--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ ৰাজনীতিৰ পৰা দীৰ্ঘদিন ধৰি এলাগী হৈ থকা প্ৰক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৰ ৰাজ্যৰ ৰাজনীতিত নতুন ৰূপত আত্ম প্ৰকাশ কৰিছে। ৰাজ্যৰ ৰাজনীতিত সোণোৱালৰ এনে উত্থানে গেৰুৱা দলটোৰ বহু নেতা-কৰ্মীক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে। 

তেনে উৎসাহৰে বহিঃ প্ৰকাশ কালি দেখিবলৈ পোৱা গ’ল ডিব্ৰুগড়ত। কালি পোনে পোনে আহি ডিব্ৰুগড়ত অৱতৰণ কৰা সোণোৱালক দলীয় কৰ্মীয়ে যি ভাবে আদৰণি জনালে সেয়া সঁচাকৈয়ে বহুতৰে বাবে অকল্পনীয় আছিল। পাঁচ হাজাৰৰো অধিক দলীয় কৰ্মীয়ে সোণোৱালক আদৰণি জনোৱাৰ কথাই ৰাজ্যৰ ৰাজনীতত সোণোৱাল যে অধিক প্ৰাসংগিক হৈ পৰিছে তাকেই প্ৰতীয়মাণ কৰা বুলি বহুতে আলোচনা কৰিছে। উল্লেখ্য বিগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে সৰ্বানন্দ সোণোৱালক এক বিশেষ লবীয়ে ৰাজ্যৰ ৰাজনীতিৰ পৰা এলাগী কৰিবলৈ তৎপৰ হৈ উঠা বুলি অবিযোগ উত্থাপন হৈছিল।

 তাৰ পিছতে নিৰৱে দিল্লীলৈ গুচি গৈছিল সোণোৱাল। শিৰত প্ৰধানমন্ত্ৰী মোদীৰ আশিষ থকা সোণোৱালক অৰ্পন কৰা হৈছিল গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰীৰ বাব। কেৱল সেয়াই নহয়, সোণোৱালক অধিক শক্তিশালী কৰি মোদীয়ে তেওঁৰ ওপৰত অৰ্পন কৰিছে আন কেইবাটাও গধুৰ দায়িত্ব। তেনে দায়িত্ব লাভ কৰাৰ পিছত কালি সোণোৱালে দ্বিতীবাৰৰ বাবে অসমলৈ আহে।

কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূবৰ ভিতৰতে বিজেপিৰ সংসদীয় পৰিষদত স্থান লাভ কৰা একমাত্ৰ ব্যক্তি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ প্ৰথমবাৰ অহাৰ সময়ত গুৱাহাটীৰ  বিমান বন্দৰৰ পৰাই তেওঁক ঢোলে দগৰে আদৰি অনা হ’ব বুলি ভবা হৈছিল যদিও কাৰ্যতঃ তেনে হোৱা নাছিল। প্ৰথমবাৰ অসমলৈ আহোতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিমান বন্দৰৰ পৰা আদৰি আনিবলৈ বিজেপিৰ নগন্য সংখ্যক নেতা তথা সমৰ্থকহে যোৱা দেখা গৈছিল। 

শেহতীয়াকৈ  বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তিকৰণৰ সমান্তৰালভাৱে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালৰ নাম । এয়া কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূবৰ বাবেই গৌৰৱৰ বিষয়। কিন্তু এনে বিষয়কলৈ যেন গেৰুৱা দলটোৰ সৰহ সংখ্যক নেতা-কৰ্মীয়ে খোলা মনেৰে আনন্দ প্ৰকাশ কৰিব  পৰা নাছিল। কাৰোৱাৰ ৰোষত পৰাৰ ভয়তে হওঁক বা আন কোনো কাৰণতে হওঁক বহু বিজেপি নেতা-কৰ্মীয়ে সৰ্বানন্দ সোণোৱালৰ প্ৰথমবাৰৰ অসম আগমণকলৈ উদাসীন হৈ আছিল। 

আন নালাগে ৰামেশ্বৰ তেলীৰ দৰে দলটোৰ জ্যেষ্ঠ নেতায়ো প্ৰকাশ্যে কৈছিল যে সোণোৱাল অসমলৈ অহাৰ কথা তেওঁ গমেই নাপায়।  কিন্তু কালি দ্বিতীয়বাৰ অসমলৈ অহাৰ সময়ত ডিব্ৰুগড়ত দেখা গ’ল এখন বিপৰীত ছবি। হাজাৰ হাজাৰ সমৰ্থকে সোণোৱালক ডিব্ৰুগড়ত আদৰণি জনোৱাৰ দৃশ্যই বহুতৰে চকু থৰ লগালে। আনকি বিজেপিৰ মতাদৰ্শৰ সৈতে মিল নথকা বহুতেও সোণোৱালৰ অসম আগমণকলৈ সন্তুষ্টি প্ৰকাশ কৰা দেখা গ’ল।

উল্লেখ্য মোদীৰ উদ্যোগতে সোণোৱালক কেন্দ্ৰীয় সংসদীয় পৰিষদৰ লগতে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে। মোদীৰ ’ব্লু আইড বয়’ সোণোৱালকলৈ মোদীৰ আৰু বহু পৰিকল্পনা আছে বুলি ৰাজনীতিৰ ভু ৰখা মহলে প্ৰকাশ কৰিছে। গেৰুৱা দলটোৰ দুটাকৈ সন্মানীয় পদত অধিষ্ঠিত হোৱাৰ পিছত অসমলৈ অহা সৰ্বানন্দ সোণোৱালে যোগ্য সন্মান পোৱা নাই বুলি আলোচনা হ’লেও পিছে এই প্ৰসংগত ঘূণাক্ষৰেও মন্তব্য কৰা নাই সোণোৱালে। 

ঠিক যি দৰে মুখ্যমন্ত্ৰীৰ আসন খন এৰি দিবলগীয়া হোৱাৰ পিছতো তেওঁ কাৰো বিৰুদ্ধে কোনো অভিযোগ বা আপত্তিকৰ মন্তব্য কৰা নাছিল। ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক ঘটনাৱলীত যেন সোণোৱাল কিছু অতিষ্ঠ হৈছে সেয়ে দলীয় সভাতেই সোণোৱালে কৈছিল ’বিজেপিত কোনো ব্যক্তি পূজা নচলে, দলৰ পূজা চলে। দলক পূজা কৰা মানেই দেশক পূজা কৰা। কোনো ব্যক্তিক সন্তুষ্ট কৰিবলৈ নহয়, সমাজক সুখী কৰিবৰ বাবেহে বিজেপিত সিদ্ধান্ত লোৱা হয়।। আজি ম‍ই যি পদত আছো, সেয়া স্থায়ী বুলি ভাবি লোৱা উচিত নহয়; কাৰণ আজি দলে মোক প্রয়োজন বুলি ভাবিছে আৰু কাইলৈ  আনক এই স্থানত প্ৰয়োজন বুলি ভাবিব পাৰে । গতিকে দলে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্ত আমি সকলোৱে শ্রদ্ধা সহকাৰে গ্ৰহণ কৰি দেশৰ স্বাৰ্থত দলৰ মঞ্চত সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিম।'  

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ মতৰ বিপৰীতে গৈ অসমৰ বিজেপি নেতৃত্বধীন চৰকাৰ খনে ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী ভাষাত পাঠদান কৰিবলৈ লোৱা সিদ্ধান্তই বহুতকে বিক্ষুদ্ধ কৰি তুলিছে।বিক্ষুদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত বিজেপিক ভোট দি চৰকাৰ গঠনত সহায় কৰা লোকো বহু আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাত শিক্ষাৰ বিষয়ত জোৰ দি আহিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ তো মাতৃভাষাৰেই শিক্ষা প্ৰদানত জোৰ দিয়া হৈছে। কিন্তু চৰকাৰৰ বহুতেই নিজৰ মতেহে সকলো কৰিব বিচাৰিছে বুলি অভিযোগ উঠিছে।

এনে অভিযোগসমূহে আনকি মোদীয়ে কৈ অহা কথাবোৰক অৰ্থহীন কৰি তোলা বুলিও বহুতে আলোচনা কৰিছে। বহুতৰে মতে অসমত এতিয়া চৰকাৰ চলিছে এজন বা দুজন নেতাৰ ইচ্ছানুসৰিহে। জনতাৰ বাক স্বাধীনতা খৰ্ব হোৱাৰ অভিযোগেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে। সেয়ে গৰিষ্ঠ সংখ্যক জনতাই এতিয়া এনে পৰিস্থিতিৰ পৰা মুক্ত হ’ব বিচাৰিছে। এনে সময়তে ৰাজ্যৰ ৰাজনীতত সৰ্বানন্দ সোণোৱালৰ পুনৰ উত্থানে বহুতোকে আশান্বিত কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু