--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে কাকচিং জিলাত বন্দুকৰ আক্ৰমণত বি এছ এফৰ এজন জোৱান আহত হোৱাৰ লগে লগে মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। আহত জোৱানজন হিমাচল প্ৰদেশৰ হেড কনিষ্টবল সোম দত্ত (৪৫) বুলি জানিব পৰা গৈছে।জোৱানজন মণিপুৰৰ সুগনু গাঁৱত গুলীৰ লগাৰ ফলত বাওঁ কান্ধত আঘাতপ্ৰাপ্ত হয়। বিশেষ সূত্ৰই জোৱানজনক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে।


এগৰাকী সেনা বিষয়াই জনাই যে, সুগনুত যোৱা তিনিদিন ধৰি অস্ত্ৰধাৰী লোকে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। শুকুৰবাৰে নিশা তেওঁলোকে মেচিনগান ব্যৱহাৰ কৰি পাহাৰৰ ঢালৰ পৰা গুলীচালনা কৰে। বুধবাৰে সশস্ত্ৰ লোকে সুগনু গাঁৱত আক্ৰমণ কৰি অঞ্চলটোত নিয়োজিত গাঁৱৰ স্বেচ্ছাসেৱকৰ সৈতে বন্দুকৰ যুঁজৰ সূচনা কৰে। যোৱা মে’ মাহত সুগনুৱে তীব্ৰ হিংসাত্মক পৰিস্থিতিৰ সাক্ষী হৈছিল, যাৰ ফলত অসংখ্য ঘৰ জ্বলি গৈছিল আৰু পাঁচজনতকৈ অধিক লোকৰ প্ৰাণ হেৰুৱাইছিল, যাৰ ফলত শ শ গাঁৱৰ লোকে সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক