--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ অপ্ৰতিৰোধ্য গতিয়ে বিৰোধীৰ আশা ভংগ কৰিছে। বিগত কেইটামান বিধানসভা নিৰ্বাচনৰ তুলনাত বিজেপিয়ে এইবাৰ সৰ্বাধিক সংখ্যক আসনত আগবাঢ়ি আছে।  কিন্তু এনে কি যাদুৰ বলত বিজেপিয়ে ১৮২ জনীয়া গুজৰাট বিধানসভাৰ নিৰ্বাচনত এইবাৰ চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে? 

ইয়াৰ প্ৰধান কাৰণ হিচাবে বহুতেই মোদী ঢৌৰ কথাই কৈছে যদিও বিজেপিৰ লাখ কোটিটকীয়া আঁচনিৰ ঘোষণায়ো এইক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰা বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে মন্তব্য কৰিছে। বিজেপিৰ ২৭ বছৰীয়া শাসন কালত ৰাজ্যখনৰ যিবোৰ ঠাইত উন্নয়নৰ চিন-মোকাম নাছিস সেই ঠাইবোৰতো এইবাৰ মোদীয়ে হাজাৰ হাজাৰ কেটি টকাৰ আঁচনিৰ কথা ঘোষণা কৰিছে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্চ মাহৰ  পৰাই প্ৰতি মাহে কমেও এবাৰ গুজৰাট ভ্ৰমণ কৰিছিল। গুজৰাটৰ বিভিন্ন চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠান এপ্ৰিল মাবতে  আৰম্ভ হৈ গৈছিল।

হয় আধাৰশিলা স্থাপন ,  নহয় প্ৰকল্প উদ্বোধন , সকলো ক্ষেত্ৰতে ৰাজ্য খনত  বিজেপি আগত আছিল। গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোৱা সাত মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১.১৬ লাখ কোটি টকাৰো অধিক ধনৰ  চৰকাৰী প্ৰকল্প গুজৰাটবাসীক "উপহাৰ"  হিচাবে দিছে।  বিৰোধীয়ে অভিযোগ কৰিছে  যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা স্থাপন কৰি  বা হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰি চমক দিব বিচাৰিছিল।  মোদীয়ে  জুনত দুবাৰ গুজৰাট ভ্ৰমণ কৰিছে । তেওঁ অক্টোবৰত তিনিবাৰ গুজৰাটলৈ  গৈছিল। ভাগ লৈছিল ইটোৰ পিছত সিটোকৈ ৰোড শ্ব’ত। আনকি ভোটগ্হণৰ দিনাও মোদীয়ে ভোট কেন্দ্ৰৰ বাহিৰত ৰোড শ্ব’ৰ লেখীয়া পৰিবেশৰ সৃষ্টি কৰিছিল বুলি বিৰোধীয়ে নিৰ্বাচন আয়োগত অভিযোগ দিছিল।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে  গুজৰাটত চলিত বিত্তীয় বৰ্ষত এপ্ৰিলৰ পৰা অক্টোবৰলৈ ১,১৬,৭২০ কোটি টকাৰ চৰকাৰী প্ৰকল্পৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰিছে। ইয়াৰ ভিতৰত আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিও। ৰাজ্য চৰকাৰৰো বহু কেইটা  প্ৰকল্প আছে। আহমেদাবাদৰ পৰা বনসকন্ত, নৱসাৰীৰ পৰা চুৰাটলৈকে, গুজৰাটৰ কোনো অঞ্চল প্ৰধানমন্ত্ৰীৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ তালিকাৰ পৰা বাদ পৰা নাই। বিৰোধীৰ মতে এই বছৰৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থাৰ বাবে ১,০৪,০০০ কোটি টকা আৱণ্টন কৰিছে । প্ৰধানমন্ত্ৰীয়ে কেৱল গুজৰাট নিৰ্বাচনৰ বাবে অধিক ধনৰ আঁচনি 'উপহাৰ' দিছে।

বিৰোধীয়ে কৈছিল  যে প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ সমাপ্ত হোৱাৰ পিছতহে  নিৰ্বাচন আয়োগে গুজৰাটৰ নিৰ্বাচন ঘোষণা কৰিছে। যদি নিৰ্বাচন আগতীয়াকৈ ঘোষণা কৰা হয় আদৰ্শ আচৰণ বিধি জাৰী কৰা হ'লহেঁতেন।তেতিয়া  প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী, প্ৰকল্পৰ উদ্বোধন বা আধাৰশিলা স্থাপনত বাধা আহি পৰিলহেঁতেন বুলি বিৰোধীয়ে মন্তব্য কৰি আহিছে।

গুজৰাটৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে  টাটা-এয়াৰবাছৰ মালিকানাধীন বিমান কাৰখানাৰ আধাৰশিলা স্থাপন কৰিছিল। এই কোম্পানীটোত ২২,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব। গুজৰাটৰ আৰ্চেলৰমিত্তাল আৰু নিপ্পনৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত এটা তীখা প্ৰকল্পৰ সম্প্ৰসাৰণ অনুষ্ঠানতো মোদী উপস্থিত আছিল। ইয়াতো ৬০,০০০ কোটি টকাৰ বিনিয়োগ হ'ব।  অৰ্ধপৰিবাহী সামগ্ৰী  তৈয়াৰ কৰিবলৈ গুজৰাটত ফক্সকন আৰু বেদন্তৰ এটা যৌথ উদ্যোগ নিৰ্মাণ কৰা হ'ব। য'ত ১ লাখ ৫৪ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ'ব। ইয়াৰ অৰ্থ হৈছে যে ১.১৬ লাখ কোটি টকাৰ চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি মোদীয়ে নিৰ্বাচনী প্ৰচাৰত ৰাজ্যখনত ২.৩৬ লাখ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ  বাবে কৃতিত্ব দাবী কৰিব পাৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, মোদীয়ে মাৰ্চ মাহত গুজৰাটৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়, পঞ্চায়ত সন্মিলন আৰু খেল মহাকুম্ভত অংশগ্ৰহণ কৰিছিল। প্ৰকল্পটোৰ আধাৰশিলা এপ্ৰিলত স্থাপন হৈছিল। দাহোদ, পঞ্চমহল, বদোদৰা, নৱসাৰী, চাবৰকান্থা, ভালচাদ, আহমেদাবাদ, ভাৰুচ, চুৰাট, ৰাজকোট, জুনাগড়, মেহছানা আদিতো কোটি কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু