--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱ সীমান্তত এতিয়া কুঁৱলীৰ তাণ্ডল চলিছে। সেই এলেকাত দিনত উৎকট গৰম হোৱাৰ লগতে নিশা শীতৰ প্ৰকোপ বাঢ়ে। পঞ্জাৱ সীমান্তত নিয়োজিত এজন বিএছএফ জোৱানক শেহতীয়াকৈ   পাকিস্তান সেনাই আটক কৰে। অৱশ্যে, দুয়োখন দেশৰ সামৰিক বিষয়াসকলৰ মাজত হোৱা বৈঠকৰ পিছত বন্দী সৈনিকজনক পাকিস্তানে মুক্তি দিব বুলি কৈছে।

সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন জোৱানক পাকিস্তান সেনাই সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পিছতে বন্দী কৰে।পাঞ্জাৱ খণ্ডৰ ওচৰত ভুলবশতঃ সীমান্ত পাৰ হোৱাৰ সময়তে পাকিস্তানৰ সেনাই তেওঁক আটক কৰে। বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ বিষয়াসকলে নিশ্চিত কৰে যে বিএছএফ জোৱানজনক সোনকালে ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে।

সেনাৰ এজন বিষয়াই কয়  যে জোৱানজনে ঘন কুঁৱলীৰ বাবে  বুধবাৰে পুৱা ভুলবশতঃ সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতে তেওঁক পাকিস্তানী সেনাই বন্দী কৰে। ইতিমধ্যে আটক কৰা সৈনিকসকলক ঘূৰাই অনাৰ বাবে দুয়োখন দেশৰ সেনা বিষয়াসকলৰ মাজত আলোচনা চলি আছে, বিষয়াজনে কয়।

উল্লেখ্য  এসপ্তাহৰ ভিতৰতে পাঞ্জাৱ সীমান্তৰ পৰা পাকিস্তানৰ সেনাই দুজন ভাৰতীয় সৈনিকক বন্দী কৰিছে। যোৱা  ১ ডিচেম্বৰত এজন ভাৰতীয় সৈন্যই পঞ্জাৱৰ আবোহাৰ চেক্টৰত  ভাৰত-পাক সীমান্তৰে   ভুলবশতঃ সীমান্ত পাৰ হৈ পাকিস্তানলৈ গৈছিল। অৱশ্যে একেদিনাই দুয়োখন দেশৰ সামৰিক বিষয়াসকলৰ মাজত হোৱা বৈঠকৰ পিছত পাকিস্তানে বন্দী বিএছএফ জোৱানজনক ভাৰতলৈ ঘূৰাই পঠিয়াইছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক