--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত সাধ্বী প্ৰজ্ঞাৰ প্ৰসংগ৷ নিৰ্বাচনমুখী মধ্যপ্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচাৰ অভিযানৰ পৰা বাদ পৰিছে মালেগাওঁ বিস্ফোৰণৰ অভিযুক্ত তথা ভোপালৰ বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ।


২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভোপালৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি বিতৰ্কৰ সৃষ্টি হোৱা সাধ্বীৰ বাবে ই এক ডাঙৰ পতন।২০১৯ চনত প্ৰজ্ঞা ঠাকুৰে ভোপালত কংগ্ৰেছৰ প্ৰবীণ নেতা দিগ্বিজয় সিঙক ৩.৬৫ লাখ ভোটত পৰাস্ত কৰে।জয়ে হোৱাৰ মাত্ৰ ছমাহৰ পাছত ২০১৯ চনৰ নৱেম্বৰ মাহত মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক “দেশপ্ৰেমিক” বুলি অভিহিত কৰি তেওঁ এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছিল। লোকসভাত কৰা মন্তব্যক লৈ ইমানেই ক্ষোভৰ সৃষ্টি হৈছিল যে পেনেলত মনোনীত হোৱাৰ মাত্ৰ আঠ দিনৰ পাছতেই লাজত পৰা বিজেপিয়ে তেওঁক প্ৰতিৰক্ষা বিষয়ত সংসদীয় পৰামৰ্শদাতা সমিতিৰ পৰা বাদ দিছিল।


বিজেপিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাৰ মতে, ভোপালৰ প্ৰাৰ্থীকে ধৰি একাংশ দলীয় প্ৰাৰ্থীয়ে লোকসভাৰ আসনখনক প্ৰতিনিধিত্ব কৰা ঠাকুৰৰ অবিহনে নিজৰ সমষ্টিত প্ৰচাৰ চলাব পাৰিব বুলি দলৰ নেতৃত্বক অনুৰোধ জনাইছিল।আন এগৰাকী বিজেপি নেতাই কয় যে তাৰকা প্ৰচাৰক তালিকা চূড়ান্ত কৰাৰ বাবে অনুষ্ঠিত এখন বৈঠকৰ সময়ত অনুভৱ কৰা হৈছিল যে ঠাকুৰক তালিকাত অন্তৰ্ভুক্ত কৰাটো উপযুক্ত নহ’ব কাৰণ তেওঁ অপ্ৰয়োজনীয়ভাৱে দৃষ্টি আকৰ্ষণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক