--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে কাকচিং জিলাত বন্দুকৰ আক্ৰমণত বি এছ এফৰ এজন জোৱান আহত হোৱাৰ লগে লগে মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। আহত জোৱানজন হিমাচল প্ৰদেশৰ হেড কনিষ্টবল সোম দত্ত (৪৫) বুলি জানিব পৰা গৈছে।জোৱানজন মণিপুৰৰ সুগনু গাঁৱত গুলীৰ লগাৰ ফলত বাওঁ কান্ধত আঘাতপ্ৰাপ্ত হয়। বিশেষ সূত্ৰই জোৱানজনক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে।


এগৰাকী সেনা বিষয়াই জনাই যে, সুগনুত যোৱা তিনিদিন ধৰি অস্ত্ৰধাৰী লোকে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। শুকুৰবাৰে নিশা তেওঁলোকে মেচিনগান ব্যৱহাৰ কৰি পাহাৰৰ ঢালৰ পৰা গুলীচালনা কৰে। বুধবাৰে সশস্ত্ৰ লোকে সুগনু গাঁৱত আক্ৰমণ কৰি অঞ্চলটোত নিয়োজিত গাঁৱৰ স্বেচ্ছাসেৱকৰ সৈতে বন্দুকৰ যুঁজৰ সূচনা কৰে। যোৱা মে’ মাহত সুগনুৱে তীব্ৰ হিংসাত্মক পৰিস্থিতিৰ সাক্ষী হৈছিল, যাৰ ফলত অসংখ্য ঘৰ জ্বলি গৈছিল আৰু পাঁচজনতকৈ অধিক লোকৰ প্ৰাণ হেৰুৱাইছিল, যাৰ ফলত শ শ গাঁৱৰ লোকে সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ