--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আম আদমী পাৰ্টীয়ে আজি দিল্লীত এক বৃহৎ ৰেলী অনুষ্ঠিত কৰে৷ ৰামলীলা ময়দানত আয়োজিত  'লোকতন্ত্ৰ বচাও' (গণতন্ত্ৰ বচাও) ৰেলীৰ জড়িয়তে  লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া  ব্লকে ইয়াৰ  শক্তি আৰু ঐক্য প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে৷ ৰেলীত বিৰোধী শিবিৰৰ কেইবাজনো নেতা উপস্থিত থাকে৷  

তেওঁলোকৰ ভিতৰত  কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলটোৰ  জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, এনচিপিৰ সৰ্বোচ্চ নেতা শাৰদ পাৱাৰ, শিৱসেনা (ইউবিটি)ৰ মুৰব্বী উদ্ধৱ ঠাকৰে, আৰজেডিৰ তেজস্বী যাদৱ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই সোৰেন, নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লা, পিডিপিৰ মুৰব্বী মেহবুবা মুফতি আৰু তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰিয়েন আদি অন্যতম।উল্লেখ্য দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল বৰ্তমান আবকাৰী নীতি আৰু  ধন সৰবৰাহৰ গোচৰত  প্ৰৱৰ্তন সঞ্চালকালয়ৰ জিম্মাত আছে।

আবকাৰী কেলেংকাৰীৰ গোচৰত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি মহাৰেলীত গৰজি উঠে কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে৷  দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত ইণ্ডিয়া এলায়েন্সৰ মেগা ৰেলীত যোগদান কৰি সুনীতাই অৰবিন্দ কেজৰিৱালৰ বাৰ্তা সমবেত জনতাক  পঢ়ি শুনায় । সুনীতাই কয় যে কাৰাগাৰত থকা কেজৰিৱালে  ৬ টা গেৰাণ্টি দিছে। সুনীতা কেজৰিৱালে কয় "ভাৰতৰ জনতা অৰবিন্দ কেজৰিৱালৰ সৈতে আছে। তেওঁক চিৰদিনৰ বাবে বন্দী কৰি ৰাখিব নোৱাৰিব। "

ভাষণৰ আৰম্ভণিতে সুনীতাই কয়, "আপোনালোকৰ মৰমৰ  কেজৰিৱালে কাৰাগাৰৰ পৰা আপোনালোকৰ  বাবে এটা বাৰ্তা প্ৰেৰণ কৰিছে। কিন্তু মই এয়া  পঢ়াৰ আগতে   আপোনালোকক সুধিব বিচাৰো- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোৰ স্বামীক কাৰাগাৰত ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে সঠিক কাম কৰিছেনে? আপোনালোকে  বিশ্বাস নকৰে নেকি যে কেজৰিৱাল এজন প্ৰকৃত দেশপ্ৰেমী আৰু এজন সৎ ব্যক্তি?  বিজেপিৰ লোকসকলে কৈছে কেজৰিৱাল কাৰাগাৰত আছে, তেওঁ পদত্যাগ কৰা উচিত। 

তেওঁ পদত্যাগ কৰা উচিত নেকি? আপোনালোকৰ কেজৰিৱাল সিংহ, তেওঁলোকে তেওঁক চিৰদিনৰ বাবে কাৰাগাৰত ৰাখিব নোৱাৰে।’’  একে সময়তে সুনীতাই  কয়, "ভাৰতৰ বাবে   কেজৰিৱালৰ ছটা গেৰাণ্টি কি? এই ছটা প্ৰতিশ্ৰুতিৰ ভিতৰত আছে সমগ্ৰ দেশতে ২৪ ঘণ্টা বিদ্যুৎ যোগান,  সমগ্ৰ দেশৰ দৰিদ্ৰ লোকসকলক বিনামূলীয়া বিদ্যুৎ, প্ৰতিখন গাঁৱত উৎকৃষ্ট চৰকাৰী বিদ্যালয়, প্ৰতিখন গাঁৱত মহল্লা ক্লিনিকৰ লগতে প্ৰতিখন জিলাত  অত্যাধুনিক  চৰকাৰী চিকিৎসালয় আৰু দেশৰ প্ৰতিজন লোকৰ বাবে বিনামূলীয়া চিকিৎসা, কৃষকৰ শস্যৰ ন্যায্য মূল্য আৰু দিল্লীক  ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা । উল্লেখ্য অৰবিন্দ কেজৰিৱালক আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু তেওঁ কাৰাগাৰৰ পৰাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বিৰোধীয়ে অভিযোগ কৰিছে যে কেজৰিৱালৰ গ্ৰেপ্তাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰহে মাথো৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ