--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেহৰু মেম’ৰিয়েল মিউজিয়ামৰ নাম সলনি কৰাৰ পাছত মোদী চৰকাৰৰ নেতৃত্বত নাম পৰিৱৰ্তন কৰা ঠাইবোৰৰ পুনৰ এবাৰ চৰ্চা আৰম্ভ হৈছে। জানো আহক সেই স্থানবোৰৰ বিষয়ে সবিশেষ-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে (১৬ জুন) দিল্লীৰ ত্ৰিমূৰ্তি ভৱন কমপ্লেক্সত অৱস্থিত নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী ছ’চাইটিৰ নাম সলনি কৰে। এতিয়া ইয়াৰ নাম সলনি কৰি ‘প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰাল সমাজ’ কৰা হৈছে।


২০২৩ চনৰ ২৮ জানুৱাৰীত ভাৰত চৰকাৰে ৰাষ্ট্ৰপতি ভৱনত থকা ‘মোগল উদ্যান’ৰ নাম সলনি কৰি ‘অমৃত উদ্যান’ কৰে। বাগিচাখনত বহুতো জাতৰ গোলাপ, টিউলিপ আৰু ঋতুভিত্তিক ফুলে ইয়াক এক সুন্দৰ ৰূপ দিয়ে। প্ৰতি বসন্ততে ইয়াক জনসাধাৰণৰ বাবে মুকলি কৰা হয়।


২০২২ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে দিল্লীৰ ৰাজপথৰ নাম সলনি কৰি কৰ্তব্য পাঠ কৰা হয়। ইয়াৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰায়চিনা পাহাৰৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা বিজয় চক, ইণ্ডিয়া গেট আৰু ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক হৈ ৰাষ্ট্ৰীয় ষ্টেডিয়ামলৈ যায়। প্ৰতি বছৰে গণৰাজ্য দিৱসৰ পেৰেড এই পথৰ মাজেৰে পাৰ হৈ যায়। ভাৰতত ইংৰাজৰ শাসনৰ সময়ত ইয়াক কিংছৱে নামেৰে জনা গৈছিল।

 
২০১৫ চনত দিল্লীৰ ৰেচ কোৰ্চ ৰোডৰ নাম সলনি কৰি লোক কল্যাণ মাৰ্গ ৰখা হয়। এই পথতে প্ৰধানমন্ত্ৰীৰ বাসগৃহ। সেই বছৰতে ঔৰংজেব পথৰ নাম সলনি কৰি এ পি জে আব্দুল কালাম মাৰ্গ ৰখা হয়। ২০১৭ চনত ডালহাউজি ৰোডৰ নাম সলনি কৰি দাৰা শ্বিকোহ মাৰ্গ ৰখা হয়।

প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ স্মৃতিত দিল্লীৰ ফিৰোজশ্বাহ কোটলা ক্ৰিকেট ষ্টেডিয়ামৰ নাম সলনি কৰা হয়। ২০১৯ চনৰ ১২ ছেপ্টেম্বৰত ইয়াৰ নাম সলনি কৰি অৰুণ জেটলী ষ্টেডিয়াম কৰা হয়। ২০১৯ চনৰ ২৪ আগষ্টত প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ মৃত্যু হয়।


২০১৯ চনৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ নাম সলনি কৰি প্ৰয়াগৰাজ কৰা হয়। আগতে ইয়াৰ নাম প্ৰয়াগৰাজ আছিল যদিও মোগল শাসক আকবৰৰ ৰাজত্বকালত ইয়াৰ নাম আছিল এলাহাবাদ। প্ৰয়াগৰাজ হৈছে তিনিখন গংগা, যমুনা আৰু সৰস্বতী নদীৰ পবিত্ৰ সংগম য'ত কুম্ভমেলা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত বৃহৎ সংখ্যক ভক্তই উপস্থিত হয়।


২০১৮ চনত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে যেতিয়া এলাহাবাদৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়াও ফৈজবাদ জিলাৰ নাম অযোধ্যালৈ সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অযোধ্যা শ্ৰীৰামৰ জন্মস্থান, য'ত শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ কৰা হৈছে।


২০১৮ চনৰ ৫ আগষ্টত উত্তৰ প্ৰদেশৰ মোগলচৰাই জংছনৰ নাম সলনি কৰি ‘পণ্ডিত দীন দয়াল উপাধ্যায় জংছন’ ৰখা হয়। একে সময়তে মোগলচৰাই চহৰৰ নাম পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ নামেৰে নামাকৰণ কৰা হয়।


২০১৬ চনৰ ১২ এপ্ৰিলত হাৰিয়ানাৰ গুৰগাঁও চহৰৰ নাম সলনি কৰি গুৰুগ্ৰাম কৰা হয়।


২০২২ চনৰ ৭ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশৰ হোছাংগাবাদ জিলাৰ নাম সলনি কৰি নৰ্মদাপুৰম ৰখা হয়। একে সময়তে তাত থকা বাবাইৰ নামটো সলনি কৰি মাখান নগৰ কৰা হ’ল। মহাকবি মাখন লাল চতুৰ্বেদীৰ নামেৰে মাখন নগৰৰ নামকৰণ কৰা হৈছিল।


২০১৭ চনত ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নামৰ আধাৰত ‘ইন্দিৰা গান্ধী চেণ্টাৰ অৱ ছাষ্টেইনেবল ডেভেলপমেণ্ট’ৰ নাম কেন্দ্ৰীয় চৰকাৰে সলনি কৰে। ইয়াক ‘অক্সফৰ্ড ইণ্ডিয়া চেণ্টাৰ ফৰ চাষ্টেইনেবল ডেভেলপমেণ্ট’লৈ সলনি কৰা হৈছিল।


২০২১ চনৰ ৬ আগষ্টত ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম সলনি কৰি মেজৰ ধ্যানচান্দ খেলৰত্ন কৰা হয়।


তদুপৰি মোদী চৰকাৰৰ দিনতো বহু আঁচনিৰ নাম সলনি কৰা হৈছে। ইন্দিৰা আৱাস যোজনাৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰূপ দিয়া হয়। ইন্দিৰা গান্ধী মাতৃত্ব সহযোগ যোজনাৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনা কৰা হয়। ৰাজীৱ গ্ৰামীণ বৈদ্যুতিকৰণ যোজনাৰ নাম সলনি কৰি দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা কৰা হয়। ৰাজীৱ আৱাস যোজনাৰ নাম সলনি কৰি চৰ্দাৰ পেটেল ৰাষ্ট্ৰীয় নগৰীয়া গৃহ নিৰ্মাণ অভিযান নামেৰে নামাকৰণ কৰা হয়৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
অমিত শ্বাহে উন্মোচন কৰিলে অসমৰ বান বিষয়ক মানচিত্র
তীব্র হৈছে ইজৰাইল-ইৰানৰ যুদ্ধ
ভাৰত অভিমুখী ব'য়িঙৰ ২খন বিমানত কাৰিকৰী বিজুতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?