--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন সকলোৰে জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। মানুহবোৰ মোবাইলৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিছে যে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ফোনটো বিচাৰে। কেৱল এয়াই নহয়, খোৱা-বোৱা, শোৱাৰ সময়তো মানুহে নিজৰ ফোনটো নেৰে। ইয়াক মোবাইলৰ নিচা বুলি ক’লেও ভুল নহয়। কিন্তু এই পৰিস্থিতি অতি বিপদজনক আৰু এতিয়া সাৱধান হোৱাৰ সময় আহি পৰিছে।

কিছুমান মানুহে মোবাইল ওচৰতে ৰাখি বা গাৰুৰ তলত ৰাখি শোৱাৰ অভ্যাস আছে। এইটো এটা অতি বিপদজনক পৰিস্থিতি। ইয়াৰ ফলত বহু ক্ষতি হয়।

বেছিভাগ মানুহেই নাজানে শুই থকাৰ সময়ত ম’বাইলটো কিমান দূৰত ৰাখিব লাগে। মোবাইলটো ওচৰতে ৰাখি শুই থকা মানুহবোৰ, বহুত সমস্যাৰ মাজেৰে পাৰ হ’বলগীয়া হয়। এই সন্দৰ্ভত WHO য়েও সতৰ্কবাণী জাৰি কৰিছে। ৯০ শতাংশ কিশোৰ আৰু ৬৮ শতাংশ প্ৰাপ্তবয়স্কই মোবাইল লৈ শোৱে।

মোবাইলৰ পৰা ওলোৱা ৰেডিয়চনৰ পৰা হাত সাৰিবলৈ শুই থকাৰ সময়ত ইয়াক আঁতৰত ৰখাই ভাল। মোবাইলটো আপোনাৰ শোৱা কোঠাৰ পৰা আঁতৰত ৰাখিলে ভাল। যদি এয়া সম্ভৱ নহয় তেন্তে শুই থকাৰ সময়ত মোবাইলটো কমেও ৩ ফুট দূৰত ৰাখক। এনে কৰিলে ম’বাইলৰ পৰা ওলোৱা ৰেডিঅ’ ফ্ৰিকুৱেন্সি ইলেক্ট্ৰ’ মেগনেটিকৰ শক্তি কমি যায়। এইদৰে আপুনি এই বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়। সেইবাবেই ফোনটো লগত লৈ কেতিয়াও নুশুব। আঠুৱাৰ তলত ৰাখি শুই নাথাকিব।

চলন্ত বিকিৰণৰ প্ৰভাৱৰ কিছু ইংগিতো লাভ কৰা হৈছে। নিজৰ লগত মোবাইল ৰাখি শুই থকাসকলৰ বাবে বিপদৰ বিষয়ে সকীয়াই দিছে WHO-এ। WHOৰ তথ্য অনুসৰি পেশীৰ বিষ, মূৰৰ বিষ আৰু প্ৰজনন ক্ষমতাও প্ৰভাৱিত হয়। ম’বাইলৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে টোপনি প্ৰেৰণাদায়ক হৰম’নৰ ভাৰসাম্যতাও বিঘ্নিত কৰে। ইয়াৰ বাবে টোপনিৰ অসুবিধা হয় আৰু জৈৱ চক্ৰতো বিঘিনি ঘটিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক