--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ শংকৰাচাৰ্যৰ সৈতে গেৰুৱা শিবিৰৰ শংঘাতৰ কথা বহুতেই জানে। বিভিন্ন কথাত অমিল হোৱাৰ বাবেই গেৰুৱা শিবিৰৰ সৈতে পুৰীৰ শংকৰাচাৰ্যৰ শীতল যুদ্ধ চলি আহিছে। এই বাৰ কাৰো নাম নোলোৱাকৈ  শংকৰাচাৰ্য নিশ্লাানন্দ সৰস্বতীয়ে  বিজেপিক সতৰ্ক কৰি দিছে। 

শংকৰাচাৰ্যই কয় "যিসকলে মোৰ সৈতে সংঘাতত লিপ্ত হৈছিল   তেওঁলোক  ক্ষমতাৰ পৰা আঁতৰিবলগীয়া  হৈছে আৰু ধ্বংস হৈছে।’’ তেওঁ উদাহৰণ স্বৰূপে মুলায়ম সিং যাদৱ, লালু প্ৰসাদ যাদৱ, নৰসিংহ ৰাও আৰু জ্যোতি বসুৰ উদাহৰণ দাঙি ধৰে। শংকৰাচাৰ্যই কয় "তেওঁলোকে মোৰ সৈতে  বিতৰ্কত লিপ্ত হোৱাৰ  পিছত মই একো কৰিবলগীয়া নাছিল । তেওঁলোক নিজেই শক্তিহীন আৰু অস্তিত্বহীন হৈ পৰিছিল। "

সাগৰমেলা সন্দৰ্ভত বংগৰ  চৰকাৰৰ স্থিতিৰ প্ৰশংসা কৰি শংকৰাচাৰ্যই কয়, "ৰাজ্য চৰকাৰে গংগাসাগৰ মেলাত নিজৰ  সীমাৰ ভিতৰত থাকি  কাম কৰিছে। ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় ধৰ্মীয় হস্তক্ষেপৰ দ্বাৰা সাগৰমেলাৰ কোনো মৰ্যাদা কলুষিত কৰা নাই। মেলাৰ সকলো ব্যৱস্থা পৰম্পৰা অনুসৰি কৰা হৈছে। "

 শংকৰাচাৰ্যই লগতে কয়, "লোভ, ভয় আৰু উদ্বেগ থকা ব্যক্তিৰ  কথাৰ কোনো প্ৰভাৱ নাথাকে। যদি মোৰ কথাত লোভ, ভয় আৰু উদ্বিগ্নতা থাকিলহেঁতেন তেন্তে মোৰ কথাবোৰে প্ৰভাৱ পেলাব নোৱাৰিলহেঁতেন।  কিন্তু মোৰ কথাবোৰে সেইবোৰ নাই বাবেই  প্ৰভাৱ পেলায়। যদি উচ্চতম ন্যায়ালয়ে মোক মূৰ্তি স্থাপনৰ  বিষয়ে কিবা সুধিলেহেঁতেন তেন্তে  মই সকলোবোৰ চালি-জাৰি চাই মোৰ মতামত দিলোহেঁতেন। " মূৰ্তি বুলি কৈ শংকৰাচাৰ্যই হয়তো ৰামলালাৰ কথাকেই কৈছে বুলি বহুতে আলোচনা কৰিছে। 

বিজেপিয়ে শংকৰাচাৰ্যক কংগ্ৰেছৰ মানুহ  বুলি কৰি অহা অভিযোগৰ প্ৰত্যুত্তৰ দি তেওঁ কয়, "কংগ্ৰেছৰ শাসনকালত মই জনসংঘৰ হৈ কথা পাতিছিলো নেকি? মোদী, যোগী, ছোনিয়া সকলোৱে জানে যে মই কোনো ৰাজনৈতিক দলৰ সমৰ্থন নহয়। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু