--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ, ক্ৰিয়া-প্ৰতিক্ৰিয়া। অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত ওলাই আহিছে বংগৰ মুখ্যমন্ত্ৰী  মমতা বেনাৰ্জী । মমতাই  এক্সত লিখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্ৰীসকলৰ বিৰুদ্ধে তৰোৱালস্বৰূপ  হৈ পৰিছে । 

তেওঁ এইবুলিও কৈছে যে তেওঁ কেজৰিৱালৰ পত্নী সুনীতাৰ সৈতে কথা পাতিছে। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত শুকুৰবাৰে ইণ্ডিয়া এলায়েন্সৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ কাষ চাপিব। ইণ্ডিয়া মিত্ৰজোঁটৰ  দলটোত দুগৰাকী তৃণমূল সদস্যও আছে। উল্লেখ্য কেজৰিৱালক বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। আজি  টিএমচিৰ মুৰব্বী মমতাই  এক্স-হেণ্ডেলত এক দীঘলীয়া টুইটযোগে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে।

মমতাই লিখিছে  "জনসাধাৰণে জনতাই নিৰ্বাচিত কৰি পঠিওৱা বিৰোধী মুখ্যমন্ত্ৰীসকলক লক্ষ্য কৰি লোৱা হৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু যিসকলৰ বিৰুদ্ধে ইডি আৰু চিবিআইৰ ওচৰত অভিযোগ আছে, তেওঁলোকে বিজেপিলৈ গৈ তেওঁলোকৰ কাম অব্যাহত ৰাখিছে। এয়া  গণতন্ত্ৰৰ ওপৰত এটা ডাঙৰ আক্ৰমণ। জনসাধাৰণে নিৰ্বাচন কৰা দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক মই তীব্ৰ গৰিহণা দিছো। "  


মমতাই এইবুলিও  কৈছে যে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ইণ্ডিয়া  মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব। ইণ্ডিয়া  মিত্ৰজোঁটৰ প্ৰতিনিধি দলটোৱে শুকুৰবাৰে  নিৰ্বাচন আয়োগৰ কাষ চাপিব বুলি মমতাই কৈছে। নিৰ্বাচনী  আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত ইণ্ডিয়া  মিত্ৰজোঁটে বিৰোধীক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লোৱা কাৰ্যক কঠোৰ ভাষাৰে  গৰিহণা দিছে। প্ৰতিনিধি দলটোত তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰাইন আৰু নদীমুল হকো আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ