--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ জীৱনত হয়তো কেতিয়াও নেদেখা দিন আছিল সেইবোৰ। বাট-পথ জনশূন্য, দোকান-পোহাৰ বন্ধ, ঘৰ-দুৱাৰ মাৰি ঘৰতে আবদ্ধ হৈ থকাৰ দিনবোৰ...। হয়, কোভিড কালৰ সেই ভয়াৱহ দিনবোৰৰ কথাই আজি বহুতৰে পুনৰ মনত পৰিছে। কাৰণ আজিৰ দিনটোতে চতুৰ্থ বৰ্ষ পূৰ্ণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ আহ্বান কৰা জনতা কাৰ্ফিউৰ।

 সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিডৰ সময়ত বিশ্বৰ বহু দেশৰ লগতে ভাৰততো জাৰি কৰা হৈছিল লকডাউন। ভাৰততো জনতা কাৰ্ফিউৰ পিছতে আৰম্ভ হৈছিল দীঘলীয়া লক ডাউন। এবছৰতকৈও অধিককাল দেশবাসী হৈ  আছিল গৃহবন্দী।  বাটলৈ ওলালেই বহু ঠাইত মানুহৰ পিঠিত পৰিছিল পুলিচৰ লাঠীৰ কোব। আজি জনতা কাৰ্ফিউৰ ৪ বছৰ সম্পূৰ্ণ হৈছে।

 কোভিড অতিমাৰীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ১৯ মাৰ্চত ঘোষণা কৰিছিল যে ২২ মাৰ্চত সমগ্ৰ দেশতে এদিনৰ বাবে জনতা কাৰফিউ জাৰি কৰা হ'ব। দেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনতা কাৰফিউৰ কথা ঘোষণা কৰিছিল। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে লোকসকলক মাস্ক  পিন্ধিহে বাহিৰলৈ যাবলৈ ,  সামাজিক দূৰত্ব অনুসৰণ কৰিবলৈ, হাত ভালদৰে ধুই থাকিবলৈ আৰু কৰ’নাৰ সকলো নিৰ্দেশনা অনুসৰণ কৰিবলৈও কৈছিল। 

প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, "... আজি মই প্ৰতিগৰাকী দেশবাসীৰ  পৰা আৰু এটা সমৰ্থন বিচাৰিছো, এয়া হৈছে জনতা কাৰফিউ... অৰ্থাৎ, ৰাইজৰ বাবে... ৰাইজে নিজৰ ওপৰতে এক কাৰফিউ জাৰি কৰিছে।" মানুহে প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানলৈ সঁহাৰি জনাইছিল আৰু কৰ’নাৰ বিৰুদ্ধে যুঁজত  সমৰ্থন দিছিল। জনতা কাৰ্ফিউ যেন আৰম্ভনিহে আছিল , তাৰ পিছতে ২০২০ চনৰে ২৪ মাৰ্চৰ সন্ধিয়া চৰকাৰে ২১ দিনৰ বাবে সমগ্ৰ দেশতে লক ডাউন ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত সেই লক ডাউনৰ ম্যাদ বঢ়াই যোৱা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু