--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ, ক্ৰিয়া-প্ৰতিক্ৰিয়া। অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত ওলাই আহিছে বংগৰ মুখ্যমন্ত্ৰী  মমতা বেনাৰ্জী । মমতাই  এক্সত লিখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্ৰীসকলৰ বিৰুদ্ধে তৰোৱালস্বৰূপ  হৈ পৰিছে । 

তেওঁ এইবুলিও কৈছে যে তেওঁ কেজৰিৱালৰ পত্নী সুনীতাৰ সৈতে কথা পাতিছে। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত শুকুৰবাৰে ইণ্ডিয়া এলায়েন্সৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ কাষ চাপিব। ইণ্ডিয়া মিত্ৰজোঁটৰ  দলটোত দুগৰাকী তৃণমূল সদস্যও আছে। উল্লেখ্য কেজৰিৱালক বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। আজি  টিএমচিৰ মুৰব্বী মমতাই  এক্স-হেণ্ডেলত এক দীঘলীয়া টুইটযোগে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে।

মমতাই লিখিছে  "জনসাধাৰণে জনতাই নিৰ্বাচিত কৰি পঠিওৱা বিৰোধী মুখ্যমন্ত্ৰীসকলক লক্ষ্য কৰি লোৱা হৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু যিসকলৰ বিৰুদ্ধে ইডি আৰু চিবিআইৰ ওচৰত অভিযোগ আছে, তেওঁলোকে বিজেপিলৈ গৈ তেওঁলোকৰ কাম অব্যাহত ৰাখিছে। এয়া  গণতন্ত্ৰৰ ওপৰত এটা ডাঙৰ আক্ৰমণ। জনসাধাৰণে নিৰ্বাচন কৰা দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক মই তীব্ৰ গৰিহণা দিছো। "  


মমতাই এইবুলিও  কৈছে যে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ইণ্ডিয়া  মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব। ইণ্ডিয়া  মিত্ৰজোঁটৰ প্ৰতিনিধি দলটোৱে শুকুৰবাৰে  নিৰ্বাচন আয়োগৰ কাষ চাপিব বুলি মমতাই কৈছে। নিৰ্বাচনী  আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত ইণ্ডিয়া  মিত্ৰজোঁটে বিৰোধীক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লোৱা কাৰ্যক কঠোৰ ভাষাৰে  গৰিহণা দিছে। প্ৰতিনিধি দলটোত তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰাইন আৰু নদীমুল হকো আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু