--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ প্ৰেমক লৈ প্ৰায়ে চৰ্চা হয়। হৃত্বিকে পত্নী ছুজান খানৰ সৈতে ২০১৪ চনত বিবাহ বিচ্ছেদ কৰে। তেওঁ বৰ্তমান তেওঁতকৈ ১১ বছৰৰ সৰু ছাবা আজাদৰ লগত ডেটিং কৰি আছে। 

বহু অনুষ্ঠান আৰু পাৰ্টিত ছাবা আৰু হৃত্বিকক একেলগে দেখা যায়। ছ’চিয়েল মিডিয়াত দুয়ো একেলগে ছবি পোষ্ট কৰি থাকে আৰু লগতে একেলগে ছুটীতো যায়। বলীউডত গুণগুণনি উঠিছে যে ছাবা আৰু হৃত্বিকে নিজৰ সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ সাজু হৈছে আৰু এই বছৰেই হয়তো দুয়ো বিবাহপাশত আবদ্ধ হ’ব।

বহু সংবাদ মাধ্যমৰ বাতৰি ওলাইছে যে হৃত্বিক ৰোশনে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পাৰে। বহু বাতৰিত কোৱা হৈছে যে হৃত্বিকে ছাবাক ‘গাৰ্লফ্ৰেণ্ড’ৰ পৰা ‘পত্নী’লৈ উত্তৰণ ঘটাব বিচাৰিছে। হৃত্বিকৰ পৰিয়াল আৰু তেওঁৰ দুই সন্তান এই সিদ্ধান্তত অতি সুখী আৰু তেওঁলোকে অনুভৱ কৰে যে ছাবা আজাদ হৃত্বিকৰ পাৰফেক্ট চইচ।

হৃত্বিক আৰু ছাবাই আজাদ নিশ্চিতভাৱে বিয়াৰ কথা ভাবিছে যদিও তেওঁলোকে কোনো খৰখেদা কৰা নাই। বছৰৰ শেষত হয়তো দুয়ো বিবাহপাশত আৱদ্ধ হ’ব। তেওঁলোকে বিয়া পতাৰ সিদ্ধান্ত ল’ব তেতিয়া, যেতিয়া তেওঁলোকৰ সকলো কাম শেষ হ’ব আৰু তেওঁলোকে ইজনে সিজনৰ লগত সময় কটাব পাৰিব আৰু দীঘলীয়া ছুটীত যাব পাৰিব। হৃত্বিক আৰু ছাবাই ধুমধামকৈ বিয়া পতাৰ কথা ভবা নাই। তেওঁলোকে বিচাৰে এটা সৰু অনুষ্ঠান য’ত কেৱল তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীহে জড়িত হৈ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু