--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৭ চনত এটা 'অপ্ৰত্যাশিত' ঘটনাক লৈ এক বৃহৎ হুলস্থূলৰ সৃষ্টি হৈছিল। ঘটনাটোৰ সংক্ৰান্তত তৰা গোচৰ এতিয়াও চলি আছে। ঘটনাটো হৈছে হলিউড অভিনেতা ৰিচাৰ্ড গেৰেই ৰাজস্থানত এটা প্ৰচাৰ মূলক অনুষ্ঠানৰ মাজতে বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীক চুম্বন কৰিছিল। ই চৰম বিতৰ্কৰ সৃষ্টি কৰিছিল।

এজন অধিবক্তাই ৰাজহুৱাভাৱে অশালীন আচৰণৰ অভিযোগত হলিউডৰ অভিনেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অৱশ্যে,  অভিনেত্ৰী শিল্পাই গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাই আহিছে। তেওঁ কৈছিল যে ৰিচাৰ্ডৰ বিৰুদ্ধে তেওঁৰ কোনো অভিযোগ নাই। সেই গোচৰটোৰ সংক্ৰান্ততে এইবাৰ বোম্বাই উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰতিক্ৰিয়ালৈ বাট চাইছে।

২০০৭ চনৰ ঘটনাটো এতিয়া প্ৰায় সকলোৱে পাহৰি গৈছে। অভিযোগটো অধিবক্তা পুনম চান্দ ভাণ্ডাৰীয়ে দাখিল কৰিছিল। শিল্পাৰ অধিবক্তা মধুকৰ দলৱীয়ে গোচৰটো খাৰিজ কৰিব বিচাৰিছিল। তেওঁ দাবী কৰিছিল যে ঘটনাটো একো অশালীন নাছিল।

মধুকৰে কয়, "অনুষ্ঠানটো এটা দাতব্য সংস্থাৰ দ্বাৰা আয়োজিত কৰা হৈছিল। মূল উদ্দেশ্য আছিল এইডছৰ বিষয়ে সতৰ্কবাণী প্ৰচাৰ কৰা। কোনো কাৰণ নোহোৱাকৈ এটা সৰু ঘটনাক ডাঙৰ কৰা হৈছে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু