ বোৰ আঁতৰাই ৰাখিবলৈ সহায় কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?