--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত আহিল অপেক্ষাকৃত সেই খবৰটো৷ এই খবৰে ধন্য কৰিলে তেওঁৰ অনুৰাগীক, পঢ়ুৱৈক, তেওঁৰ প্ৰিয়তম শুভাকাংক্ষীক৷ গুলজাৰ৷ নামটোতেই আছে নুবুজা আৱেগৰ ঢল৷ ভাৰতীয় সাহিত্যৰ প্ৰাতঃস্মৰণীয় এই ব্যক্তিসত্তালৈ আগবঢ়োৱা হৈছে সন্মানীয় জ্ঞানপীঠ বঁটা৷

উৰ্দু ভাষাৰ প্ৰখ্যাত কবি তথা গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ৫৮সংখ্যক জ্ঞানপীঠ বঁটাপ্ৰাপক হিচাপে মনোনীত কৰা হৈছে বুলি জ্ঞানপীঠ বাছনি সমিতিয়ে শনিবাৰে ঘোষণা কৰে।

গুলজাৰ হিন্দী চিনেমাত তেওঁৰ কালজয়ী গীতসমূহৰ বাবে সুপৰিচিত আৰু এই যুগৰ অন্যতম শ্ৰেষ্ঠ উৰ্দু কবি হিচাপে বিবেচিত৷ ইয়াৰ পূৰ্বে তেওঁ ২০০২ চনত উৰ্দুৰ বাবে সাহিত্য অকাদেমি বঁটা, ২০১৩ চনত দাদা চাহেব ফাল্কে বঁটা, ২০০৪ চনত পদ্মভূষণ আৰু তেওঁৰ চলচ্চিত্ৰ কৰ্মৰ বাবে পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

আনহাতে, চিত্ৰকূটৰ তুলসী পীঠৰ প্ৰতিষ্ঠাপক আৰু মুৰব্বী ৰামভদ্ৰাচাৰ্যলৈও জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে৷ ৰামভদ্ৰাচাৰ্য এজন প্ৰখ্যাত হিন্দু আধ্যাত্মিক নেতা, শিক্ষাবিদ আৰু ১০০খনতকৈও অধিক গ্ৰন্থৰ প্ৰণেতা৷ এক প্ৰেছ বিজ্ঞপ্তিত জ্ঞানপীঠ বাছনি সমিতিয়ে কয়, সংস্কৃত সাহিত্যিক জগদগুৰু ৰামভদ্ৰাচাৰ্য আৰু প্ৰখ্যাত উৰ্দু সাহিত্যিক গুলজাৰক ২০২৩ চনৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে ২০২১ত এই বঁটা লাভ কৰিছিল অসমৰ প্ৰখ্যাত কবি নীলমণি ফুকনে৷ আৰু ২০২২ত দামোদৰ মৌজোৱে এই সন্মানীয় বঁটা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক