--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কামৰ হেঁচাৰ মাজতে জংঘল ছাফাৰীৰ বাবে ওলাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক নতুন ৰূপ জংঘল চাফাৰীৰ পূৰ্বে সকলোৰে সন্মুখলৈ আহিছে।  শেহতীয়া ছবিবোৰত প্ৰধানমন্ত্ৰীক সম্পূৰ্ণ বেলেগ ৰূপত দেখা গৈছে।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  টাইগাৰ  প্ৰকল্পৰ ৫০ বছৰ  সম্পূৰ্ণ হোৱা উপলক্ষে কৰ্ণাটকৰ বান্দিপুৰ আৰু মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ভ্ৰমণ কৰিব। টাইগাৰ ৰিজাৰ্ভলৈ যোৱাৰ আগতে প্ৰধানমন্ত্ৰী মোদীৰ নতুন ৰূপ  প্ৰকাশ পাইছে।


টাইগাৰ ছাফাৰীলৈ যোৱাৰ আগতে প্ৰধানমন্ত্ৰী মোদীয়ে কেমোফ্লেজ হাফ চাৰ্ট, পেণ্ট, মূৰত টুপী আৰু হাফ জেকেট পিন্ধি  টাইগাৰ প্ৰক্লপলৈ ওলাইছে। উল্লেখ্য ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন ১০ মে'ত অনুষ্ঠিত হ'ব। ফলাফল ১৩ মে'ত ঘোষণা কৰা হ'ব। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে  কৰ্ণাটক ভ্ৰমণ কৰিবলৈ ওলাইছে বুলি ধাৰণা কৰা হৈছে। 

বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে অৰণ্য বচাবলৈ কাম কৰা ফ্ৰণ্টলাইন ফিল্ড ষ্টাফ, আত্মসহায়ক গোটৰ লোকসকলকো সাক্ষাৎ কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে মাদুমালাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত অৱস্থিত থেপাকাডু হাতী শিবিৰো পৰিদৰ্শন কৰিব।

 ২০১৯ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়াত বন্য জন্তুৰ অবৈধ ব্যৱসায় আৰু চিকাৰ বন্ধ কৰিবলৈ এলায়েন্স অৱ গ্লোবেল লিডাৰ গঠনৰ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰী মোদীয়ে আজি টাইগ প্ৰকল্পৰ ৫০ বছৰ উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সময়ছোৱাত তেওঁ অমৃত কালৰ বাঘ সংৰক্ষণৰ বাবে ভিজন নামৰ কিতাপখন মুকলি কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement