--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন সকলোৰে জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। মানুহবোৰ মোবাইলৰ প্ৰতি ইমানেই আসক্ত হৈ পৰিছে যে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ফোনটো বিচাৰে। কেৱল এয়াই নহয়, খোৱা-বোৱা, শোৱাৰ সময়তো মানুহে নিজৰ ফোনটো নেৰে। ইয়াক মোবাইলৰ নিচা বুলি ক’লেও ভুল নহয়। কিন্তু এই পৰিস্থিতি অতি বিপদজনক আৰু এতিয়া সাৱধান হোৱাৰ সময় আহি পৰিছে।

কিছুমান মানুহে মোবাইল ওচৰতে ৰাখি বা গাৰুৰ তলত ৰাখি শোৱাৰ অভ্যাস আছে। এইটো এটা অতি বিপদজনক পৰিস্থিতি। ইয়াৰ ফলত বহু ক্ষতি হয়।

বেছিভাগ মানুহেই নাজানে শুই থকাৰ সময়ত ম’বাইলটো কিমান দূৰত ৰাখিব লাগে। মোবাইলটো ওচৰতে ৰাখি শুই থকা মানুহবোৰ, বহুত সমস্যাৰ মাজেৰে পাৰ হ’বলগীয়া হয়। এই সন্দৰ্ভত WHO য়েও সতৰ্কবাণী জাৰি কৰিছে। ৯০ শতাংশ কিশোৰ আৰু ৬৮ শতাংশ প্ৰাপ্তবয়স্কই মোবাইল লৈ শোৱে।

মোবাইলৰ পৰা ওলোৱা ৰেডিয়চনৰ পৰা হাত সাৰিবলৈ শুই থকাৰ সময়ত ইয়াক আঁতৰত ৰখাই ভাল। মোবাইলটো আপোনাৰ শোৱা কোঠাৰ পৰা আঁতৰত ৰাখিলে ভাল। যদি এয়া সম্ভৱ নহয় তেন্তে শুই থকাৰ সময়ত মোবাইলটো কমেও ৩ ফুট দূৰত ৰাখক। এনে কৰিলে ম’বাইলৰ পৰা ওলোৱা ৰেডিঅ’ ফ্ৰিকুৱেন্সি ইলেক্ট্ৰ’ মেগনেটিকৰ শক্তি কমি যায়। এইদৰে আপুনি এই বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়। সেইবাবেই ফোনটো লগত লৈ কেতিয়াও নুশুব। আঠুৱাৰ তলত ৰাখি শুই নাথাকিব।

চলন্ত বিকিৰণৰ প্ৰভাৱৰ কিছু ইংগিতো লাভ কৰা হৈছে। নিজৰ লগত মোবাইল ৰাখি শুই থকাসকলৰ বাবে বিপদৰ বিষয়ে সকীয়াই দিছে WHO-এ। WHOৰ তথ্য অনুসৰি পেশীৰ বিষ, মূৰৰ বিষ আৰু প্ৰজনন ক্ষমতাও প্ৰভাৱিত হয়। ম’বাইলৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে টোপনি প্ৰেৰণাদায়ক হৰম’নৰ ভাৰসাম্যতাও বিঘ্নিত কৰে। ইয়াৰ বাবে টোপনিৰ অসুবিধা হয় আৰু জৈৱ চক্ৰতো বিঘিনি ঘটিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু