--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ শংকৰাচাৰ্যৰ সৈতে গেৰুৱা শিবিৰৰ শংঘাতৰ কথা বহুতেই জানে। বিভিন্ন কথাত অমিল হোৱাৰ বাবেই গেৰুৱা শিবিৰৰ সৈতে পুৰীৰ শংকৰাচাৰ্যৰ শীতল যুদ্ধ চলি আহিছে। এই বাৰ কাৰো নাম নোলোৱাকৈ  শংকৰাচাৰ্য নিশ্লাানন্দ সৰস্বতীয়ে  বিজেপিক সতৰ্ক কৰি দিছে। 

শংকৰাচাৰ্যই কয় "যিসকলে মোৰ সৈতে সংঘাতত লিপ্ত হৈছিল   তেওঁলোক  ক্ষমতাৰ পৰা আঁতৰিবলগীয়া  হৈছে আৰু ধ্বংস হৈছে।’’ তেওঁ উদাহৰণ স্বৰূপে মুলায়ম সিং যাদৱ, লালু প্ৰসাদ যাদৱ, নৰসিংহ ৰাও আৰু জ্যোতি বসুৰ উদাহৰণ দাঙি ধৰে। শংকৰাচাৰ্যই কয় "তেওঁলোকে মোৰ সৈতে  বিতৰ্কত লিপ্ত হোৱাৰ  পিছত মই একো কৰিবলগীয়া নাছিল । তেওঁলোক নিজেই শক্তিহীন আৰু অস্তিত্বহীন হৈ পৰিছিল। "

সাগৰমেলা সন্দৰ্ভত বংগৰ  চৰকাৰৰ স্থিতিৰ প্ৰশংসা কৰি শংকৰাচাৰ্যই কয়, "ৰাজ্য চৰকাৰে গংগাসাগৰ মেলাত নিজৰ  সীমাৰ ভিতৰত থাকি  কাম কৰিছে। ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় ধৰ্মীয় হস্তক্ষেপৰ দ্বাৰা সাগৰমেলাৰ কোনো মৰ্যাদা কলুষিত কৰা নাই। মেলাৰ সকলো ব্যৱস্থা পৰম্পৰা অনুসৰি কৰা হৈছে। "

 শংকৰাচাৰ্যই লগতে কয়, "লোভ, ভয় আৰু উদ্বেগ থকা ব্যক্তিৰ  কথাৰ কোনো প্ৰভাৱ নাথাকে। যদি মোৰ কথাত লোভ, ভয় আৰু উদ্বিগ্নতা থাকিলহেঁতেন তেন্তে মোৰ কথাবোৰে প্ৰভাৱ পেলাব নোৱাৰিলহেঁতেন।  কিন্তু মোৰ কথাবোৰে সেইবোৰ নাই বাবেই  প্ৰভাৱ পেলায়। যদি উচ্চতম ন্যায়ালয়ে মোক মূৰ্তি স্থাপনৰ  বিষয়ে কিবা সুধিলেহেঁতেন তেন্তে  মই সকলোবোৰ চালি-জাৰি চাই মোৰ মতামত দিলোহেঁতেন। " মূৰ্তি বুলি কৈ শংকৰাচাৰ্যই হয়তো ৰামলালাৰ কথাকেই কৈছে বুলি বহুতে আলোচনা কৰিছে। 

বিজেপিয়ে শংকৰাচাৰ্যক কংগ্ৰেছৰ মানুহ  বুলি কৰি অহা অভিযোগৰ প্ৰত্যুত্তৰ দি তেওঁ কয়, "কংগ্ৰেছৰ শাসনকালত মই জনসংঘৰ হৈ কথা পাতিছিলো নেকি? মোদী, যোগী, ছোনিয়া সকলোৱে জানে যে মই কোনো ৰাজনৈতিক দলৰ সমৰ্থন নহয়। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement