--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৭ চনত এটা 'অপ্ৰত্যাশিত' ঘটনাক লৈ এক বৃহৎ হুলস্থূলৰ সৃষ্টি হৈছিল। ঘটনাটোৰ সংক্ৰান্তত তৰা গোচৰ এতিয়াও চলি আছে। ঘটনাটো হৈছে হলিউড অভিনেতা ৰিচাৰ্ড গেৰেই ৰাজস্থানত এটা প্ৰচাৰ মূলক অনুষ্ঠানৰ মাজতে বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীক চুম্বন কৰিছিল। ই চৰম বিতৰ্কৰ সৃষ্টি কৰিছিল।

এজন অধিবক্তাই ৰাজহুৱাভাৱে অশালীন আচৰণৰ অভিযোগত হলিউডৰ অভিনেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অৱশ্যে,  অভিনেত্ৰী শিল্পাই গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাই আহিছে। তেওঁ কৈছিল যে ৰিচাৰ্ডৰ বিৰুদ্ধে তেওঁৰ কোনো অভিযোগ নাই। সেই গোচৰটোৰ সংক্ৰান্ততে এইবাৰ বোম্বাই উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰতিক্ৰিয়ালৈ বাট চাইছে।

২০০৭ চনৰ ঘটনাটো এতিয়া প্ৰায় সকলোৱে পাহৰি গৈছে। অভিযোগটো অধিবক্তা পুনম চান্দ ভাণ্ডাৰীয়ে দাখিল কৰিছিল। শিল্পাৰ অধিবক্তা মধুকৰ দলৱীয়ে গোচৰটো খাৰিজ কৰিব বিচাৰিছিল। তেওঁ দাবী কৰিছিল যে ঘটনাটো একো অশালীন নাছিল।

মধুকৰে কয়, "অনুষ্ঠানটো এটা দাতব্য সংস্থাৰ দ্বাৰা আয়োজিত কৰা হৈছিল। মূল উদ্দেশ্য আছিল এইডছৰ বিষয়ে সতৰ্কবাণী প্ৰচাৰ কৰা। কোনো কাৰণ নোহোৱাকৈ এটা সৰু ঘটনাক ডাঙৰ কৰা হৈছে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক