--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত সাধ্বী প্ৰজ্ঞাৰ প্ৰসংগ৷ নিৰ্বাচনমুখী মধ্যপ্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচাৰ অভিযানৰ পৰা বাদ পৰিছে মালেগাওঁ বিস্ফোৰণৰ অভিযুক্ত তথা ভোপালৰ বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ।


২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভোপালৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি বিতৰ্কৰ সৃষ্টি হোৱা সাধ্বীৰ বাবে ই এক ডাঙৰ পতন।২০১৯ চনত প্ৰজ্ঞা ঠাকুৰে ভোপালত কংগ্ৰেছৰ প্ৰবীণ নেতা দিগ্বিজয় সিঙক ৩.৬৫ লাখ ভোটত পৰাস্ত কৰে।জয়ে হোৱাৰ মাত্ৰ ছমাহৰ পাছত ২০১৯ চনৰ নৱেম্বৰ মাহত মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক “দেশপ্ৰেমিক” বুলি অভিহিত কৰি তেওঁ এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছিল। লোকসভাত কৰা মন্তব্যক লৈ ইমানেই ক্ষোভৰ সৃষ্টি হৈছিল যে পেনেলত মনোনীত হোৱাৰ মাত্ৰ আঠ দিনৰ পাছতেই লাজত পৰা বিজেপিয়ে তেওঁক প্ৰতিৰক্ষা বিষয়ত সংসদীয় পৰামৰ্শদাতা সমিতিৰ পৰা বাদ দিছিল।


বিজেপিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাৰ মতে, ভোপালৰ প্ৰাৰ্থীকে ধৰি একাংশ দলীয় প্ৰাৰ্থীয়ে লোকসভাৰ আসনখনক প্ৰতিনিধিত্ব কৰা ঠাকুৰৰ অবিহনে নিজৰ সমষ্টিত প্ৰচাৰ চলাব পাৰিব বুলি দলৰ নেতৃত্বক অনুৰোধ জনাইছিল।আন এগৰাকী বিজেপি নেতাই কয় যে তাৰকা প্ৰচাৰক তালিকা চূড়ান্ত কৰাৰ বাবে অনুষ্ঠিত এখন বৈঠকৰ সময়ত অনুভৱ কৰা হৈছিল যে ঠাকুৰক তালিকাত অন্তৰ্ভুক্ত কৰাটো উপযুক্ত নহ’ব কাৰণ তেওঁ অপ্ৰয়োজনীয়ভাৱে দৃষ্টি আকৰ্ষণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ