--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত আহিল অপেক্ষাকৃত সেই খবৰটো৷ এই খবৰে ধন্য কৰিলে তেওঁৰ অনুৰাগীক, পঢ়ুৱৈক, তেওঁৰ প্ৰিয়তম শুভাকাংক্ষীক৷ গুলজাৰ৷ নামটোতেই আছে নুবুজা আৱেগৰ ঢল৷ ভাৰতীয় সাহিত্যৰ প্ৰাতঃস্মৰণীয় এই ব্যক্তিসত্তালৈ আগবঢ়োৱা হৈছে সন্মানীয় জ্ঞানপীঠ বঁটা৷

উৰ্দু ভাষাৰ প্ৰখ্যাত কবি তথা গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ৫৮সংখ্যক জ্ঞানপীঠ বঁটাপ্ৰাপক হিচাপে মনোনীত কৰা হৈছে বুলি জ্ঞানপীঠ বাছনি সমিতিয়ে শনিবাৰে ঘোষণা কৰে।

গুলজাৰ হিন্দী চিনেমাত তেওঁৰ কালজয়ী গীতসমূহৰ বাবে সুপৰিচিত আৰু এই যুগৰ অন্যতম শ্ৰেষ্ঠ উৰ্দু কবি হিচাপে বিবেচিত৷ ইয়াৰ পূৰ্বে তেওঁ ২০০২ চনত উৰ্দুৰ বাবে সাহিত্য অকাদেমি বঁটা, ২০১৩ চনত দাদা চাহেব ফাল্কে বঁটা, ২০০৪ চনত পদ্মভূষণ আৰু তেওঁৰ চলচ্চিত্ৰ কৰ্মৰ বাবে পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

আনহাতে, চিত্ৰকূটৰ তুলসী পীঠৰ প্ৰতিষ্ঠাপক আৰু মুৰব্বী ৰামভদ্ৰাচাৰ্যলৈও জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে৷ ৰামভদ্ৰাচাৰ্য এজন প্ৰখ্যাত হিন্দু আধ্যাত্মিক নেতা, শিক্ষাবিদ আৰু ১০০খনতকৈও অধিক গ্ৰন্থৰ প্ৰণেতা৷ এক প্ৰেছ বিজ্ঞপ্তিত জ্ঞানপীঠ বাছনি সমিতিয়ে কয়, সংস্কৃত সাহিত্যিক জগদগুৰু ৰামভদ্ৰাচাৰ্য আৰু প্ৰখ্যাত উৰ্দু সাহিত্যিক গুলজাৰক ২০২৩ চনৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে ২০২১ত এই বঁটা লাভ কৰিছিল অসমৰ প্ৰখ্যাত কবি নীলমণি ফুকনে৷ আৰু ২০২২ত দামোদৰ মৌজোৱে এই সন্মানীয় বঁটা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু