--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে চখৰ বাবে ঘৰত বিভিন্ন ধৰণৰ চৰাই পুঁহে। বহুতো প্ৰজাতিৰ চৰাইক পোহনীয়া জন্তু হিচাপে পোহা হয়। কিন্তু দুটা বিশেষ প্ৰজাতিৰ চৰাইক পোঁহাটো সহজ নহয়।

এই দুবিধ চৰাইৰ সংস্পৰ্শ কৰিলে মাৰাত্মক বেমাৰ হ’ব পাৰে। কেৱল সেয়াই নহয়, ইয়াৰ ফলত মৃত্যুও হ’ব পাৰে। চৰাইক স্পৰ্শ কৰি মৃত্যু হোৱা আগতে কেতিয়াবা শুনিছেনে? বিশ্বাস কৰক বা নকৰক। কিন্তু বাস্তৱত এনেকুৱা চৰাই আছে যিবোৰ মাৰাত্মক।

বিষাক্ত সাপ, পোক-পৰুৱা, সৰীসৃপৰ কথা আমি বহুত শুনিছো। কিন্তু বিষাক্ত চৰাই?  শেহতীয়াকৈ এনে দুটা প্ৰজাতি বিজ্ঞানীসকলে বিচাৰি পাইছে।

ডেনমাৰ্কৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা চৰাইৰ প্ৰজাতি দুটাৰ পৰা জনা গৈছে যে এই প্ৰজাতি দুটাৰ চৰাইবোৰ আন পাঁচটা সাধাৰণ চৰাই প্ৰজাতিৰ দৰে নহয়। এই চৰাইবোৰৰ পৰা আঁতৰি থাকিবলৈ বিজ্ঞানীসকলে পক্ষীপ্ৰেমীসকলক পৰামৰ্শ দিছে।

কিন্তু সৌভাগ্যক্ৰমে এই দুই প্ৰজাতিৰ চৰাই ভাৰতত এতিয়ালৈকে পোৱা নাযায়। ডেনমাৰ্কৰ বিজ্ঞানীসকলে মূল অষ্ট্ৰেলিয়াৰ পৰা উত্তৰ দিশৰ নিউগিনি দ্বীপত এই দুটা চৰাই উদ্ধাৰ কৰে।

এই দুবিধ চৰাই কিয় মাৰাত্মক? ডেনমাৰ্কৰ বিজ্ঞানীসকলে বুজাই দিছে। নিউগিনিৰ গভীৰ অৰণ্যত ৰুফ’ছ-নেপড বেলবাৰ্ড (Aliadrius rufinusa) আৰু ৰিজেণ্ট হুইছলাৰ (Pachycephala scalageli)—দুটা প্ৰজাতিৰ চৰাই পোৱা গৈছে।

বিজ্ঞানীসকলে দাবী কৰিছে যে এই চৰাইবোৰে অৰণ্যৰ বিষাক্ত ফল খাই ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে। এই চৰাইবোৰে বিহৰ শক্তি সহ্য কৰাই নহয়, বিষ শৰীৰত জমা কৰি ৰাখে। আৰু সেই বিহ পাখি আৰু ডেউকাত জমা হৈ থাকে।

ডেনমাৰ্কৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ বিজ্ঞানী ক্নুড জেনছনে কয়- ''আমি দুটা প্ৰজাতিৰ বিষাক্ত চৰাই পাইছো। এই চৰাইবোৰে শৰীৰত নিউৰ’টক্সিন উৎপন্ন কৰে। আৰু পাখিত বিহ জমা কৰি ৰাখে।”

এই প্ৰজাতিৰ চৰাইৰ শৰীৰত বেট্ৰাক’টক্সিন নামৰ অতি মাৰাত্মক নিউৰ’টক্সিন পোৱা গৈছে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। যেতিয়া এই বিহ শৰীৰৰ সংস্পৰ্শলৈ আহে তেতিয়া হৃদযন্ত্ৰৰ বিকলতাৰ ফলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হ’ব পাৰে আৰু আনকি মৃত্যুও হ’ব পাৰে।

এই দুই প্ৰজাতিৰ চৰাইয়ে এই ভয়ংকৰ বিহক কেনেদৰে সহ্য কৰে সেয়া বুজিবলৈ চেষ্টা কৰিছে বিজ্ঞানীসকলে। এই বিহৰ লগত তেওঁলোকে নিজকে কেনেকৈ খাপ খুৱাই লয়?

কিন্তু প্ৰথম অৱস্থাত বিজ্ঞানীসকলে ভাবে যে এই দুবিধ চৰাই পোৱা অঞ্চলত ছডিয়ামৰ মাত্ৰা অতি বেছি। আৰু সেই ছডিয়ামে চৰাইৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিছিল।

বিজ্ঞানীসকলে কৈছে যে এই চৰাইটো কেৱল নিউগিনিতেই আছে নে বা আন বিষাক্ত চৰাইও তাত আছে- অনুসন্ধান অব্যাহত আছে। ইয়াৰ উপৰিও তেওঁলোকে লগতে কয় যে এই দুটা প্ৰজাতিৰ চৰাইৰ বিষয়ে আৰু বহুতো অজ্ঞাত তথ্য আছে, যিবোৰৰ ওপৰতো গৱেষণা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক