--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কামৰ হেঁচাৰ মাজতে জংঘল ছাফাৰীৰ বাবে ওলাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক নতুন ৰূপ জংঘল চাফাৰীৰ পূৰ্বে সকলোৰে সন্মুখলৈ আহিছে।  শেহতীয়া ছবিবোৰত প্ৰধানমন্ত্ৰীক সম্পূৰ্ণ বেলেগ ৰূপত দেখা গৈছে।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  টাইগাৰ  প্ৰকল্পৰ ৫০ বছৰ  সম্পূৰ্ণ হোৱা উপলক্ষে কৰ্ণাটকৰ বান্দিপুৰ আৰু মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ভ্ৰমণ কৰিব। টাইগাৰ ৰিজাৰ্ভলৈ যোৱাৰ আগতে প্ৰধানমন্ত্ৰী মোদীৰ নতুন ৰূপ  প্ৰকাশ পাইছে।


টাইগাৰ ছাফাৰীলৈ যোৱাৰ আগতে প্ৰধানমন্ত্ৰী মোদীয়ে কেমোফ্লেজ হাফ চাৰ্ট, পেণ্ট, মূৰত টুপী আৰু হাফ জেকেট পিন্ধি  টাইগাৰ প্ৰক্লপলৈ ওলাইছে। উল্লেখ্য ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন ১০ মে'ত অনুষ্ঠিত হ'ব। ফলাফল ১৩ মে'ত ঘোষণা কৰা হ'ব। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে  কৰ্ণাটক ভ্ৰমণ কৰিবলৈ ওলাইছে বুলি ধাৰণা কৰা হৈছে। 

বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে অৰণ্য বচাবলৈ কাম কৰা ফ্ৰণ্টলাইন ফিল্ড ষ্টাফ, আত্মসহায়ক গোটৰ লোকসকলকো সাক্ষাৎ কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে মাদুমালাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত অৱস্থিত থেপাকাডু হাতী শিবিৰো পৰিদৰ্শন কৰিব।

 ২০১৯ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়াত বন্য জন্তুৰ অবৈধ ব্যৱসায় আৰু চিকাৰ বন্ধ কৰিবলৈ এলায়েন্স অৱ গ্লোবেল লিডাৰ গঠনৰ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে আজি টাইগ প্ৰকল্পৰ ৫০ বছৰ উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সময়ছোৱাত তেওঁ অমৃত কালৰ বাঘ সংৰক্ষণৰ বাবে ভিজন নামৰ কিতাপখন মুকলি কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল