--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৩১ মাৰ্চত  প্ৰবীণ ৰাজনীতিক তথা ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী  লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীৰ বাসগৃহলৈ গৈ  তেওঁক সন্মানীয় বঁটাটো প্ৰদান কৰে। এল কে আদৱানীয়ে কালি শাৰীৰিক  অসুস্থতাৰ বাবে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ ভাৰতৰত্ন গ্ৰহণ কৰিব পৰা নাছিল। সেয়ে তেওঁক ৰাষ্ট্ৰপতিয়ে বাসভৱনলৈ গৈ বঁটা  প্ৰদানৰ  সিদ্ধান্ত লোৱা হৈছিল৷  ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল  যে জ্যেষ্ঠ বিজেপি নেতাগৰাকীক ভাৰত ৰত্ন প্ৰদান কৰা হ'ব৷ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত  প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল  যে ভাৰতৰ উন্নয়নত প্ৰাক্তন কেন্দ্ৰীয় উপ-প্ৰধানমন্ত্ৰীগৰাকীৰ অৱদান স্মৰণীয় হৈ ৰ’ব। 

উল্লেখ্য শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে  দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন  মৰণোত্তৰভাৱে চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ প্ৰদান কৰিছিল।  ৰাষ্ট্ৰপতি ভৱনত  আয়োজিত অনুষ্ঠিত ভাৰতৰত্ন  প্ৰদান অনুষ্ঠানত চৌধুৰী চৰণ সিঙৰ হৈ নাতি জয়ন্ত সিঙে, পি ভি নৰসিংহ ৰাওৰ হৈ পুত্ৰ পি ভি প্ৰভাকৰ ৰাৱে, কৰ্পুৰী ঠাকুৰৰ হৈ পুত্ৰ ৰাম নাথ ঠাকুৰে আৰু এম এছ স্বামী নাথনৰ হৈ তেওঁৰ কন্যা নিত্যা ৰাৱে আনুষ্ঠানিকভাৱে সন্মান গ্ৰহণ কৰিছিল । লগতে দেশৰ বাবে সেৱা আগবঢ়োৱা  প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীক তেওঁৰ বাসভৱনলৈ গৈ  ৰাষ্ট্ৰপতিয়ে ভাৰতৰত্ন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ কালি  মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা   ব্যক্তিসকল হৈছে পি ভি নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং, বিহাৰৰ ভূতপূৰ্ব প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰ আৰু সেউজ বিল্পৱৰ অগ্ৰদূত এম এছ স্বামীনাথন। 

শাৰীৰিক অসুস্থতাৰ বাবে অটল বিহাৰী বাজপেয়ী  মন্ত্ৰীসভাৰ উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীক  অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল। সেয়েহে তেওঁক ৩১ মাৰ্চত ৰাষ্ট্ৰপতিয়ে আদৱানীৰ বাসভৱনলৈ  গৈ  ভাৰত ৰত্ন প্ৰদান কৰে। এইবেলি  ভাৰত চৰকাৰে মুঠ ৫ গৰাকী বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা  ব্যক্তিলৈ ভাৰত ৰত্ন সন্মান আগবঢ়াইছে । দেশত এতিয়া সৰ্বমুঠ ভাৰত ৰত্ন লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছেগৈ  ৫৩ গৰাকী।বিহাৰৰ ভূতপূৰ্ব প্ৰাক্তন মুখ্যমন্ত্ৰী জননায়ক কৰ্পুৰী ঠাকুৰ   দুবাৰকৈ  বিহাৰৰ মুখ্যমন্ত্ৰী আৰু এবাৰ   উপ-মুখ্যমন্ত্ৰী পদত আছিল। অতি সহজ-সৰল জীৱন যাপন কৰা কৰ্পুৰী ঠাকুৰে সমাজৰ উন্নয়ৰ বাবে ভালেখিনি কাম কৰি গৈছে। ভাৰত ৰত্ন  প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , গৃহমন্ত্ৰী অমিত শ্বাহ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়কে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টিৰ জন্মৰ অন্যতম ৰূপকাৰ আছিল লালকৃষ্ণ আদৱানী। আদৱানীয়ে সেই সময়ত জনতা দল ত্যাগ কৰি সহযোগীসকলৰ সৈতে বিজেপি গঠন কৰিছিল। 

তেওঁৰ উত্থানৰ লগে লগে দেশত ৰামৰ ৰাজনীতিও  আৰম্ভ হৈছিল। গেৰুৱা শিবিৰৰ বহু যুদ্ধৰ নায়কগৰাকীক  এইবাৰ ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হ'ব।লালকৃষ্ণ আদৱানীৰ  জন্ম ১৯২৭ চনৰ  ৮ নৱেম্বৰত।  কৰাচীৰ এটা  সিন্ধি হিন্দু পৰিয়ালত জন্ম হৈছিল আদৱানীৰ ।  পিতৃ-মাতৃ কৃষ্ণ চান্দ ডি আদৱানী আৰু মাতৃ  গিয়ানী দেৱী। তেওঁ কৰাচীৰ ছেইণ্ট পেট্ৰিক হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত সিন্ধৰ হায়দৰাবাদৰ চৰকাৰী মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল। দেশ বিভাজনৰ সময়ত  তেওঁৰ পৰিয়ালটোৱে ভাৰতলৈ প্ৰব্ৰজন কৰে আৰু বোম্বাইত বসতি স্থাপন কৰে।  আদৱানীয়ে  বোম্বাই বিশ্ববিদ্যালয়ৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰে। এল.কে. আদৱানীয়ে ১৯৬৫ চনৰ ফেব্ৰুৱাৰী মাহত  কমলা আদৱানীক (১৯৩২-২০১৯) বিয়া কৰাইছিল।  আদৱানীৰ এজন পুত্ৰ  জয়ন্ত আৰু প্ৰতিভা নামৰ এগৰাকী  কন্যা আছে। প্ৰতিভা আদৱানীয়ে টিভি ধাৰাবাহিক অনুষ্ঠান প্ৰযোজনা কৰে। আদৱানীৰ পত্নী কমলা আদৱানীৰ  ২০১৬ চনৰ ৬ এপ্ৰিলত  মৃত্যু ঘটে। আদৱানীয়ে তেওঁ ১৯৪১ চনত ১৪ বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰি নানান ঠাইত সংঘৰ হৈ কাম কৰিছিল। 

মাই কাণ্ট্ৰী মাই লাইফ এল কে আদৱানীৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ।  তেওঁ  ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম  উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চৰকাৰৰ গৃহমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দশম লোকসভা আৰু চতুৰ্দশ লোকসভাত বিৰোধী দলৰ নেতা আছিল। ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল।২০১৫ চনত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ  প্ৰদান কৰা হৈছিল।আনহাতে  সেউজ বিপ্লৱত অগ্ৰণী ভূমিকা পালন কৰা ড০ এম এছ স্বামীনাথনক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়৷
ড০ স্বামীনাথনৰ দূৰদৰ্শী নেতৃত্বই ভাৰতীয় কৃষিখণ্ডৰ পৰিৱৰ্তন সাধন কৰাই নহয়, দেশৰ খাদ্য সুৰক্ষা আৰু সমৃদ্ধিও নিশ্চিত কৰিছে।আনহাতে  প্ৰধানমন্ত্ৰী হিচাপে  নৰসিংহ ৰাওৰ কাৰ্যকালত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল, যিয়ে ভাৰতক বিশ্বৰ  বজাৰৰ বাবে পথ  মুকলি কৰি দিয়াৰ লগতে অৰ্থনৈতিক উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিছিল।

এগৰাকী বিশিষ্ট পণ্ডিত আৰু ৰাষ্ট্ৰনেতা হিচাপে নৰসিংহ ৰাৱে বিভিন্ন পদবীত থাকি  ভাৰতৰ প্ৰতি অপৰিসীম সেৱা আগবঢ়াইছিল।প্ৰধানমন্ত্ৰী হিচাপে নৰসিংহ ৰাৱে ভাৰতৰ বৈদেশিক নীতি, ভাষা আৰু শিক্ষা খণ্ডলৈ অমূল্য অৱদান আগবঢ়াইছিল।একেদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙকো প্ৰদান কৰা হয়  ভাৰত ৰত্ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু