--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱ সীমান্তত এতিয়া কুঁৱলীৰ তাণ্ডল চলিছে। সেই এলেকাত দিনত উৎকট গৰম হোৱাৰ লগতে নিশা শীতৰ প্ৰকোপ বাঢ়ে। পঞ্জাৱ সীমান্তত নিয়োজিত এজন বিএছএফ জোৱানক শেহতীয়াকৈ   পাকিস্তান সেনাই আটক কৰে। অৱশ্যে, দুয়োখন দেশৰ সামৰিক বিষয়াসকলৰ মাজত হোৱা বৈঠকৰ পিছত বন্দী সৈনিকজনক পাকিস্তানে মুক্তি দিব বুলি কৈছে।

সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন জোৱানক পাকিস্তান সেনাই সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পিছতে বন্দী কৰে।পাঞ্জাৱ খণ্ডৰ ওচৰত ভুলবশতঃ সীমান্ত পাৰ হোৱাৰ সময়তে পাকিস্তানৰ সেনাই তেওঁক আটক কৰে। বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ বিষয়াসকলে নিশ্চিত কৰে যে বিএছএফ জোৱানজনক সোনকালে ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে।

সেনাৰ এজন বিষয়াই কয়  যে জোৱানজনে ঘন কুঁৱলীৰ বাবে  বুধবাৰে পুৱা ভুলবশতঃ সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতে তেওঁক পাকিস্তানী সেনাই বন্দী কৰে। ইতিমধ্যে আটক কৰা সৈনিকসকলক ঘূৰাই অনাৰ বাবে দুয়োখন দেশৰ সেনা বিষয়াসকলৰ মাজত আলোচনা চলি আছে, বিষয়াজনে কয়।

উল্লেখ্য  এসপ্তাহৰ ভিতৰতে পাঞ্জাৱ সীমান্তৰ পৰা পাকিস্তানৰ সেনাই দুজন ভাৰতীয় সৈনিকক বন্দী কৰিছে। যোৱা  ১ ডিচেম্বৰত এজন ভাৰতীয় সৈন্যই পঞ্জাৱৰ আবোহাৰ চেক্টৰত  ভাৰত-পাক সীমান্তৰে   ভুলবশতঃ সীমান্ত পাৰ হৈ পাকিস্তানলৈ গৈছিল। অৱশ্যে একেদিনাই দুয়োখন দেশৰ সামৰিক বিষয়াসকলৰ মাজত হোৱা বৈঠকৰ পিছত পাকিস্তানে বন্দী বিএছএফ জোৱানজনক ভাৰতলৈ ঘূৰাই পঠিয়াইছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু