--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ প্ৰেমক লৈ প্ৰায়ে চৰ্চা হয়। হৃত্বিকে পত্নী ছুজান খানৰ সৈতে ২০১৪ চনত বিবাহ বিচ্ছেদ কৰে। তেওঁ বৰ্তমান তেওঁতকৈ ১১ বছৰৰ সৰু ছাবা আজাদৰ লগত ডেটিং কৰি আছে। 

বহু অনুষ্ঠান আৰু পাৰ্টিত ছাবা আৰু হৃত্বিকক একেলগে দেখা যায়। ছ’চিয়েল মিডিয়াত দুয়ো একেলগে ছবি পোষ্ট কৰি থাকে আৰু লগতে একেলগে ছুটীতো যায়। বলীউডত গুণগুণনি উঠিছে যে ছাবা আৰু হৃত্বিকে নিজৰ সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ সাজু হৈছে আৰু এই বছৰেই হয়তো দুয়ো বিবাহপাশত আবদ্ধ হ’ব।

বহু সংবাদ মাধ্যমৰ বাতৰি ওলাইছে যে হৃত্বিক ৰোশনে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পাৰে। বহু বাতৰিত কোৱা হৈছে যে হৃত্বিকে ছাবাক ‘গাৰ্লফ্ৰেণ্ড’ৰ পৰা ‘পত্নী’লৈ উত্তৰণ ঘটাব বিচাৰিছে। হৃত্বিকৰ পৰিয়াল আৰু তেওঁৰ দুই সন্তান এই সিদ্ধান্তত অতি সুখী আৰু তেওঁলোকে অনুভৱ কৰে যে ছাবা আজাদ হৃত্বিকৰ পাৰফেক্ট চইচ।

হৃত্বিক আৰু ছাবাই আজাদ নিশ্চিতভাৱে বিয়াৰ কথা ভাবিছে যদিও তেওঁলোকে কোনো খৰখেদা কৰা নাই। বছৰৰ শেষত হয়তো দুয়ো বিবাহপাশত আৱদ্ধ হ’ব। তেওঁলোকে বিয়া পতাৰ সিদ্ধান্ত ল’ব তেতিয়া, যেতিয়া তেওঁলোকৰ সকলো কাম শেষ হ’ব আৰু তেওঁলোকে ইজনে সিজনৰ লগত সময় কটাব পাৰিব আৰু দীঘলীয়া ছুটীত যাব পাৰিব। হৃত্বিক আৰু ছাবাই ধুমধামকৈ বিয়া পতাৰ কথা ভবা নাই। তেওঁলোকে বিচাৰে এটা সৰু অনুষ্ঠান য’ত কেৱল তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীহে জড়িত হৈ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক