--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত সংঘটিত উত্তেজনাৰ পাছত মঙলবাৰৰ পৰা ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। এই ইণ্টাৰনেট নিৰ্দেশনা দেওবাৰে (১ অক্টোবৰ) সন্ধিয়া ৭.৪৫ বজালৈকে বাহাল থাকিব। 

ইয়াৰ উপৰিও ৰাজ্যৰ সকলো বিদ্যালয় তিনিদিন ধৰি বন্ধ থাকিব। ৰাজ্য চৰকাৰে ঘোষণা কৰে যে বুধবাৰে (২৭ ছেপ্তেম্বৰ) আৰু ২৯ ছেপ্তেম্বৰ (শুকুৰবাৰ) বিদ্যালয়ৰ বন্ধ থাকিব। ৰাজ্যত হজৰত মহম্মদৰ জন্ম জয়ন্তী ঈদ-ই-মিলাদ উপলক্ষে ২৮ ছেপ্টেম্বৰ (বৃহস্পতিবাৰ)ত চৰকাৰী বন্ধৰ দিন।

সোমবাৰে (২৫ ছেপ্টেম্বৰ) ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে জুলাই মাহৰ পৰা মণিপুৰৰ পৰা নিৰুদিষ্ট হোৱা দুজন ছাত্ৰৰ মৃতদেহৰ ছবি। ইয়াৰ পাছত ইম্ফলত অৱস্থিত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী সমদল উলিয়ায়, ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনাৰ আশ্ৰয় লোৱাত ৩০ জনতকৈ অধিক ছাত্ৰ আহত হয়। ইয়াৰ বাবে ৰাজ্যত পুনৰ উত্তেজনা বৃদ্ধি পাইছে।

ৰাজ্যত উত্তেজনাৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে নিৰুদিষ্ট হোৱা ছাত্ৰ-ছাত্ৰীৰ কৰুণ মৃত্যুৰ সন্দৰ্ভত মই ৰাইজক আশ্বস্ত কৰিব বিচাৰো যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰি দোষীক গ্ৰেপ্তাৰ কৰিছে।তেওঁ কয়, “গুৰুত্বপূৰ্ণ তদন্ত আৰু অধিক ক্ষিপ্ৰ কৰিবলৈ চিবিআইৰ সঞ্চালকগৰাকীয়ে বিশেষ দলৰ সৈতে কাইলৈ ​​(বুধবাৰ) পুৱা বিশেষ বিমানেৰে ইম্ফলত উপস্থিত হ’ব।তেওঁলোকৰ উপস্থিতিয়ে এই বিষয়টো ক্ষিপ্ৰতাৰে সমাধান কৰাৰ আমাৰ প্ৰতিশ্ৰুতিৰ কথা কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মোৰ অহৰহ যোগাযোগ আছে। যাতে আমি অপৰাধীক বিচাৰি উলিয়াই ন্যায়লয়ৰো কাষ চাপিব পাৰোঁ৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু