--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত সংঘটিত উত্তেজনাৰ পাছত মঙলবাৰৰ পৰা ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। এই ইণ্টাৰনেট নিৰ্দেশনা দেওবাৰে (১ অক্টোবৰ) সন্ধিয়া ৭.৪৫ বজালৈকে বাহাল থাকিব। 

ইয়াৰ উপৰিও ৰাজ্যৰ সকলো বিদ্যালয় তিনিদিন ধৰি বন্ধ থাকিব। ৰাজ্য চৰকাৰে ঘোষণা কৰে যে বুধবাৰে (২৭ ছেপ্তেম্বৰ) আৰু ২৯ ছেপ্তেম্বৰ (শুকুৰবাৰ) বিদ্যালয়ৰ বন্ধ থাকিব। ৰাজ্যত হজৰত মহম্মদৰ জন্ম জয়ন্তী ঈদ-ই-মিলাদ উপলক্ষে ২৮ ছেপ্টেম্বৰ (বৃহস্পতিবাৰ)ত চৰকাৰী বন্ধৰ দিন।

সোমবাৰে (২৫ ছেপ্টেম্বৰ) ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে জুলাই মাহৰ পৰা মণিপুৰৰ পৰা নিৰুদিষ্ট হোৱা দুজন ছাত্ৰৰ মৃতদেহৰ ছবি। ইয়াৰ পাছত ইম্ফলত অৱস্থিত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী সমদল উলিয়ায়, ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনাৰ আশ্ৰয় লোৱাত ৩০ জনতকৈ অধিক ছাত্ৰ আহত হয়। ইয়াৰ বাবে ৰাজ্যত পুনৰ উত্তেজনা বৃদ্ধি পাইছে।

ৰাজ্যত উত্তেজনাৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে নিৰুদিষ্ট হোৱা ছাত্ৰ-ছাত্ৰীৰ কৰুণ মৃত্যুৰ সন্দৰ্ভত মই ৰাইজক আশ্বস্ত কৰিব বিচাৰো যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰি দোষীক গ্ৰেপ্তাৰ কৰিছে।তেওঁ কয়, “গুৰুত্বপূৰ্ণ তদন্ত আৰু অধিক ক্ষিপ্ৰ কৰিবলৈ চিবিআইৰ সঞ্চালকগৰাকীয়ে বিশেষ দলৰ সৈতে কাইলৈ ​​(বুধবাৰ) পুৱা বিশেষ বিমানেৰে ইম্ফলত উপস্থিত হ’ব।তেওঁলোকৰ উপস্থিতিয়ে এই বিষয়টো ক্ষিপ্ৰতাৰে সমাধান কৰাৰ আমাৰ প্ৰতিশ্ৰুতিৰ কথা কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মোৰ অহৰহ যোগাযোগ আছে। যাতে আমি অপৰাধীক বিচাৰি উলিয়াই ন্যায়লয়ৰো কাষ চাপিব পাৰোঁ৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement